--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশৰ ৰাজনীতিত ইতিমধ্যে বহু ভাৰতীয় মূলৰ লোকে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। এইবাৰ আন এজন ভাৰতীয়-আমেৰিকানে ২০২৪ চনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে। ভাৰতীয়-আমেৰিকান অভিযন্তা হৰ্ষ বৰ্ধন সিঙে শেহতীয়াকৈ আনুষ্ঠানিকভাৱে ফেডাৰেল নিৰ্বাচন আয়োগৰ ওচৰত মনোনয়ন দাখিল কৰিছে। 

হৰ্ষ বৰ্ধন হৈছে নিকি হেলি আৰু বিবেক ৰাধাস্বামীৰ পিছত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰা তৃতীয়গৰাকী  ভাৰতীয় বংশোদ্ভূত প্ৰাৰ্থী। হৰ্ষ বৰ্ধন সিঙে টুইটাৰত কয়  যে তেওঁ এজন আজীৱন ৰিপাব্লিকান আৰু আমেৰিকাৰ নিউ জাৰ্চি ৰিপাব্লিকান পাৰ্টিৰ ৰক্ষণশীল শাখাটো পুনৰুদ্ধাৰ কৰিবলৈ কাম কৰি আহিছে। তিনি মিনিটৰ ভিডিঅ' বাৰ্তাত সিঙে কয় - যোৱা কেইবছৰমানত সংঘটিত হোৱা পৰিৱৰ্তনবোৰ আৰু অধিক তৰান্বিত কৰিবলৈ আৰু আমেৰিকাৰ মূল্যবোধ পুনৰুদ্ধাৰ কৰিবলৈ  শক্তিশালী নেতৃত্বৰ প্ৰয়োজন। সেইকাৰণে মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে ২০২৪ চনৰ নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ পৰা মনোনয়ন দাখিল কৰিবলৈ  সিদ্ধান্ত লৈছো।

৩৮ বছৰীয়া হৰ্ষ বৰ্ধনৰ পূৰ্বে  দক্ষিণ কেৰোলিনাৰ প্ৰাক্তন গভৰ্ণৰ ৫১ বছৰীয়া হেলী আৰু ৩৭ বছৰীয়া কোটিপতি উদ্যোগী ৰামাস্বামীয়ে এই বছৰৰ আৰম্ভণিতে আমেৰিকাৰ শীৰ্ষ পদটোৰ বাবে  প্ৰাৰ্থিত্ব ঘোষণা কৰিছিল।



ভাৰতীয় মূলৰ হৰ্ষ বৰ্ধন সিঙক ২০০৩ চনত আমেৰিকান ইনষ্টিটিউট অৱ এৰোনটিক্স এণ্ড এষ্ট্ৰোনটিক্সে সন্মানিত কৰিছিল। তেওঁক এভিয়েচন এম্বেচেডৰ বঁটা প্ৰদান কৰা হৈছিল। হৰ্ষবৰ্ধন সিঙে ২০০৯ চনত নিউ জাৰ্চি ইনষ্টিটিউট অৱ টেকনলজীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ সেই প্ৰতিষ্ঠানৰ পৰাই  স্নাতক ডিগ্ৰী লাভ কৰিছিল। ২০১৭  চনত হৰ্ষ বৰ্ধন সিঙে ৰাজনীতিত প্ৰৱেশ কৰিছিল। তেওঁ নিউ জাৰ্চীৰ গভৰ্ণৰৰ বাবে প্ৰতিদ্বন্দিতা কৰিছিল আৰু ৯.৮ শতাংশ ভোটৰ অংশৰ সৈতে তৃতীয় স্থানত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে