--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশ পাকিস্তানৰ খাদ্য সমস্যাই পুনৰ চূড়ান্ত ৰূপ পাইছে। মুদ্ৰাস্ফীতিক নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। পাকিস্তান পৰিসংখ্যা ব্যুৰোৰ তথ্য অনুসৰি যোৱা সপ্তাহৰ পৰা দেশত মুদ্ৰাস্ফীতিৰ হাৰ ৪১ শতাংশৰ ওপৰত। দেশত দেখা গৈছে আটা, চাউল, চাহ, কুকুৰা, গেছ আৰু বিদ্যুতৰ মূল্যৰ অভূতপূৰ্ব বৃদ্ধি। পাকিস্তানৰ স্পৰ্শকাতৰ মূল্য সূচকাংক ৪২.৬ শতাংশ বৃদ্ধি পাইছে।

খাদ্য সামগ্ৰীৰ বৰ্ধিত মূল্যক লৈ যদি জনসাধাৰণ চিন্তিত, তেন্তে পাকিস্তানী ৰাজনীতিবিদসকল ৰাজনীতিত ব্যস্ত। বৰ্তমান পাকিস্তানত অন্তৱৰ্তীকালীন চৰকাৰ এখনে কাম কৰি আছে যদিও নিৰ্বাচনৰ বাবে মুদ্ৰাস্ফীতি আৰু দৰিদ্ৰতাত জীৱন কটোৱা জনসাধাৰণৰ প্ৰতি কোনেও গুৰুত্ব দিয়া নাই।

খাদ্য সামগ্ৰীৰ বাবে জনসাধাৰণৰ অৱস্থা ইতিমধ্যে দুৰ্বিষহ আছিল যদিও এতিয়া কোনো ধৰণৰ সকাহ দিয়াৰ পৰিৱৰ্তে চৰকাৰে আন এক বোজা জাপি দিছে। ২০২৪ চনৰ প্ৰথম ত্ৰৈমাসিকৰ তুলনাত প্ৰতি ইউনিটত ১.১৫ টকাকৈ বিদ্যুতৰ মূল্য বৃদ্ধি হোৱা বুলি এক জাননী জাৰি কৰিছে৷

প্ৰথম কথা পাকিস্তানত ধনৰ অভাৱ। দিনটোত দুবাৰকৈও আহাৰ পোৱাটো কঠিন। পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাবলৈ কৃত্ৰিম বৰষুণৰ বাবে ৩৫ কোটি টকা খৰচ হ’ব লাগিছিল যদিও ইউ এ ইয়ে লাহোৰৰ ১০ ঠাইত কোনো খৰচ নোহোৱাকৈ বৰষুণ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ