--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আপুনি নিশ্চয় ঘৰত বহি অনলাইন শ্বপিং কৰে। নেডাৰলেণ্ডৰ এটা ৮ বছৰীয়া শিশুৱে অনলাইন শ্বপিঙত এনে এটা বস্তু কিনিলে যি দেখি শিশুটিৰ মাতৃ বেহুঁচ হোৱাৰ উপক্ৰম হয়। ৮ বছৰীয়া ল’ৰাটোৱে ডাৰ্ক ৱেবৰ জৰিয়তে অনলাইনত এ কে-৪৭ অৰ্ডাৰ দিছিল। এই ৰাইফল ঘৰ আহি পাওঁতে পৰিয়ালটো হতভম্ব হৈ পৰে। যেতিয়া পৰিয়ালৰ লোকে ইয়াৰ তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া গম পোৱা গ’ল যে ইয়াৰ আঁৰত আছে ডাৰ্ক ৱেব, ইণ্টাৰনেটৰ ক’লা জগতখন, য’ত এনে অবৈধ কাম-কাজ নিৰ্বিচাৰে কৰা হয়।

শিশুটিৰ মাতৃয়ে এক সাক্ষাৎকাৰত কয় যে তেওঁৰ আঠ বছৰীয়া পুত্ৰই ডাৰ্ক ৱেবৰ জৰিয়তে অনলাইনত এ কে-৪৭ অৰ্ডাৰ দিছিল। আশ্চৰ্যজনকভাৱে এই ৰাইফলটোও শিশুটোৰ হাতত ডেলিভাৰী কৰা হৈছিল। এক সাক্ষাৎকাৰত এ কে ৪৭ ক্ৰয় কৰা শিশুটিৰ মাতৃ বাৰ্বাৰাা জেমেনে কয় যে তেওঁৰ পুত্ৰই আগতে কম্পিউটাৰত বহু সময় কটায় আৰু আঠ বছৰ বয়সৰ পৰাই হেকিং আৰম্ভ কৰিছিল। আনকি কয় যে হেকাৰে তেওঁৰ পুত্ৰক ধন সৰবৰাহৰ বাবেও ব্যৱহাৰ কৰিছিল।

বাৰ্বাৰাৰ মতে আমি পুত্ৰৰ কোঠালৈ যাওঁতে অনলাইন গেম খেলি থাকোঁতে ক’ড শব্দৰে কথা পাতিছিল। পুত্ৰই এ কে ৪৭ অৰ্ডাৰ দিয়াৰ কথা গম পাই কথাবোৰ সলনি হৈ গ’ল। পুত্ৰই শুল্কৰ পৰা বাচিবৰ বাবে পোলেণ্ডৰ পৰা বুলগেৰিয়ালৈ বন্দুকটো প্ৰেৰণ কৰিছিল, তাৰ পাছত নেদাৰলেণ্ডলৈ আহিছিল বন্দুকটো। বাৰ্বাৰাই কয় যে মই ৰাইফলটো স্থানীয় আৰক্ষী বিভাগক গতাই দিলোঁ। জেৰাৰ অন্তত পুত্ৰৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে আৰক্ষীয়ে। তদন্তত প্ৰকাশ পাইছে যে তেওঁ আন্তঃৰাষ্ট্ৰীয় হেকাৰৰ জালত পৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে