--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী মহিলা এজেণ্টৰ হাতত ভাৰতৰ মিছাইলৰ তথ্য তুলি দিয়া ডিআৰডিঅ’ৰ বিজ্ঞানী প্ৰদীপ কুৰুলকাৰ আৰ এছ এছৰ এজন সদস্য। তেওঁ পাকিস্তানক চোৰাংচোৱা তথ্য দিয়াৰ অভিযোগ ধৰা পৰি বৰ্তমান কাৰাগাৰত আছে।  পাকিস্তানী মহিলা গুপ্তচৰৰ প্ৰেমত পৰি কুৰুলকাৰে  ভাৰতৰ ইউএভি, অগ্নি ৬ মিছাইল লঞ্চাৰ, ব্ৰাহ্ম'ছ, প্ৰতিৰক্ষা ড্ৰোন, এ কে আগ্নেয়াস্ত্ৰ, মেন্টৰ মিছাইল, ৰাফেল চিষ্টেম, এণ্টি-ছেটেলাইট মিছাইলৰ আদিৰ বিষয়ে তথ্য দিছিল। 

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেৰায়ো পূৰ্বে দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি কৈছিল  যে কুৰুলকাৰ বহু বছৰ ধৰি আৰ এছ এছৰ সৈতে জড়িত আছিল। "তেওঁ [কুৰুলকাৰ] আৰ এছ এছৰ হৈ ১৪ বছৰৰ বাবে চেক্সোফোন বজাইছিল, তেওঁ সংস্কাৰ ভাৰতীৰ বাবে ১২ বছৰ সংঘতান মন্ত্ৰী আছিল আৰু তেওঁ এজন  আৰ এছ এছ কৰ্মকৰ্তা স্বয়ংসেৱক।’’  ডিআৰডিঅ'ৰ বিজ্ঞানী হোৱা স্বত্বেও তেওঁ শাখা পৰিদৰ্শন কৰি আছিল বুলি কংগ্ৰেছ নেতা জনে অভিযোগ কৰিছিল।

ইপিনে কুৰুলকাৰৰ প্ৰসংগকলৈ ছ’চিয়েল মিডিয়াতো সমালোচনাৰ জোৱাৰ উঠিছে। এগৰাকী নেটিজেনে লিখিছে-ইয়াতকৈ ডাঙৰ দেশদ্ৰোহী কি হ'ব পাৰে? অথচ আমি ইয়াত ছাভাৰকাৰৰ জন্ম জয়ন্তী উদযাপন কৰি আছো । বিজেপি আৰু সংবাদ মাধ্যমৰ ইমান নীৰৱতা কিয় ? উল্লেখ্য  ডিআৰডিঅ'ৰ বিজ্ঞানী প্ৰদীপ কুৰুলকাৰে পাকিস্তানী চোৰাংচোৱা কৰ্মীৰ প্ৰতি আকৰ্ষিত হৈ ভাৰতৰ মিছালৰ তথ্য পাকিস্তানক অৰ্পন কৰাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে। 'জাৰা দাসগুপ্ত' ছদ্মনামেৰে ভাৰতীয় বিজ্ঞানীগৰাকীক প্ৰেমত জালত পেলোৱা পাকিস্তানী এজেণ্টগৰাকীৰ বহু তথ্য ইতিমধ্যে ফাদিল হৈ পৰিছে। 

 ভাৰতীয় বিজ্ঞানী প্ৰদীপ কুৰুলকাৰে অন্যান্য শ্ৰেণীবদ্ধ প্ৰতিৰক্ষা প্ৰকল্পৰ লগতে  ভাৰতীয় মিছাইল প্ৰণালীৰ বিষয়ে তেওঁৰ সৈতে কথা পাতিছিল বুলি শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে দাখিল কৰা  অভিযোগনামাত কোৱা হৈছে। মহাৰাষ্ট্ৰ আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী গোটে  যোৱা সপ্তাহত পুনেৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (ডিআৰডিঅ') পৰীক্ষাগাৰৰ সঞ্চালক কুৰুলকাৰৰ বিৰুদ্ধে  আদালতত অভিযোগনামা দাখিল কৰে। 

তেওঁক ৩ মে'ত অফিচিয়েল চিক্ৰেটছ এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এতিয়া তেওঁ ন্যায়িক জিম্মাত আছে। কুৰুলকাৰ আৰু 'জাৰা দাসগুপ্ত' নামেৰে প্ৰেমৰ অভিনয় কৰা পাক মহিলা এজেণ্টগৰাকীৰ  হোৱাটছএপৰ বাৰ্তা আৰু  কণ্ঠস্বৰ আদি পৰীক্ষা কৰি থকা হৈছে। 
ভিডিঅ' কলৰ বিষয়েও চাৰ্জশ্বীটখনত উল্লেখ কৰা হৈছে। দাসগুপ্তাই  নিজকে ব্ৰিটেইনৰ এগৰাকী  ছফ্টৱেৰ অভিযন্তা বুলি পৰিচয় দিছিল।  তেওঁ ভাৰতীয় বিজ্ঞানীগৰাকীলৈ  অশ্লীল বাৰ্তা আৰু ভিডিঅ' প্ৰেৰণ কৰিছিল আৰু  তেওঁৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। 

অনুসন্ধানৰ সময়ত মহিলাগৰাকীৰ আইপি ঠিকনা পাকিস্তান বুলি নিশ্চিত কৰা হৈছিল।  এ টি এছে অভিযোগনামা খনত এই সকলো কথা উল্লেখ কৰিছে।  পাকিস্তানী এজেণ্টগৰাকীয়ে  ব্ৰাহ্মছ লঞ্চাৰ, ড্ৰোন, ইউচিভি, অগ্নি মিছাইল লঞ্চাৰ আৰু মিলিটাৰী ব্ৰিজিং চিষ্টেম সম্পৰ্কেগোপন আৰু  সংবেদনশীল তথ্য লাভ  কৰাৰ চেষ্টা কৰিছিল।

 এ.টি.এছৰ মতে  জুন ২০২২ ৰ পৰা ডিচেম্বৰ ২০২২ লৈ দুয়োগৰাকী ঘনিষ্ঠ  যোগাযোগত আছিল। ডিআৰডিঅ'য়ে তেওঁৰ কাৰ্যকলাপ সন্দেহজনক বুলি প্ৰমাণিত হোৱাৰ পিছত আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰাৰ ঠিক আগতে কুৰুলকাৰে ২০২৩ চনৰ ফেব্ৰুৱাৰীত জাৰাৰ নম্বৰটো ব্ল’ক কৰি দিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস