--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু হৈছে বিশ্বৰ সৰ্বাধিক বয়সীয়াল কুকুৰটোৰ। ৩১ বছৰ ১৬৫ দিন বয়সত মৃত্যু হয় ববী নামৰ এই কুকুৰটোৰ। শনিবাৰে পৰ্তুগালৰ নিজৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডধাৰী ববিয়ে। কুকুৰটো ৰাফেইৰো ডো আলেণ্টেজোৰ জাতৰ আছিল। সাধাৰণতে এই জাতৰ কুকুৰৰ গড় আয়ুস ১২ৰ পৰা ১৪ বছৰ। 

কুকুৰটোৰ মৃত্যুৰ কথা ছ’চিয়েল মিডিয়াত ঘোষণা কৰে এগৰাকী পশু চিকিৎসকে। ফেব্ৰুৱাৰী মাহত ববি বিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত কুকুৰ আৰু এতিয়ালৈকে আটাইতকৈ বয়সীয়াল কুকুৰ দুয়োটা খিতাপৰে অধিকাৰী হয়। পিছৰ খিতাপটোৰ বাবে প্ৰায় শতিকা পুৰণি অভিলেখ অতিক্ৰম কৰে ববীয়ে। পৰ্তুগালৰ পশ্চিম উপকূলৰ ওচৰৰ কনকুৱেৰ’ছ গাঁৱত কোষ্টা পৰিয়ালৰ সৈতে  ববীয়ে গোটেই জীৱন কটাইছিল।

ইয়াৰ পূৰ্বে এতিয়ালৈকে আটাইতকৈ বয়সীয়াল কুকুৰটো আছিল অষ্ট্ৰেলিয়াৰ ব্লুই, যাৰ ১৯৩৯ চনত ২৯ বছৰ পাঁচ মাহ বয়সত মৃত্যু হয়।  গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে আন এটা কুকুৰ ২৩ বছৰীয়া স্পাইক দ্য চিহুয়াৱাকো আটাইতকৈ বয়সীয়াল জীৱিত কুকুৰ হিচাপে নামকৰণ কৰিছিল। এতিয়া এই মুকুটৰ গৰাকী ২৩ বছৰীয়া স্পাইক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা