--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

পাকিস্তানৰ হায়দৰাবাদৰ  বাসিন্দাৰ এজনে  ব্যক্তিগত সংঘৰ্ষৰ বাবে সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ এজন ব্যক্তিৰ বিৰুদ্ধে দেওবাৰে নিন্দাৰ এটা ভুৱা গোচৰ ৰুজু কৰিছিল৷

হিন্দু সংখ্যালঘু সম্প্ৰদায়ৰ লোকজন  অশোক কুমাৰ বুলি চিনাক্ত কৰা হৈছিল৷  অশোক কুমাৰ আছিল পেছাত এজন চুইপাৰ ৷ পাকিস্তানৰ হায়দৰাবাদৰ সদদাৰৰ ৰাবিয়া কেন্দ্ৰত তেওঁক ৰখা হৈছিল আৰু এদল  হিংসাত্মক জনতাই  নৃশংসভাৱে তেওঁক আক্ৰমণ কৰিছিল৷

আৰক্ষীয়ে মন্তব্য  কৰে যে এজন স্থানীয় বাসিন্দা এজনৰ  সৈতে থকা ব্যক্তিগত সংঘৰ্ষৰ বাবেই  চেনিটাৰী কৰ্মীজনক লক্ষ্য কৰি লোৱা হৈছিল৷  মুবাশ্বিৰ জৈদীয়ে এটা টুইটত কয়।


টুইটাৰযোগে দক্ষিণ-এছিয়াৰ সংবাদদাতা নাইলা ইনায়াতে টুইট কৰি কয় যে  "হায়দৰাবাদত কোৰাণ কলুষিত কৰাৰ অভিযোগত হিন্দু চেনিটাৰী কৰ্মী অশোক কুমাৰৰ বিৰুদ্ধে ২৯৫ বি ৰ অধীনত নিন্দাৰ গোচৰ ৰুজু কৰা হৈছে। দোকানী বিলাল আব্বাচীৰ সৈতে হোৱা বিবাদৰ পিছত এই অভিযোগ উত্থাপিত হৈছিল ৷ এই বিলাল আব্বাচীয়ে কুমাৰৰ বিৰুদ্ধে ভুৱা অভিযোগ দাখিল কৰিছিল৷

পাকিস্তানত সংঘটিত হোৱা এই ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে৷ উল্লেখযোগ্য যে , মাত্ৰ সাধাৰণ কথা এটাৰ বাবেই এনে গুৰুতৰ শাস্তিৰ সন্মুখীন হোৱা ঘটনা পাকিস্তানত পূৰ্বেও বহুবাৰ সংঘটিত হৈছে৷ দৈনিক বৃদ্ধি পাই অহা এনে সংঘাতে স্বাভাৱিকতেই ভীতিগ্ৰস্ত কৰিছে পাকিস্তানৰ  সংখ্যালঘু লোকসকলক৷ 

লক্ষণীয়ভাৱে,  ১৯৪৭ চনৰ পৰা দেশখনত মুঠ ১,৪১৫ টা এনে ঘৃণা বিয়পোৱা ঘটনা সংঘটিত হৈছে। 
থিংক টেংকৰ প্ৰতিবেদন অনুসৰি, ১৯৪৭ চনৰ পৰা ২০২১ চনলৈ মুঠ ১৮ গৰাকী মহিলা আৰু ৭১ জন পুৰুষক অন্যায়ভাৱে  হত্যা কৰা হৈছিল। অৱশ্যে, থিংক টেংকৰ মতে, প্ৰকৃত ঘটনাৰ সংখ্যা অধিক বুলি বিশ্বাস কৰা ৷  কিয়নো সকলো ঘটনাৰ তথ্য  প্ৰতিবেদনত অন্তভূক্ত কৰাটো সম্ভৱ নহয়৷ 

আন এক প্ৰতিবেদন অনুসৰি, ২০২১ চনত মুছলমানসকলে অধিকাংশ আক্ৰমণ কৰিছিল  আহমেদী, হিন্দু আৰু খ্ৰীষ্টান লোকসকলৰ ওপৰত৷  প্ৰতিবেদনখনে পৰামৰ্শ দিছিল যে বিগত বছৰবোৰত এনে  অপ্ৰমাণিত আৰু অনুমানমূলক অভিযোগত আক্ৰমণৰ  সংখ্যা  বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু