--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু হৈছে বিশ্বৰ সৰ্বাধিক বয়সীয়াল কুকুৰটোৰ। ৩১ বছৰ ১৬৫ দিন বয়সত মৃত্যু হয় ববী নামৰ এই কুকুৰটোৰ। শনিবাৰে পৰ্তুগালৰ নিজৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডধাৰী ববিয়ে। কুকুৰটো ৰাফেইৰো ডো আলেণ্টেজোৰ জাতৰ আছিল। সাধাৰণতে এই জাতৰ কুকুৰৰ গড় আয়ুস ১২ৰ পৰা ১৪ বছৰ। 

কুকুৰটোৰ মৃত্যুৰ কথা ছ’চিয়েল মিডিয়াত ঘোষণা কৰে এগৰাকী পশু চিকিৎসকে। ফেব্ৰুৱাৰী মাহত ববি বিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত কুকুৰ আৰু এতিয়ালৈকে আটাইতকৈ বয়সীয়াল কুকুৰ দুয়োটা খিতাপৰে অধিকাৰী হয়। পিছৰ খিতাপটোৰ বাবে প্ৰায় শতিকা পুৰণি অভিলেখ অতিক্ৰম কৰে ববীয়ে। পৰ্তুগালৰ পশ্চিম উপকূলৰ ওচৰৰ কনকুৱেৰ’ছ গাঁৱত কোষ্টা পৰিয়ালৰ সৈতে  ববীয়ে গোটেই জীৱন কটাইছিল।

ইয়াৰ পূৰ্বে এতিয়ালৈকে আটাইতকৈ বয়সীয়াল কুকুৰটো আছিল অষ্ট্ৰেলিয়াৰ ব্লুই, যাৰ ১৯৩৯ চনত ২৯ বছৰ পাঁচ মাহ বয়সত মৃত্যু হয়।  গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে আন এটা কুকুৰ ২৩ বছৰীয়া স্পাইক দ্য চিহুয়াৱাকো আটাইতকৈ বয়সীয়াল জীৱিত কুকুৰ হিচাপে নামকৰণ কৰিছিল। এতিয়া এই মুকুটৰ গৰাকী ২৩ বছৰীয়া স্পাইক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক