--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাক অধিকৃ কাশ্মীৰ সন্দভত আজি পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ  ৰাজ্যিক মন্ত্ৰী অৱসৰপ্ৰাপ্ত জেনেৰেল ভি কে সিঙে মন্তব্য কৰে। তেওঁ কয়   যে কিছু দিনৰ পিছত পাকিস্তান অধিকৃত কাশ্মীৰ (পিঅ'কে) স্বয়ংক্ৰিয়ভাৱে ভাৰতৰ সৈতে একত্ৰিত হ'ব।কিঙে কয়  "কিছু দিন ৰৈ থাকক, পিঅ'কে স্বয়ংক্ৰিয়ভাৱে ভাৰতৰ সৈতে একত্ৰিত হ'ব," । ৰাজস্থানৰ দৌচাত সিঙে এই মন্তব্য কৰে।  পিঅ'কেৰ চিয়া মুছলমানসকলে  ভাৰতলৈ অহাৰ পথ কেতিয়া প্ৰশস্ত হ’ব তাকেলৈ  সোধা এক প্ৰশ্নৰ উত্তৰত সাঙে তেনেদৰে কয়।  

জি-২০ৰ সফলতা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়: "জি-২০ অনুষ্ঠান সফল হৈছে৷ এনে ধৰণৰ সংগঠিত অনুষ্ঠান আগতে কেতিয়াও হোৱা নাছিল। দেশৰ ৬০ খন চহৰত প্ৰায় ২০০ খন সভাৰ আয়োজন কৰা হৈছিল।" তেওঁ কয় যে আন দেশসমূহেও এনে এক সফল অনুষ্ঠান আয়োজন কৰাৰ বাবে ভাৰতক প্ৰশংসা কৰিছে।সিঙে কয় " ভাৰতে সমষ্টিগতভাৱে এটা ডাঙৰ বিজয় অৰ্জন কৰিছে ,সন্মিলনত ইস্তাহাৰ জাৰি কৰা হৈছে। ইউক্ৰেইনকে ধৰি বহুতো বিষয়ত বিশ্ব বিভক্ত আছিল, কিন্তু প্ৰধানমন্ত্ৰী মোডীৰ জ্ঞানেৰে আমি সকলোৱে একেলগে এটা উপায় বিচাৰি পাইছো , যি বিষয়ত কোনো দেশৰ কোনো আপত্তি নাই,"। 

 দৌচাত বিজেপিৰ পৰিৱৰ্তন সংকল্প যাত্ৰাত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এনেদৰে  কয়৷ তেওঁ কয় যে জৈৱ ইন্ধন মিত্ৰজোঁট গঠন আৰু ভাৰতৰ পৰা ইউৰোপলৈ কৰিডৰ নিৰ্মাণে ভাৰতৰ অৰ্থনৈতিক প্ৰগতিৰ পথ প্ৰশস্ত কৰিব৷ তেওঁ কয়, "কংগ্ৰেছ নেতা শশী থাৰুৰেও জি-২০ৰ যুটীয়া ঘোষণাক আদৰণি জনাইছে।" ৰাজ্যখনত বিজেপিৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হোৱা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত  তেওঁ কয় যে য'তেই নিৰ্বাচন অনুষ্ঠিত হয়, বিজেপিয়ে কেতিয়াও মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী    ঘোষণা নকৰে।  তেওঁ কয় " সকলোৱে ধৰি লোৱা উচিত যে দলটোৱে এনে নেতাসকলক সুযোগ দিব যিসকল ভাল, উপযোগী আৰু যাৰ ওপৰত ৰাইজৰ আস্থা আছে," ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা