--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশ পাকিস্তানৰ খাদ্য সমস্যাই পুনৰ চূড়ান্ত ৰূপ পাইছে। মুদ্ৰাস্ফীতিক নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। পাকিস্তান পৰিসংখ্যা ব্যুৰোৰ তথ্য অনুসৰি যোৱা সপ্তাহৰ পৰা দেশত মুদ্ৰাস্ফীতিৰ হাৰ ৪১ শতাংশৰ ওপৰত। দেশত দেখা গৈছে আটা, চাউল, চাহ, কুকুৰা, গেছ আৰু বিদ্যুতৰ মূল্যৰ অভূতপূৰ্ব বৃদ্ধি। পাকিস্তানৰ স্পৰ্শকাতৰ মূল্য সূচকাংক ৪২.৬ শতাংশ বৃদ্ধি পাইছে।

খাদ্য সামগ্ৰীৰ বৰ্ধিত মূল্যক লৈ যদি জনসাধাৰণ চিন্তিত, তেন্তে পাকিস্তানী ৰাজনীতিবিদসকল ৰাজনীতিত ব্যস্ত। বৰ্তমান পাকিস্তানত অন্তৱৰ্তীকালীন চৰকাৰ এখনে কাম কৰি আছে যদিও নিৰ্বাচনৰ বাবে মুদ্ৰাস্ফীতি আৰু দৰিদ্ৰতাত জীৱন কটোৱা জনসাধাৰণৰ প্ৰতি কোনেও গুৰুত্ব দিয়া নাই।

খাদ্য সামগ্ৰীৰ বাবে জনসাধাৰণৰ অৱস্থা ইতিমধ্যে দুৰ্বিষহ আছিল যদিও এতিয়া কোনো ধৰণৰ সকাহ দিয়াৰ পৰিৱৰ্তে চৰকাৰে আন এক বোজা জাপি দিছে। ২০২৪ চনৰ প্ৰথম ত্ৰৈমাসিকৰ তুলনাত প্ৰতি ইউনিটত ১.১৫ টকাকৈ বিদ্যুতৰ মূল্য বৃদ্ধি হোৱা বুলি এক জাননী জাৰি কৰিছে৷

প্ৰথম কথা পাকিস্তানত ধনৰ অভাৱ। দিনটোত দুবাৰকৈও আহাৰ পোৱাটো কঠিন। পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাবলৈ কৃত্ৰিম বৰষুণৰ বাবে ৩৫ কোটি টকা খৰচ হ’ব লাগিছিল যদিও ইউ এ ইয়ে লাহোৰৰ ১০ ঠাইত কোনো খৰচ নোহোৱাকৈ বৰষুণ দিয়ে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰী মোদীৰ ৰেডিঅ’ অনুষ্ঠান হৈ পৰিল হিট শ্ব’! চৰকাৰে লাভ কৰিলে ‘মন কি বাত’ৰ পৰা ৩৪.১৩ কোটি টকা
ভাতৃ-ভগ্নীৰ প্ৰেম শক্তিশালী হওক! আজি পবিত্ৰ ৰাখী বন্ধন
অনাথ আশ্ৰমৰ স্থানত খোলা হোটেল বন্ধ কৰিলে দেৱলাল গার্লোছাই
মুক্তিৰ পথত এখন নতুন অসমীয়া চলচ্চিত্র ;২২ আগষ্টত ৰাজ্যত মুক্তি লাভ কৰিব  'যোদ্ধা'
পেঙেৰীৰ ব্ৰহ্মাজানত শিক্ষাগুৰুৰ নিৰ্লজ্জ কাণ্ড , ওলাই আহিল কেইবাশতাধিক অৱিভাৱক
সমগ্ৰ গাজা দখলৰ পৰিকল্পনা নাই ইজৰাইলৰ
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
ফ্ৰীজত ৰখা আটা ‘বিহ’ হৈ পৰে নেকি? পুষ্টিবিদে কি কয় জানি লওক
বৃহৎ নাৰী সৰবৰাহ চক্ৰৰ লগত জড়িত এগৰাকী মহিলাক আটক ডিব্ৰুগড় আৰক্ষীৰ
১৭ ছেপ্টেম্বৰত মোদীৰ জন্মদিনৰ দিনা শুভাৰম্ভ হ'ব অৰুণোদয় ৩.০ৰ
বিপদত অনিল আম্বানী!
প্ৰমাণৰ এটা 'এটম বোমা' আছে, বিস্ফোৰিত হ'লে নিশ্চিহ্ন হ'ব নির্বাচন আয়োগ
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা লোকসকলৰ এই ৰোগৰ আশংকা সৰ্বাধিক!