--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • থাইলেণ্ডৰ সংসদৰ নিম্ন সদনৰ সচিব প্রধান আপাথ সুখানন্তে দেওবাৰে কয় যে দেশখনৰ ৰজাৰ সন্মতিক্রমে আনুটিন চার্নভিৰাকুলক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়া হৈছে।

ডিজিটেল ডেস্ক : থাইলেণ্ডত কেইবামাহো ধৰি চলি থকা ৰাজনৈতিক অস্থিৰতাৰ অন্ত পেলাই দেশখনৰ বিশিষ্ট উদ্যোগী আৰু প্রবীণ ৰাজনীতিক আনুটিন চার্নভিৰাকুলে থাইলেণ্ডৰ নতুন প্রধানমন্ত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। 


থাইলেণ্ডৰ সংসদৰ নিম্ন সদনৰ সচিব প্রধান আপাথ সুখানন্তে দেওবাৰে কয় যে দেশখনৰ ৰজাৰ সন্মতিক্রমে আনুটিন চার্নভিৰাকুলক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়া হৈছে। বেংককস্থিত আনুটিনৰ ভুমজাইথাই দলৰ মুখ্য কার্যালয়ত এই ঘোষণা কৰা হয়। 


উল্লেখযোগ্য যে চুবুৰীয়া কম্বোডিয়াৰ সাংসদ এজনৰ সৈতে হোৱা গোপন টেলিফ'নিক বার্তালাপক লৈ দেশখনৰ প্রাক্তন প্রধানমন্ত্রী পে'টংটার্ন শ্বিনাৱাত্ৰাৰ বিৰুদ্ধে প্রবল প্রতিবাদ হৈছিল আৰু ইয়াৰ পাছত যোৱা সপ্তাহত শ্বিনাৱাত্রাক ৰাজনৈতিক গোপনীয়তা ভংগ কৰা কৰাৰ অভিযোগত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰা হৈছিল। 


বৰ্তমানৰ প্ৰধানমন্ত্ৰীজনে পূৰ্বৰ শ্বিনাৱাত্ৰাৰ মন্ত্রীসভাত দেশখনৰ উপ-প্রধানমন্ত্রী আৰু গৃহ মন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ