--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পাকিস্তানৰ কৰাচীত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে আৰু বিস্ফোৰণত অতি কমেও ১০জন লোক নিহত হোৱাৰ খবৰ আহিছে। শনিবাৰে দিনত সংঘটিত হোৱা বিস্ফোৰণটোত আন কেইবাগৰাকী লোক আহত হয়।

কৰাচীৰ শ্বেৰশ্বাহৰ পৰাচা চ’ক অঞ্চলৰ এটা ব্যক্তিগত খণ্ডৰ বেংকৰ তলত থকা নৰ্দমাত বিস্ফোৰণটো সংঘটিত হোৱা বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। নলাটোৰে পৰিবাহী গেছ বিস্ফোৰণৰ কাৰক বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে নলাটো পৰিষ্কাৰ কৰিবলৈ বিল্ডিংটো খালী কৰিবলৈ বেংক কৰ্তৃপক্ষক জাননী জাৰি কৰা হৈছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি নলাটোৰ মাজেৰে যোৱা গেছ পাইপলাইনত বিস্ফোৰণটো সংঘটিত হৈছে। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে, দাঁতিকাষৰীয়া অন্য বিল্ডিঙৰো ক্ষতিসাধন হয়। গেছ পাইপলাইনত কিহৰ স্ফুলিংগই বিস্ফোৰণ সংঘটিত কৰিলে সেয়া তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই আৰু বিস্ফোৰণ বিশেষজ্ঞৰ এটা দল ঘটনাস্থলীলৈ মাতি পঠিওৱা বুলি আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ ৰূপ!  ডেগাৰৰ আক্ৰমণত আহত ৩
বিলাসীপাৰাত শোকাৱহ ঘটনা! ব্ৰহ্মপুত্ৰত সন্ধানহীন দুজন
অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অক্লান্ত কৰ্মী সমীৰ ৰয়ক সম্বৰ্ধনা মালামাল বয়জৰ
অসমৰ লোক-সংস্কৃতিক জীয়াই ৰখা সংগ্ৰামৰ জীয়া এপিটাফ
দেশত প্রচলন ২৪৫বিধ নকল ঔষধ
ছনী টিভিৰ ৰিয়েলিটি শ্ব'লৈ নিৰ্বাচিত অসমৰ জিজ্ঞাসা কাশ্যপ
'আঞ্চলিকতাকেন্দ্রিক, জাতিগত ৰাজনীতি বিপজ্জনক'
চাহ গছৰ পেলনীয়া মুঢ়াত সৃষ্টিৰ যাদু ; নিৰৱ ভাস্কৰ্য শিল্পী অমৃত হাজৰিকাৰ সৃষ্টি দেশ-বিদেশত সমাদৃত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
চীনৰ এক সিদ্ধান্তৰ বাবে ভাৰতৰ ইলেক্ট্ৰনিক উদ্যোগ সংকটত, বাজিত ৩২ বিলিয়ন ডলাৰ!
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে