--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্ত্ৰাসমুক্ত জম্মু-কাশ্মীৰৰ লক্ষ্যৰে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। উপত্যকাটোত বিগত কেইমাহমানৰ পৰা চলি থকা ধাৰাবাহিক অভিযানত নিৰাপত্তাৰক্ষীৰ হাতত মৃত্যুবৰণ কৰিছে কেইবাগৰাকীও সন্ত্ৰাসবাদীয়ে। লগতে নিৰাপত্তাৰক্ষীয়ে আটক কৰিছে কেইবাগৰাকীও সন্ত্ৰাসবাদী সদস্য তথা গ্ৰাউণ্ড ৱৰ্কাৰক। এই নিৰন্তৰ অভিযানৰ মাজতে আজি জম্মু-কাশ্মীৰৰ বুদগাম জিলাত লস্কৰ-ই-তৈবা (এল ই টি)ৰ দুজন সহযোগীক গ্ৰেপ্তাৰ কৰিছে সুৰক্ষা বাহিনীয়ে।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে সেনা আৰু চিআৰপিএফৰ সৈতে এক যুটীয়া অভিযান চলাই বুদগামত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ দুজন সহযোগী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে বুলি এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে। ধৃত সদস্য দুগৰাকীক ক্ৰমে ক্ৰলপোৰাৰ শ্বাহনাৱাজ আহমেদ ভাট আৰু গুণ্ড চেকপোৰাৰ বাসিন্দা সমীৰ আহমেদ নাজাৰ বুলি চিনাক্ত কৰা হৈছে।

দুই গৰাকী ব্যক্তিৰ পৰা সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত বহু আপত্তিজনক সামগ্ৰীসহ মাৰণাস্ত্ৰ তথা গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে বুলিও আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে  বিষয়াগৰাকীৰ ভাষ্য অনুসৰি গ্ৰেপ্তাৰ কৰা দুয়োগৰাকী সহযোগী সদস্যই বুদগামৰ চাদুৰা অঞ্চলত সন্ত্ৰাসবাদী সংগঠনটোৰ সক্ৰিয় সন্ত্ৰাসবাদীসকলক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ পৰিবহনত সহায় আগবঢ়াইছিল।

উল্লেখ্য যে ভূ-স্বৰ্গ জম্মু-কাশ্মীৰত চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰ ৰূপত চলি আছে। সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে উপত্যকাটোত চলিত বৰ্ষত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযানত নামি পৰিছে।

বৰ্ষটোৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছে প্ৰায় ১৫০ গৰাকী সন্ত্ৰাসবাদী সদস্য। কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে শেহতীয়াকৈ এক বিবৃতি যোগে যোৱা মে’ মাহত এক তথ্য প্ৰকাশ কৰিছিল। কুমাৰে উল্লেখ কৰা অনুসৰি নিৰাপত্তাৰক্ষীয়ে বৰ্ষটোৰ আৰম্ভণিৰ পৰা তেতিয়ালৈকে মুঠ ১০০ জন সন্ত্ৰাসবাদীক হত্যা কৰিছিল।

সেই সময়ছোৱাত লস্কৰ-ই-তৈবাৰ সৰ্বাধিক ৬৩ জন সদস্য সেনা-আৰক্ষীৰ অভিযানত নিহত হোৱা বুলি তেওঁ উল্লেখ কৰিছিল। আনহাতে আন এটা পাকিস্তানৰ পৰা পৰিচালিত সন্ত্ৰাসবাদী গোট জৈশ-ই-মহম্মদৰ ২৪ জন সদস্য নিহত হোৱা বুলি তেওঁ লগতে সদৰি কৰিছিল।

জম্মু-কাশ্মীৰৰ শীৰ্ষ আৰক্ষী বিষয়া সকলে লগতে জম্মু-কাশ্মীৰত কমেও ১৬৮ জন সন্ত্ৰাসবাদীয়ে গোপনে কাম কৰি আছে বুলি দাবী কৰিছিল। আনহাতে এই বছৰৰ প্ৰথম চাৰি মাহত ৮৭ জন গ্ৰাউণ্ড ৱৰ্কাৰক আটক কৰা হৈছিল বুলিও তেওঁলোকে জানিবলৈ দিছিল।

লক্ষ্যণীয়ভাৱে তাৰ পিছতো উপত্যকাটোত ধাৰাবাহিকভাৱে অভিযান চলাই আহিছিল নিৰাপত্তাৰক্ষীয়ে আৰু এনে অভিযানত মৃত্যুও হৈছে কেইবাগৰাকীও সন্ত্ৰাসবাদী সদস্যৰ। লগতে বহুকেইজন সদস্য তথা গ্ৰাউণ্ড ৱৰ্কাৰকো ইয়াৰ পিছত গ্ৰেপ্তাৰ কৰিছে সামৰিক বাহিনীয়ে। গতিকে বিজয় কুমাৰে দাঙি ধৰা তথ্যৰ সংখ্যা বৰ্তমান স্বাভাৱিকতেই যথেষ্ট বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু