--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সোমবাৰে আফগানিস্তানে ইতিহাস ৰচি পৰাস্ত কৰিলে পাকিস্তানক৷ চেন্নাইত অনুষ্ঠিত খেলখনত পাকিস্তান আফগানিস্তানৰ হাতত পৰাজিত হোৱাৰ পাছত চৰ্চালৈ আহিছে ৱাছিম আক্ৰাম৷

দলটোৱে পৰাজয়ৰ হেট্ৰিকৰ সন্মুখীন হৈছে৷ ধাৰাবাহিক পৰাজয়ৰ পাছত ক্ষোভিত হৈ পাকিস্তানী ক্ৰিকেট দলৰ ধাৰাভাষ্যকাৰ আক্ৰামে কয় যে দলটোৱে আইনাত নিজকে ভালদৰে চাব লাগিব। তেওঁ কয়, দেওবাৰৰ খেলখনত পাকিস্তানৰ ভূমিকা লজ্জাজনক আছিল। মাত্ৰ দুটা উইকেট হেৰুৱাই ২৮০ ৰাণত উপনীত হোৱাটো যথেষ্ট ডাঙৰ। ফিল্ডিং, ফিটনেছৰ স্তৰ চাওক। আমি যোৱা ৩ সপ্তাহ ধৰি চিঞৰি আছোঁ যে এই খেলুৱৈসকলে যোৱা দুবছৰত ফিটনেছ পৰীক্ষা কৰা নাই। যদি মই ব্যক্তিগত নাম লোৱা আৰম্ভ কৰোঁ, তেওঁলোকে লজ্জাবোধ কৰিব। এনেকুৱা লাগিছে যেন এই ল’ৰাবোৰে প্ৰতিদিনে ৮ কিলোকৈ ছাগলী মাংস খাই আছে। 

তেওঁ পুনৰ কয়, পেছাদাৰীভাৱে আপোনালোকে বেতন পাইছে, আপোনাৰ দেশৰ হৈ খেলি আছে। এটা নিৰ্দিষ্ট চৰ্ত থাকিব লাগিব।  ফিল্ডিং হৈছে ফিটনেছৰ বিষয় আৰু ইয়াতেই আমাৰ অভাৱ আছে। এতিয়া আমি সেই একেই স্থিতিত উপনীত হৈছোঁ, য'ত আমি ‘যদি আৰু কিন্তু’ ঘটিবলৈ প্ৰাৰ্থনা কৰিম।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা