ডিজিটেল ডেস্কঃ এটা ঘটনাবহুল জীৱনৰ শেষ হ’ল। বিগত কেইবাদশক ধৰি বিতৰ্কিত আৰু চৰ্চিত চৰিত্ৰ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেনেৰেল পাৰভেজ মুশ্বাৰফৰ ৭৯ বছৰ বয়সত মৃত্যু হয়। পাকিস্তানৰ এই প্ৰাক্তন সেনা প্ৰধান তথা ৰাষ্ট্ৰপতিগৰাকীয়ে ডুবাইৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।
পাকিস্তানৰ আভ্যন্তৰীণ ৰাজনীতিত সেনাবাহিনীয়ে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ১৯৬১ চনত পাকিস্তান সেনাবাহিনীত যোগদান কৰি মুশ্বাৰফে পদোন্নতিৰ সকলো পৰ্যায়ৰ মাজেৰে পাৰ হৈ প্ৰথম সেনা প্ৰধান হয়। পিছলৈ ২০০১ চনত ইছলামবাদ বিধানসভাত অৱতীৰ্ণ হয়।
১৯৯৯ চনত সামৰিক অভ্যুত্থানৰ জৰিয়তে মুশ্বাৰফে ক্ষমতা দখল কৰে। পিছৰ কেইবছৰমানতে তেওঁ পাকিস্তানৰ সৰ্বে-সৰ্বা হৈ পৰিছিল।
কাশ্মীৰৰ ওপৰত আছিল তেওঁৰ চিকাৰি চকু। কাশ্মীৰৰ সৈতে তেওঁৰ সংঘাত বহুত পুৰণি। ১৯৬৫ চনত কাশ্মীৰক অস্থিৰ কৰাৰ বাবে পাকিস্তানৰ ‘অপাৰেচন জিব্ৰাল্টাৰ’ কৌশলৰ অংশীদাৰ আছিল মুশ্বাৰফ।
যুদ্ধৰ সময়ত ভাৰতীয় সেনাৰ বোমাবৰ্ষণৰ সন্মুখিন হৈও মুশ্বাৰফে পলায়ন কৰা নাছিল। ইয়াৰ বাবে পাকিস্তান চৰকাৰে তেওঁক ‘ইমটিয়াজী সানাদ’ পদক প্ৰদান কৰে।
বহুতে ভাবে যে ১৯৯৯ চনত কাৰ্গিল যুদ্ধৰ আঁৰতো মুশ্বাৰফ আছিল। কিন্তু সেই যুদ্ধত ভাৰতীয় সেনাই সীমান্তৰ সিপাৰে পাকিস্তানী আগ্ৰাসনক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।
২০১৭ চনত টেলিভিছনৰ এক সাক্ষাৎকাৰত মুশ্বাৰফে কয় যে তেওঁ উগ্ৰপন্থী সংগঠন লস্কৰ-ই-টাইবাৰ ডাঙৰ অনুৰাগী। মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদকো প্ৰশংসা কৰিছিল মুশ্বাৰফে।
ভাৰতক হেঁচাত ৰখাৰ বাবে লস্কৰৰ দৰে উগ্ৰপন্থী সংগঠনৰ প্ৰয়োজনীয়তাও মুকলিকৈ প্ৰকাশ কৰিছিল মুশ্বাৰফে। লস্কৰক সন্ত্ৰাসবাদী সংগঠন বুলি তেওঁ গণ্য নকৰিছিল।
ব্যক্তিগত জীৱনৰ বিভিন্ন উত্থান-পতনৰ কথাও মুকলিকৈ কৈছে মুশ্বাৰফে। ‘ইন দ্য লাইন অৱ ফায়াৰ’ নামৰ আত্মজীৱনীখনত মুশ্বাৰফে নিজৰ জীৱনৰ তিনিটা প্ৰেমৰ কথা কৈছে।
ৰাজহুৱা জীৱনত তেওঁক কঠোৰ শাসক হিচাপে গণ্য কৰা হয়। কিন্তু ব্যক্তিগত জীৱনত পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা সেনা প্ৰধানগৰাকী কেনে আছিল? কেনে আছিল তেওঁৰ প্ৰেম জীৱন?
এজন কঠোৰ ৰাষ্ট্ৰনেতাৰ প্ৰেম জীৱন কেনেধৰণৰ হ’ব পাৰে? মুশ্বাৰফে সেই কথা তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থখনত সেই কথা লিখিছে। তাত তেওঁ এগৰাকী বেংগলী প্ৰেয়সীৰ লগত তেওঁৰ প্ৰেমৰ কাহিনী লিখিছিল। দুয়োৰে তুমূল প্ৰেম চলিছিল। কিন্তু সেই প্ৰেয়সীগৰাকীৰ নাম উল্লেখ নকৰিলে মুছাৰফে।
২০০১ চনৰ পৰা ২০০৮ চনলৈকে পাকিস্তানৰ শাসক আছিল মুশ্বাৰফ। তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ ‘ইন দ্য লাইন অৱ ফায়াৰ: এ মেম’য়াৰ’ ২০০৬ চনত প্ৰকাশ পাইছিল। তাতে জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰাৰ সমান্তৰালকৈ তেওঁ নিজৰ প্ৰেম জীৱনকো পাঠকৰ সৈতে চিনাকি কৰাই দিয়ে। মুশ্বাৰফে কয় যে তেওঁৰ দ্বিতীয় প্ৰেয়সী আছিল এজনী বেংগলী ছোৱালী। যদিও সেই প্ৰেম বিফল হয়। সেই ছোৱালীজনী এতিয়া গৃহিণী। বাংলাদেশত বাস কৰে।
মুশ্বাৰফে তেওঁৰ আত্মজীৱনীত লিখিছে- “তেওঁ এতিয়া সুখী দাম্পত্য জীৱন কটাই আছে। বাংলাদেশত থাকে।'' কিন্তু কূটনীতিবিদ মুছাৰফে সেই বেংগলী প্ৰেয়সীৰ নাম কেতিয়াও জনসাধাৰণৰ মাজলৈ অনা নাছিল। কেৱল সেই প্ৰেম কেনেকৈ হৈছিল সেয়া লিখিছিল।
মুশ্বাৰফে তেওঁৰ আত্মজীৱনীত কয় যে বেংগলী প্ৰেয়সীগৰাকীয়ে মাক-দেউতাকৰ স’তে তেওঁৰ চহৰ কৰাচীত বাস কৰিছিল। কিন্তু এসয়মত প্ৰেয়সীৰ পৰিয়ালটো পূব পাকিস্তান তথা বৰ্তমানৰ বাংলাদেশলৈ গুছি আহে। ফলস্বৰূপে সেই প্ৰেম আধৰুৱা হৈ ৰয়।
পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বেংগলী ছোৱালীজনীৰ লগত প্ৰেমত পৰাৰ পূৰ্বে তেওঁ আন এটা সম্পৰ্কত আছিল। কিন্তু প্ৰথম সম্পৰ্কৰ সেই ভালপোৱা প্ৰেম হয় নে নহয় বুজি নোপোৱাকৈয়ে মুশ্বাৰফৰ জীৱনৰ পৰা আতৰি গ’ল 'প্ৰথম প্ৰেয়সী’।
মুশ্বাৰফে প্ৰথমবাৰ নিজতকৈ বয়সীয়াল যুৱতী এগৰাকীৰ প্ৰেমত পৰিছিল। পাকিস্তানৰ ভৱিষ্যত ৰাষ্ট্ৰপতিগৰাকী ইমানেই প্ৰেমত মগ্ন হৈ পৰিছিল যে তেওঁ বাৰ্ষিক পৰীক্ষাত ফেইল কৰিছিল।
মুশ্বাৰফৰ পত্নী হৈছে শ্বেহবা মুশ্বাৰফ। পত্নী শ্বেহবাৰ সৈতে সম্বন্ধ কৰিয়েই বিবাহপাশত হৈছিল মুশ্বাৰফ। তেওঁ কৈছিল যে শ্বেহবাক প্ৰথমবাৰ দেখাৰ পাছতে প্ৰেমত পৰিছিল।
মুশ্বাৰফৰ জন্ম হৈছিল দিল্লীত। মুশ্বাৰফৰ পিতৃ-মাতৃ বিভাজনৰ পাছত পাকিস্তানলৈ গুচি যায়। মুশ্বাৰফৰ পিতৃ পাকিস্তান প্ৰশাসনৰ আমোলা আছিল। পিতৃৰ কামৰ বাবে মুশ্বাৰফে কিছুদিনৰ বাবে তুৰস্কলৈ যাবলগীয়া হৈছিল। সেইবাবেই মুশ্বাৰফ তুৰ্কী ভাষাত বিশেষভাৱে পাকৈত আছিল।
কুকুৰৰ প্ৰতি তেওঁৰ বিশেষ আগ্ৰহ আছিল। তেওঁৰ প্ৰিয় পোহনীয়া জন্তুটোৰ নামো ৰাখিছিল তেওঁৰ প্ৰিয় পানীয়ৰ নামেৰে- ‘হুইস্কি’।
যদিও দেশত গণতন্ত্ৰৰ বাট বন্ধ কৰি ‘একনায়কত্ববাদ’ প্ৰতিষ্ঠা কৰাৰ অভিযোগ উত্থাপন হৈছিল, তথাপিও মুশ্বাৰফৰ কাৰ্যকালত পাকিস্তানৰ অৰ্থনীতি আৰু সমাজত উদাৰীকৰণৰ বতাহ বলিছিল। তেওঁ পাকিস্তানৰ কেইবাটাও ব্যক্তিগত টেলিভিছন কোম্পানীক অনুজ্ঞাপত্ৰ দিছিল।
কূটনৈতিকভাৱে ভাৰতৰ শত্ৰু হ’লেও প্ৰয়োজনীয় সময়ত তেওঁ সহযোগিতাও কৰিছিল। ২০০১ চনত গুজৰাট ভূমিকম্পৰ পিছতে মুশ্বাৰফে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ শোক বাৰ্তা প্ৰেৰণ কৰে। তেওঁ বিমানেৰে সহায়ও পঠিয়াইছিল। ২০০৪ চনত মুশ্বাৰফে কাশ্মীৰ সন্দৰ্ভত ভাৰতৰ সৈতে আলোচনাৰ উদ্যোগ লৈছিল।
২০০৮ চনত বিৰোধী দলসমূহে একত্ৰিত হৈ মুশ্বাৰফক অপসাৰণৰ দাবী জনায়। ২০০৮ চনৰ ১৮ আগষ্টত হেঁচাত পৰি তেওঁ দেশৰ ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে। পিছলৈ তেওঁ লণ্ডন আৰু ডুবাইত স্বেচ্ছামূলক নিৰ্বাসনলৈ যায়।