--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক শব্দ উচ্চাৰণ কৰাটো অপমানজনক, কিন্তু এয়া ৰাষ্ট্ৰদ্ৰোহ নহয়। এই গুৰুত্বপূৰ্ণ মন্ত্ব্য কৰিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ে ।  কৰ্ণাটকৰ বিদাৰৰ শ্বাহিন বিদ্যালয়ৰ এক গোচৰৰ বিষয়ত আদালতে এনেদৰে কয় ।

২০২০  চনত বিদ্যালয় খনৰ শিক্ষাৰ্থীসকলে কা আৰু এন.আৰ.চি.-ৰ বিৰুদ্ধে এখন নাটক মঞ্চস্থ কৰাক লৈ বিতৰ্ক হৈছিল।ফলত  বিদ্যালয় পৰিচালনা সমিতিৰ  বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু হৈছিল। কৰ্ণাটক উচ্চ ন্যায়ালয়ে সেই গোচৰ বাতিল কৰি কয় যে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক শব্দ ব্যৱহাৰ কৰাটো  অপমানজনক আৰু দায়িত্বহীন, কিন্তু সেয়া  ৰাজদ্ৰোহৰ সমান নহয়।উচ্চ ন্যায়ালয়ৰ কালাবুৰাগী বিচাৰপীঠৰ ন্যায়াধীশ হেমন্ত চন্দনগৌদাৰে বিদাৰৰ নিউ টাউন আৰক্ষী থানাই বিদাৰৰ আলাউদ্দিনৰ শ্বাহিন স্কুলৰ পৰিচালনা সমিতিৰ সকলো ব্যক্তিৰ বিৰুদ্ধে দাখিল কৰা ৰাষ্ট্ৰদ্ৰোহৰ এজাহাৰ বাতিল কৰে। 

আদালতে কয়  যে গোচৰটোত ভাৰতীয় দণ্ডবিধিৰ  ধাৰা ১৫৩এ (ধৰ্মীয় গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰা)ৰ কোনো উপস্থিতি কাম্য নহয়। আদালতে কয় "প্ৰধানমন্ত্ৰীক জোতাৰে আঘাত কৰিব লাগে বুলি অপমানজনক শব্দ উচ্চাৰণ কৰাটো কেৱল অপমানজনকেই নহয়, দায়িত্বহীনো। চৰকাৰী নীতিয়ে  গঠনমূলক সমালোচনাৰ অনুমতি দিয়ে , কিন্তু এই ক্ষেত্ৰত  সাংবিধানিক কৰ্মকৰ্তাসকলক অপমান কৰিব নোৱাৰি। ইয়াৰ ফলত বহু লোকে  আপত্তি দৰ্শাব পাৰে," ।

অভিযোগ কৰা হৈছিল যে শিশুসকলে উপস্থাপন কৰা নাটকখনে চৰকাৰৰ বিভিন্ন আইনক সমালোচনা কৰিছিল আৰু দেখুৱাইছিল যে যদি এনে আইন কাৰ্যকৰী হ’লে  মুছলমানসকলে দেশ ত্যাগ কৰিব লাগিব পাৰে।  উচ্চ ন্যায়ালয়ে কয়  যে নাটকখন বিদ্যালয় চৌহদৰ ভিতৰত মন্স্থ কৰা  হৈছিল। শিশুসকলে  হিংসাত উদগনি দিবলৈ বা ৰাজহুৱা বিশৃংখলতা সৃষ্টি কৰিবলৈ কোনো শব্দ উচ্চাৰণ কৰা নাছিল।উচ্চ ন্যায়ালয়ে কয়  যে এজন অভিযুক্তই তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্টত আপলোড কৰাৰ পিছত নাটকখন ৰাজহুৱা হৈছিল।

"সেয়েহে, প্ৰয়োজনীয় উপাদানৰ অনুপস্থিতিত, ধাৰা ১২৪এ (দেশদ্ৰোহ) আৰু ধাৰা ৫০৫(২)ৰ অধীনত  এজাহাৰ পঞ্জীয়ন কৰাটো গ্ৰহণযোগ্য নহয়," আদালতে কয়।

প্ৰতিবেদনঅনুসৰি, ২০২০ চনৰ ২১ জানুৱাৰীত বিদাৰ স্থিত শ্বাহিন বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে নাগৰিকত্ব সংশোধনী আইন (চিএএ) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)ৰ বিৰুদ্ধে শিক্ষাৰ্থীসকলে নাটক মন্স্থ  কৰাৰ পিছত দেশদ্ৰোহৰ এজাহাৰ দাখিল কৰা হৈছিল।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এবিভিপি) কৰ্মী নীলেশ ৰাক্ষশ্যলৰ অভিযোগৰ পিছত এই চাৰিজন লোকক আইপিচি ধাৰা ৫০৪ (শালীনতা ক্ষুণ্ণ কৰাৰ উদ্দেশ্যৰে ইচ্ছাকৃত অপমান), ৫০৫(২), ১২৪এ (ৰাজদ্ৰোহ), ১৫৩এ আৰু ৩৪ জন আইপিচিৰ অধীনত অভিযুক্ত কৰা হৈছিল।
উচ্চ ন্যায়ালয়ে বিদ্যালয়সমূহক শিশুসকলক চৰকাৰৰ সমালোচনা কৰাৰ  পৰা আঁতৰাই ৰাখিবলৈও পৰামৰ্শ দিয়ে।

২০২০ চনত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে ৮৫ জনতকৈও অধিক শিক্ষাৰ্থীক নাটকখনৰ বিষয়ে সোধা-পোছা কৰিছিল । তেতিয়া আৰক্ষীৰ আচৰণক লৈ বহুতে প্ৰশ্ন কৰিছিল। কৰ্ণাটক ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে আৰক্ষীক ভৰ্ৎসনা কৰাৰ পিছতহে ছাত্ৰ-ছাত্ৰীসকলক সোধা-পোছা বন্ধ কৰা হৈছিল।
নাটকখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে আলোচনা কৰা এগৰাকী ছাত্ৰীৰ মাতৃ আৰু বিদ্যালয়ৰ অধ্যক্ষ ফৰিদা বেগমক আৰক্ষীয়ে ২০২০ চনৰ ৩০ জানুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল। প্ৰায় দুসপ্তাহৰ পিছত তেওঁক জামিন দিয়া হৈছিল। 

বিদাৰৰ জিলা আৰু সত্ৰ আদালতে ২০২০ চনৰ মাৰ্চ মাহত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ  পাঁচজন ব্যক্তিক আগতীয়া জামিন প্ৰদান কৰে, নাটকখনৰ বিষয়বস্তু ৰাজদ্ৰোহৰ শ্ৰেণীৰ অন্তৰ্গত নহয় বুলি ৰায় দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক