--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • থাইলেণ্ডৰ সংসদৰ নিম্ন সদনৰ সচিব প্রধান আপাথ সুখানন্তে দেওবাৰে কয় যে দেশখনৰ ৰজাৰ সন্মতিক্রমে আনুটিন চার্নভিৰাকুলক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়া হৈছে।

ডিজিটেল ডেস্ক : থাইলেণ্ডত কেইবামাহো ধৰি চলি থকা ৰাজনৈতিক অস্থিৰতাৰ অন্ত পেলাই দেশখনৰ বিশিষ্ট উদ্যোগী আৰু প্রবীণ ৰাজনীতিক আনুটিন চার্নভিৰাকুলে থাইলেণ্ডৰ নতুন প্রধানমন্ত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। 


থাইলেণ্ডৰ সংসদৰ নিম্ন সদনৰ সচিব প্রধান আপাথ সুখানন্তে দেওবাৰে কয় যে দেশখনৰ ৰজাৰ সন্মতিক্রমে আনুটিন চার্নভিৰাকুলক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়া হৈছে। বেংককস্থিত আনুটিনৰ ভুমজাইথাই দলৰ মুখ্য কার্যালয়ত এই ঘোষণা কৰা হয়। 


উল্লেখযোগ্য যে চুবুৰীয়া কম্বোডিয়াৰ সাংসদ এজনৰ সৈতে হোৱা গোপন টেলিফ'নিক বার্তালাপক লৈ দেশখনৰ প্রাক্তন প্রধানমন্ত্রী পে'টংটার্ন শ্বিনাৱাত্ৰাৰ বিৰুদ্ধে প্রবল প্রতিবাদ হৈছিল আৰু ইয়াৰ পাছত যোৱা সপ্তাহত শ্বিনাৱাত্রাক ৰাজনৈতিক গোপনীয়তা ভংগ কৰা কৰাৰ অভিযোগত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰা হৈছিল। 


বৰ্তমানৰ প্ৰধানমন্ত্ৰীজনে পূৰ্বৰ শ্বিনাৱাত্ৰাৰ মন্ত্রীসভাত দেশখনৰ উপ-প্রধানমন্ত্রী আৰু গৃহ মন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ