--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আপুনি নিশ্চয় ঘৰত বহি অনলাইন শ্বপিং কৰে। নেডাৰলেণ্ডৰ এটা ৮ বছৰীয়া শিশুৱে অনলাইন শ্বপিঙত এনে এটা বস্তু কিনিলে যি দেখি শিশুটিৰ মাতৃ বেহুঁচ হোৱাৰ উপক্ৰম হয়। ৮ বছৰীয়া ল’ৰাটোৱে ডাৰ্ক ৱেবৰ জৰিয়তে অনলাইনত এ কে-৪৭ অৰ্ডাৰ দিছিল। এই ৰাইফল ঘৰ আহি পাওঁতে পৰিয়ালটো হতভম্ব হৈ পৰে। যেতিয়া পৰিয়ালৰ লোকে ইয়াৰ তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া গম পোৱা গ’ল যে ইয়াৰ আঁৰত আছে ডাৰ্ক ৱেব, ইণ্টাৰনেটৰ ক’লা জগতখন, য’ত এনে অবৈধ কাম-কাজ নিৰ্বিচাৰে কৰা হয়।

শিশুটিৰ মাতৃয়ে এক সাক্ষাৎকাৰত কয় যে তেওঁৰ আঠ বছৰীয়া পুত্ৰই ডাৰ্ক ৱেবৰ জৰিয়তে অনলাইনত এ কে-৪৭ অৰ্ডাৰ দিছিল। আশ্চৰ্যজনকভাৱে এই ৰাইফলটোও শিশুটোৰ হাতত ডেলিভাৰী কৰা হৈছিল। এক সাক্ষাৎকাৰত এ কে ৪৭ ক্ৰয় কৰা শিশুটিৰ মাতৃ বাৰ্বাৰাা জেমেনে কয় যে তেওঁৰ পুত্ৰই আগতে কম্পিউটাৰত বহু সময় কটায় আৰু আঠ বছৰ বয়সৰ পৰাই হেকিং আৰম্ভ কৰিছিল। আনকি কয় যে হেকাৰে তেওঁৰ পুত্ৰক ধন সৰবৰাহৰ বাবেও ব্যৱহাৰ কৰিছিল।

বাৰ্বাৰাৰ মতে আমি পুত্ৰৰ কোঠালৈ যাওঁতে অনলাইন গেম খেলি থাকোঁতে ক’ড শব্দৰে কথা পাতিছিল। পুত্ৰই এ কে ৪৭ অৰ্ডাৰ দিয়াৰ কথা গম পাই কথাবোৰ সলনি হৈ গ’ল। পুত্ৰই শুল্কৰ পৰা বাচিবৰ বাবে পোলেণ্ডৰ পৰা বুলগেৰিয়ালৈ বন্দুকটো প্ৰেৰণ কৰিছিল, তাৰ পাছত নেদাৰলেণ্ডলৈ আহিছিল বন্দুকটো। বাৰ্বাৰাই কয় যে মই ৰাইফলটো স্থানীয় আৰক্ষী বিভাগক গতাই দিলোঁ। জেৰাৰ অন্তত পুত্ৰৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে আৰক্ষীয়ে। তদন্তত প্ৰকাশ পাইছে যে তেওঁ আন্তঃৰাষ্ট্ৰীয় হেকাৰৰ জালত পৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস