--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী মহিলা এজেণ্টৰ হাতত ভাৰতৰ মিছাইলৰ তথ্য তুলি দিয়া ডিআৰডিঅ’ৰ বিজ্ঞানী প্ৰদীপ কুৰুলকাৰ আৰ এছ এছৰ এজন সদস্য। তেওঁ পাকিস্তানক চোৰাংচোৱা তথ্য দিয়াৰ অভিযোগ ধৰা পৰি বৰ্তমান কাৰাগাৰত আছে।  পাকিস্তানী মহিলা গুপ্তচৰৰ প্ৰেমত পৰি কুৰুলকাৰে  ভাৰতৰ ইউএভি, অগ্নি ৬ মিছাইল লঞ্চাৰ, ব্ৰাহ্ম'ছ, প্ৰতিৰক্ষা ড্ৰোন, এ কে আগ্নেয়াস্ত্ৰ, মেন্টৰ মিছাইল, ৰাফেল চিষ্টেম, এণ্টি-ছেটেলাইট মিছাইলৰ আদিৰ বিষয়ে তথ্য দিছিল। 

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেৰায়ো পূৰ্বে দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি কৈছিল  যে কুৰুলকাৰ বহু বছৰ ধৰি আৰ এছ এছৰ সৈতে জড়িত আছিল। "তেওঁ [কুৰুলকাৰ] আৰ এছ এছৰ হৈ ১৪ বছৰৰ বাবে চেক্সোফোন বজাইছিল, তেওঁ সংস্কাৰ ভাৰতীৰ বাবে ১২ বছৰ সংঘতান মন্ত্ৰী আছিল আৰু তেওঁ এজন  আৰ এছ এছ কৰ্মকৰ্তা স্বয়ংসেৱক।’’  ডিআৰডিঅ'ৰ বিজ্ঞানী হোৱা স্বত্বেও তেওঁ শাখা পৰিদৰ্শন কৰি আছিল বুলি কংগ্ৰেছ নেতা জনে অভিযোগ কৰিছিল।

ইপিনে কুৰুলকাৰৰ প্ৰসংগকলৈ ছ’চিয়েল মিডিয়াতো সমালোচনাৰ জোৱাৰ উঠিছে। এগৰাকী নেটিজেনে লিখিছে-ইয়াতকৈ ডাঙৰ দেশদ্ৰোহী কি হ'ব পাৰে? অথচ আমি ইয়াত ছাভাৰকাৰৰ জন্ম জয়ন্তী উদযাপন কৰি আছো । বিজেপি আৰু সংবাদ মাধ্যমৰ ইমান নীৰৱতা কিয় ? উল্লেখ্য  ডিআৰডিঅ'ৰ বিজ্ঞানী প্ৰদীপ কুৰুলকাৰে পাকিস্তানী চোৰাংচোৱা কৰ্মীৰ প্ৰতি আকৰ্ষিত হৈ ভাৰতৰ মিছালৰ তথ্য পাকিস্তানক অৰ্পন কৰাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে। 'জাৰা দাসগুপ্ত' ছদ্মনামেৰে ভাৰতীয় বিজ্ঞানীগৰাকীক প্ৰেমত জালত পেলোৱা পাকিস্তানী এজেণ্টগৰাকীৰ বহু তথ্য ইতিমধ্যে ফাদিল হৈ পৰিছে। 

 ভাৰতীয় বিজ্ঞানী প্ৰদীপ কুৰুলকাৰে অন্যান্য শ্ৰেণীবদ্ধ প্ৰতিৰক্ষা প্ৰকল্পৰ লগতে  ভাৰতীয় মিছাইল প্ৰণালীৰ বিষয়ে তেওঁৰ সৈতে কথা পাতিছিল বুলি শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে দাখিল কৰা  অভিযোগনামাত কোৱা হৈছে। মহাৰাষ্ট্ৰ আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী গোটে  যোৱা সপ্তাহত পুনেৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (ডিআৰডিঅ') পৰীক্ষাগাৰৰ সঞ্চালক কুৰুলকাৰৰ বিৰুদ্ধে  আদালতত অভিযোগনামা দাখিল কৰে। 

তেওঁক ৩ মে'ত অফিচিয়েল চিক্ৰেটছ এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এতিয়া তেওঁ ন্যায়িক জিম্মাত আছে। কুৰুলকাৰ আৰু 'জাৰা দাসগুপ্ত' নামেৰে প্ৰেমৰ অভিনয় কৰা পাক মহিলা এজেণ্টগৰাকীৰ  হোৱাটছএপৰ বাৰ্তা আৰু  কণ্ঠস্বৰ আদি পৰীক্ষা কৰি থকা হৈছে। 
ভিডিঅ' কলৰ বিষয়েও চাৰ্জশ্বীটখনত উল্লেখ কৰা হৈছে। দাসগুপ্তাই  নিজকে ব্ৰিটেইনৰ এগৰাকী  ছফ্টৱেৰ অভিযন্তা বুলি পৰিচয় দিছিল।  তেওঁ ভাৰতীয় বিজ্ঞানীগৰাকীলৈ  অশ্লীল বাৰ্তা আৰু ভিডিঅ' প্ৰেৰণ কৰিছিল আৰু  তেওঁৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। 

অনুসন্ধানৰ সময়ত মহিলাগৰাকীৰ আইপি ঠিকনা পাকিস্তান বুলি নিশ্চিত কৰা হৈছিল।  এ টি এছে অভিযোগনামা খনত এই সকলো কথা উল্লেখ কৰিছে।  পাকিস্তানী এজেণ্টগৰাকীয়ে  ব্ৰাহ্মছ লঞ্চাৰ, ড্ৰোন, ইউচিভি, অগ্নি মিছাইল লঞ্চাৰ আৰু মিলিটাৰী ব্ৰিজিং চিষ্টেম সম্পৰ্কেগোপন আৰু  সংবেদনশীল তথ্য লাভ  কৰাৰ চেষ্টা কৰিছিল।

 এ.টি.এছৰ মতে  জুন ২০২২ ৰ পৰা ডিচেম্বৰ ২০২২ লৈ দুয়োগৰাকী ঘনিষ্ঠ  যোগাযোগত আছিল। ডিআৰডিঅ'য়ে তেওঁৰ কাৰ্যকলাপ সন্দেহজনক বুলি প্ৰমাণিত হোৱাৰ পিছত আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰাৰ ঠিক আগতে কুৰুলকাৰে ২০২৩ চনৰ ফেব্ৰুৱাৰীত জাৰাৰ নম্বৰটো ব্ল’ক কৰি দিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক