--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশৰ ৰাজনীতিত ইতিমধ্যে বহু ভাৰতীয় মূলৰ লোকে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। এইবাৰ আন এজন ভাৰতীয়-আমেৰিকানে ২০২৪ চনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে। ভাৰতীয়-আমেৰিকান অভিযন্তা হৰ্ষ বৰ্ধন সিঙে শেহতীয়াকৈ আনুষ্ঠানিকভাৱে ফেডাৰেল নিৰ্বাচন আয়োগৰ ওচৰত মনোনয়ন দাখিল কৰিছে। 

হৰ্ষ বৰ্ধন হৈছে নিকি হেলি আৰু বিবেক ৰাধাস্বামীৰ পিছত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰা তৃতীয়গৰাকী  ভাৰতীয় বংশোদ্ভূত প্ৰাৰ্থী। হৰ্ষ বৰ্ধন সিঙে টুইটাৰত কয়  যে তেওঁ এজন আজীৱন ৰিপাব্লিকান আৰু আমেৰিকাৰ নিউ জাৰ্চি ৰিপাব্লিকান পাৰ্টিৰ ৰক্ষণশীল শাখাটো পুনৰুদ্ধাৰ কৰিবলৈ কাম কৰি আহিছে। তিনি মিনিটৰ ভিডিঅ' বাৰ্তাত সিঙে কয় - যোৱা কেইবছৰমানত সংঘটিত হোৱা পৰিৱৰ্তনবোৰ আৰু অধিক তৰান্বিত কৰিবলৈ আৰু আমেৰিকাৰ মূল্যবোধ পুনৰুদ্ধাৰ কৰিবলৈ  শক্তিশালী নেতৃত্বৰ প্ৰয়োজন। সেইকাৰণে মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে ২০২৪ চনৰ নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ পৰা মনোনয়ন দাখিল কৰিবলৈ  সিদ্ধান্ত লৈছো।

৩৮ বছৰীয়া হৰ্ষ বৰ্ধনৰ পূৰ্বে  দক্ষিণ কেৰোলিনাৰ প্ৰাক্তন গভৰ্ণৰ ৫১ বছৰীয়া হেলী আৰু ৩৭ বছৰীয়া কোটিপতি উদ্যোগী ৰামাস্বামীয়ে এই বছৰৰ আৰম্ভণিতে আমেৰিকাৰ শীৰ্ষ পদটোৰ বাবে  প্ৰাৰ্থিত্ব ঘোষণা কৰিছিল।



ভাৰতীয় মূলৰ হৰ্ষ বৰ্ধন সিঙক ২০০৩ চনত আমেৰিকান ইনষ্টিটিউট অৱ এৰোনটিক্স এণ্ড এষ্ট্ৰোনটিক্সে সন্মানিত কৰিছিল। তেওঁক এভিয়েচন এম্বেচেডৰ বঁটা প্ৰদান কৰা হৈছিল। হৰ্ষবৰ্ধন সিঙে ২০০৯ চনত নিউ জাৰ্চি ইনষ্টিটিউট অৱ টেকনলজীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ সেই প্ৰতিষ্ঠানৰ পৰাই  স্নাতক ডিগ্ৰী লাভ কৰিছিল। ২০১৭  চনত হৰ্ষ বৰ্ধন সিঙে ৰাজনীতিত প্ৰৱেশ কৰিছিল। তেওঁ নিউ জাৰ্চীৰ গভৰ্ণৰৰ বাবে প্ৰতিদ্বন্দিতা কৰিছিল আৰু ৯.৮ শতাংশ ভোটৰ অংশৰ সৈতে তৃতীয় স্থানত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস