--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাক অধিকৃ কাশ্মীৰ সন্দভত আজি পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ  ৰাজ্যিক মন্ত্ৰী অৱসৰপ্ৰাপ্ত জেনেৰেল ভি কে সিঙে মন্তব্য কৰে। তেওঁ কয়   যে কিছু দিনৰ পিছত পাকিস্তান অধিকৃত কাশ্মীৰ (পিঅ'কে) স্বয়ংক্ৰিয়ভাৱে ভাৰতৰ সৈতে একত্ৰিত হ'ব।কিঙে কয়  "কিছু দিন ৰৈ থাকক, পিঅ'কে স্বয়ংক্ৰিয়ভাৱে ভাৰতৰ সৈতে একত্ৰিত হ'ব," । ৰাজস্থানৰ দৌচাত সিঙে এই মন্তব্য কৰে।  পিঅ'কেৰ চিয়া মুছলমানসকলে  ভাৰতলৈ অহাৰ পথ কেতিয়া প্ৰশস্ত হ’ব তাকেলৈ  সোধা এক প্ৰশ্নৰ উত্তৰত সাঙে তেনেদৰে কয়।  

জি-২০ৰ সফলতা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়: "জি-২০ অনুষ্ঠান সফল হৈছে৷ এনে ধৰণৰ সংগঠিত অনুষ্ঠান আগতে কেতিয়াও হোৱা নাছিল। দেশৰ ৬০ খন চহৰত প্ৰায় ২০০ খন সভাৰ আয়োজন কৰা হৈছিল।" তেওঁ কয় যে আন দেশসমূহেও এনে এক সফল অনুষ্ঠান আয়োজন কৰাৰ বাবে ভাৰতক প্ৰশংসা কৰিছে।সিঙে কয় " ভাৰতে সমষ্টিগতভাৱে এটা ডাঙৰ বিজয় অৰ্জন কৰিছে ,সন্মিলনত ইস্তাহাৰ জাৰি কৰা হৈছে। ইউক্ৰেইনকে ধৰি বহুতো বিষয়ত বিশ্ব বিভক্ত আছিল, কিন্তু প্ৰধানমন্ত্ৰী মোডীৰ জ্ঞানেৰে আমি সকলোৱে একেলগে এটা উপায় বিচাৰি পাইছো , যি বিষয়ত কোনো দেশৰ কোনো আপত্তি নাই,"। 

 দৌচাত বিজেপিৰ পৰিৱৰ্তন সংকল্প যাত্ৰাত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এনেদৰে  কয়৷ তেওঁ কয় যে জৈৱ ইন্ধন মিত্ৰজোঁট গঠন আৰু ভাৰতৰ পৰা ইউৰোপলৈ কৰিডৰ নিৰ্মাণে ভাৰতৰ অৰ্থনৈতিক প্ৰগতিৰ পথ প্ৰশস্ত কৰিব৷ তেওঁ কয়, "কংগ্ৰেছ নেতা শশী থাৰুৰেও জি-২০ৰ যুটীয়া ঘোষণাক আদৰণি জনাইছে।" ৰাজ্যখনত বিজেপিৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হোৱা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত  তেওঁ কয় যে য'তেই নিৰ্বাচন অনুষ্ঠিত হয়, বিজেপিয়ে কেতিয়াও মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী    ঘোষণা নকৰে।  তেওঁ কয় " সকলোৱে ধৰি লোৱা উচিত যে দলটোৱে এনে নেতাসকলক সুযোগ দিব যিসকল ভাল, উপযোগী আৰু যাৰ ওপৰত ৰাইজৰ আস্থা আছে," ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব