--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান যেন হৈ পৰিছে দেশ-বিদেশৰ বহু মহিলাৰ বাবে প্ৰেমৰ ভূমি। সৌসিদিনা ভাৰতৰ পৰা এগৰাকী মহিলাই পাকিস্তানলৈ গৈ প্ৰেমিকৰ সৈতে বিয়াত বহাৰ পিছত এইবাৰ চীনৰ এগৰাকী মহিলায়ো একে পথেই লৈছে। চীনা মহিলাগৰাকী তেওঁৰ ছ’চিয়েল মিডিয়াত লগ পোৱা প্ৰেমিকক বিচাৰি  পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশলৈ গৈছে ৷

পাক আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে। আৰক্ষীৰ মতে   গাও ফেং নামৰ  মহিলাগৰাকীয়ে  তিনি মাহৰ  ভিছালৈ  চীনৰ পৰা গিলগিট হৈ ইছলামাবাদত  গৈছে। ২১ বছৰীয়া মহিলাগৰাকীক তেওঁৰ ১৮ বছৰীয়া পাক যুৱক  জাভেদৰ সৈতে তিনিমাহ পাকিস্তানতে কটাব বুলি জানিব পৰা গৈছে।  

জাভেদে ইতিমধ্যে মহিলাগৰাকীক ইছলামাবাদৰ পৰা নিজৰ গাঁও  বাজাউৰলৈ লৈ গৈছে। আৰক্ষীৰ মতে, দুয়ো যোৱা তিনি বছৰ ধৰি স্নেপচ্যাটৰ জৰিয়তে  সম্পৰ্কত ৰক্ষা কৰি চলিছিল।

 দিৰ জিলাৰ  আৰক্ষী বিষয়া জিয়াউদ্দিনে প্ৰকাশ কৰা মতে  চীনা মহিলাগৰাকীক সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰা হৈছে। 
পাকিস্তানী প্ৰেমিকক লগ পাবলৈ ভাৰতৰ পৰা পাকিস্তানলৈ গ’ল  অঞ্জু প্ৰসাদ নামৰ মহিলাগৰাকীয়ে ৷ পাকিস্তানৰ নছৰুল্লাহ নামৰ যুৱকজনৰ সৈতে তেওঁৰ আনকি নিকাহো হৈ যোৱাৰ খবৰ নিশ্চিত কৰা হৈছে। অঞ্জুৱে ইতিমধ্যে ইছলাম ধৰ্ণ গ্ৰহণ কৰিছে৷  

ফেচবুকৰ জৰিয়তে ২৯ বছৰীয়া পাক যুৱকজনৰ সৈতে  চিনাকি হৈছিল ৩৫ বছৰীয়া  অঞ্জুৰ। ২০১৯ চনত দুয়োৰে বন্ধুত্ব গঢ় লৈ উঠিছিল ফেচবুকত। ৩৪ বছৰীয়া অঞ্জু প্ৰেমত পৰে ২৯ বছৰীয়া নছৰুল্লাহৰ। আনহাতে অঞ্জু এগৰাকী বিবাহিতা মহিলা আৰু তেওঁৰ দুটি সন্তান আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস