--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পাকিস্তানৰ কৰাচীত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে আৰু বিস্ফোৰণত অতি কমেও ১০জন লোক নিহত হোৱাৰ খবৰ আহিছে। শনিবাৰে দিনত সংঘটিত হোৱা বিস্ফোৰণটোত আন কেইবাগৰাকী লোক আহত হয়।

কৰাচীৰ শ্বেৰশ্বাহৰ পৰাচা চ’ক অঞ্চলৰ এটা ব্যক্তিগত খণ্ডৰ বেংকৰ তলত থকা নৰ্দমাত বিস্ফোৰণটো সংঘটিত হোৱা বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। নলাটোৰে পৰিবাহী গেছ বিস্ফোৰণৰ কাৰক বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে নলাটো পৰিষ্কাৰ কৰিবলৈ বিল্ডিংটো খালী কৰিবলৈ বেংক কৰ্তৃপক্ষক জাননী জাৰি কৰা হৈছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি নলাটোৰ মাজেৰে যোৱা গেছ পাইপলাইনত বিস্ফোৰণটো সংঘটিত হৈছে। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে, দাঁতিকাষৰীয়া অন্য বিল্ডিঙৰো ক্ষতিসাধন হয়। গেছ পাইপলাইনত কিহৰ স্ফুলিংগই বিস্ফোৰণ সংঘটিত কৰিলে সেয়া তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই আৰু বিস্ফোৰণ বিশেষজ্ঞৰ এটা দল ঘটনাস্থলীলৈ মাতি পঠিওৱা বুলি আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ