--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

পাকিস্তানৰ হায়দৰাবাদৰ  বাসিন্দাৰ এজনে  ব্যক্তিগত সংঘৰ্ষৰ বাবে সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ এজন ব্যক্তিৰ বিৰুদ্ধে দেওবাৰে নিন্দাৰ এটা ভুৱা গোচৰ ৰুজু কৰিছিল৷

হিন্দু সংখ্যালঘু সম্প্ৰদায়ৰ লোকজন  অশোক কুমাৰ বুলি চিনাক্ত কৰা হৈছিল৷  অশোক কুমাৰ আছিল পেছাত এজন চুইপাৰ ৷ পাকিস্তানৰ হায়দৰাবাদৰ সদদাৰৰ ৰাবিয়া কেন্দ্ৰত তেওঁক ৰখা হৈছিল আৰু এদল  হিংসাত্মক জনতাই  নৃশংসভাৱে তেওঁক আক্ৰমণ কৰিছিল৷

আৰক্ষীয়ে মন্তব্য  কৰে যে এজন স্থানীয় বাসিন্দা এজনৰ  সৈতে থকা ব্যক্তিগত সংঘৰ্ষৰ বাবেই  চেনিটাৰী কৰ্মীজনক লক্ষ্য কৰি লোৱা হৈছিল৷  মুবাশ্বিৰ জৈদীয়ে এটা টুইটত কয়।


টুইটাৰযোগে দক্ষিণ-এছিয়াৰ সংবাদদাতা নাইলা ইনায়াতে টুইট কৰি কয় যে  "হায়দৰাবাদত কোৰাণ কলুষিত কৰাৰ অভিযোগত হিন্দু চেনিটাৰী কৰ্মী অশোক কুমাৰৰ বিৰুদ্ধে ২৯৫ বি ৰ অধীনত নিন্দাৰ গোচৰ ৰুজু কৰা হৈছে। দোকানী বিলাল আব্বাচীৰ সৈতে হোৱা বিবাদৰ পিছত এই অভিযোগ উত্থাপিত হৈছিল ৷ এই বিলাল আব্বাচীয়ে কুমাৰৰ বিৰুদ্ধে ভুৱা অভিযোগ দাখিল কৰিছিল৷

পাকিস্তানত সংঘটিত হোৱা এই ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে৷ উল্লেখযোগ্য যে , মাত্ৰ সাধাৰণ কথা এটাৰ বাবেই এনে গুৰুতৰ শাস্তিৰ সন্মুখীন হোৱা ঘটনা পাকিস্তানত পূৰ্বেও বহুবাৰ সংঘটিত হৈছে৷ দৈনিক বৃদ্ধি পাই অহা এনে সংঘাতে স্বাভাৱিকতেই ভীতিগ্ৰস্ত কৰিছে পাকিস্তানৰ  সংখ্যালঘু লোকসকলক৷ 

লক্ষণীয়ভাৱে,  ১৯৪৭ চনৰ পৰা দেশখনত মুঠ ১,৪১৫ টা এনে ঘৃণা বিয়পোৱা ঘটনা সংঘটিত হৈছে। 
থিংক টেংকৰ প্ৰতিবেদন অনুসৰি, ১৯৪৭ চনৰ পৰা ২০২১ চনলৈ মুঠ ১৮ গৰাকী মহিলা আৰু ৭১ জন পুৰুষক অন্যায়ভাৱে  হত্যা কৰা হৈছিল। অৱশ্যে, থিংক টেংকৰ মতে, প্ৰকৃত ঘটনাৰ সংখ্যা অধিক বুলি বিশ্বাস কৰা ৷  কিয়নো সকলো ঘটনাৰ তথ্য  প্ৰতিবেদনত অন্তভূক্ত কৰাটো সম্ভৱ নহয়৷ 

আন এক প্ৰতিবেদন অনুসৰি, ২০২১ চনত মুছলমানসকলে অধিকাংশ আক্ৰমণ কৰিছিল  আহমেদী, হিন্দু আৰু খ্ৰীষ্টান লোকসকলৰ ওপৰত৷  প্ৰতিবেদনখনে পৰামৰ্শ দিছিল যে বিগত বছৰবোৰত এনে  অপ্ৰমাণিত আৰু অনুমানমূলক অভিযোগত আক্ৰমণৰ  সংখ্যা  বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement