--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত অসমবাসীৰ জল্পনা-কল্পনাত পৰিল চেঁচাপানী। অসমৰ বোৱাৰী নহয় শ্ৰুতি হাছান, কামাল হাছানৰ জোঁৱাই নহয় শান্তনু হাজৰিকা। অসমৰ যুৱক শান্তনু হাজৰিকাৰ সৈতে ব্ৰেকআপ ঘটিছে শ্ৰুতিৰ। চাৰি বছৰীয়া দীৰ্ঘদিনীয়া প্ৰেমৰ অৱসান ঘটাই পৃথক হৈছে দুয়ো। বি টাউনৰ জনপ্ৰিয় যুটি শ্ৰুতি হাছান আৰু শান্তনু হাজৰিকাৰ প্ৰেমৰ সম্পৰ্কক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে৷ 
Has Shruti Haasan split up with her boyfriend Santanu? | Telugu Cinema
২০২২ চনৰ ৰঙালী বিহুৰ সময়ত শান্তনুৰ সৈতে অসমলৈ আহিছিল শ্ৰুতি। অসমলৈ আহি অসমৰ প্ৰেমত পৰা বুলি কৈছিল শ্ৰুতিয়ে। অসমীয়া খাদ্য, সাজপাৰৰ কৰিছিল প্ৰশংসা। অসমীয়া ভাষা শিকি থকাৰ কথাও কৈছিল। লৈছিল আলু পিটিকাৰ জুতি... চিঞৰিছিল ‘জয় আই অসম’ বুলি।
Photos: Shruti Haasan looks breathtaking in black pat silk saree as she  attends Rongali Bihu event in Guwahati, Assam | Hindustan Times
তেতিয়াই অসমবাসীৰ মনত আশাই পোখা মেলিছিল যে বলীউড তথা দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী কামাল হাছানৰ কন্যা শ্ৰুতি হ’ব অসমৰ বোৱাৰী। কিন্তু কোনে জানে কাৰ কপালত কি লিখা আছে। 

এতিয়া সেই মধুৰ সম্পৰ্কৰ অৱসান ঘটিল। ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে এই কিউট কাপলৰ বিচ্ছেদৰ খবৰ।
Shruti Haasan On Dating Santanu Hazarika: 'I'm Very Thankful That He Is In  My Life' - News18
শ্ৰুতি আৰু শান্তনুৱে ছ’চিয়েল মিডিয়াতো ইজনে সিজনক আনফ’ল’ কৰিছে। কেৱল এয়াই নহয় শ্ৰুতিয়ে শান্তনুৰ সৈতে থকা সকলো ফটো ডিলিট কৰি দিছে। শ্ৰুতি সাধাৰণতে ইনষ্টাগ্ৰামত যথেষ্ট সক্ৰিয় হৈ থাকে৷ তেওঁ অনুৰাগীসকলৰ সৈতে জড়িত হৈ থকাৰ লগতে তেওঁৰ ষ্টৰীসমূহ প্ৰায়েই শ্বেয়াৰ কৰে। শেহতীয়াকৈ শ্ৰুতি বহুদিন ধৰি ইনষ্টাগ্ৰামত এক্টিভ নাছিল৷ 

শেহতীয়াকৈ শ্ৰুতিয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ৰহস্যময় টোকা লিখিছে, য’ত লিখা আছিল, ‘এয়া আছিল অতি উন্মাদ যাত্ৰা, নিজৰ বিষয়ে আৰু মানুহৰ বিষয়ে বহু কথা জানিব পাৰিলোঁ।’

অৱশ্যে শ্ৰুতি হাছান আৰু শান্তনু হাজৰিকাই এতিয়াও বিচ্ছেদ সন্দৰ্ভত কোনো বিবৃতি প্ৰকাশ কৰা নাই। শ্ৰুতি আৰু শান্তনু ৪ বছৰীয়া প্ৰেমৰ সম্পৰ্কত থকাৰ লগতে লিভ-ইন ৰিলেচনতো আছিল। দুয়োকে প্ৰায়ে একেলগে দেখা পোৱা গৈছিল আৰু ইজনে সিজনৰ প্ৰতি থকা প্ৰেম ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল।
Shruti Haasan celebrates boyfriend Santanu Hazarika's birthday with cute  pics & special cake: Pics
উল্লেখ্য যে শান্তনু হাজৰিকা এগৰাকী বিখ্যাত ডুডল আৰ্টিষ্ট। শান্তনুৰ চিত্ৰ দেখি অভিভূত হৈছিল শ্ৰুতি। তেনেকৈয়ে দুয়োৰে মাজত বন্ধুত্ব আৰু প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদায় বৎসলা! এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বৎসলা আৰু নাই
ৰাজনীতিত ভৰি দি বৃহৎ লোকচানৰ সন্মুখীন ইলন মাস্ক
সন্ত্ৰাসবাদীক লৈ পাকিস্তানৰ মুখা খুলিলে মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাই
দালাই লামাক ভাৰত ৰত্ন প্ৰদানৰ দাবী ৮০ সাংসদৰ
বহুদিন ধৰি কঁপি আছিল!  গুজৰাটৰ শোকাৱহ দলং দুৰ্ঘটনা অৱহেলাৰে ফল নেকি?
ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয় টেষ্টত খেলিব বুমৰাহে
কঁঠাল খাওক, লাভ কৰিব আচৰিত উপকাৰিতা
ৰাজা ৰঘুবংশীৰ ভগ্নীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ গোচৰ ৰুজু
আমৃখোৱাত বিহ দি কপৌ নিধন কৰা কৃষকক জে'ললৈ
সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ উদ্যোগত ৰাজ্যজুৰি বহু ঔষধি গুণৰ নাগচম্পাৰ পুলি ৰোপণৰ অভিযান
অস্তিত্বৰ গৰাহত জোনাইৰ কবু চাপৰি বন ঘৰচীয়া ঘোঁৰা
জুন মাহত জিলাভেদে ৭৭% পৰ্যন্ত কম বৰষুণ, খৰাঙৰ আশংকা
হাত নথকাকৈ জন্ম হ’ল শিশু কন্যা, শিশুটিক চাবলৈ হাস্পতালত মানুহৰ ভিৰ
বার্মিংহামত লং জাম্পত সোণ জয় ৰিম্পী বুঢ়াগোহাঁইৰ