--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান যেন হৈ পৰিছে দেশ-বিদেশৰ বহু মহিলাৰ বাবে প্ৰেমৰ ভূমি। সৌসিদিনা ভাৰতৰ পৰা এগৰাকী মহিলাই পাকিস্তানলৈ গৈ প্ৰেমিকৰ সৈতে বিয়াত বহাৰ পিছত এইবাৰ চীনৰ এগৰাকী মহিলায়ো একে পথেই লৈছে। চীনা মহিলাগৰাকী তেওঁৰ ছ’চিয়েল মিডিয়াত লগ পোৱা প্ৰেমিকক বিচাৰি  পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশলৈ গৈছে ৷

পাক আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে। আৰক্ষীৰ মতে   গাও ফেং নামৰ  মহিলাগৰাকীয়ে  তিনি মাহৰ  ভিছালৈ  চীনৰ পৰা গিলগিট হৈ ইছলামাবাদত  গৈছে। ২১ বছৰীয়া মহিলাগৰাকীক তেওঁৰ ১৮ বছৰীয়া পাক যুৱক  জাভেদৰ সৈতে তিনিমাহ পাকিস্তানতে কটাব বুলি জানিব পৰা গৈছে।  

জাভেদে ইতিমধ্যে মহিলাগৰাকীক ইছলামাবাদৰ পৰা নিজৰ গাঁও  বাজাউৰলৈ লৈ গৈছে। আৰক্ষীৰ মতে, দুয়ো যোৱা তিনি বছৰ ধৰি স্নেপচ্যাটৰ জৰিয়তে  সম্পৰ্কত ৰক্ষা কৰি চলিছিল।

 দিৰ জিলাৰ  আৰক্ষী বিষয়া জিয়াউদ্দিনে প্ৰকাশ কৰা মতে  চীনা মহিলাগৰাকীক সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰা হৈছে। 
পাকিস্তানী প্ৰেমিকক লগ পাবলৈ ভাৰতৰ পৰা পাকিস্তানলৈ গ’ল  অঞ্জু প্ৰসাদ নামৰ মহিলাগৰাকীয়ে ৷ পাকিস্তানৰ নছৰুল্লাহ নামৰ যুৱকজনৰ সৈতে তেওঁৰ আনকি নিকাহো হৈ যোৱাৰ খবৰ নিশ্চিত কৰা হৈছে। অঞ্জুৱে ইতিমধ্যে ইছলাম ধৰ্ণ গ্ৰহণ কৰিছে৷  

ফেচবুকৰ জৰিয়তে ২৯ বছৰীয়া পাক যুৱকজনৰ সৈতে  চিনাকি হৈছিল ৩৫ বছৰীয়া  অঞ্জুৰ। ২০১৯ চনত দুয়োৰে বন্ধুত্ব গঢ় লৈ উঠিছিল ফেচবুকত। ৩৪ বছৰীয়া অঞ্জু প্ৰেমত পৰে ২৯ বছৰীয়া নছৰুল্লাহৰ। আনহাতে অঞ্জু এগৰাকী বিবাহিতা মহিলা আৰু তেওঁৰ দুটি সন্তান আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে