--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানত এতিয়া গণতন্ত্ৰৰ সংকট চলিছে৷ সাংবাদিকৰ স্বতন্ত্ৰ অধিকাৰত হস্তক্ষেপ কৰিছে দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰান খানে৷ ইমৰান খান নেতৃত্বাধীন চৰকাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰাৰ বাবে গ্ৰেপ্তাৰ হৈছে এগৰাকী সাংবাদিক৷ সাংবাদিকৰ বাক-স্বাধীনতা কাঢ়ি নিয়াৰ প্ৰচেষ্টা চলাইছে প্ৰধানমন্ত্ৰী ইমৰান খানে৷ ধৰ্মৰ বাবে উন্মাদ দেশখনৰ আৰ্থ-সামাজিক পৰিস্থিতি ভূলুণ্ঠিত৷ বিধ্বস্ত অৰ্থনীতিয়ে দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পেলাইছে দেশখনক৷ সন্ত্ৰাসবাদে পাকিস্তানৰ সামাজিক ব্যৱস্থাক বিগত কেইবাবছৰ ধৰি প্ৰভাৱিত কৰি ৰাখিছে৷ তথাপিও, ৰাষ্ট্ৰখনৰ সামগ্ৰিক বিকাশ আৰু সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে প্ৰধানমন্ত্ৰী ইমৰাম খানে বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ আজি পাকিস্তানৰ তদন্তকাৰী সংস্থা ‘ফেডাৰেল ইনভেচটিগেশ্যন এজেন্সী’, চমুকৈ এফআইএ-য়ে দেশখনৰ সাংবাদিক মহছিন বাইগক গ্ৰেপ্তাৰ কৰিছে৷ পাকিস্তানৰ ফেডাৰেল মন্ত্ৰী মুৰাদ ছাইদৰ অভিযোগৰ ভিত্তিত তেওঁৰ ঘৰৰ পৰা আটক কৰিছে৷ সাংবাদিকগৰাকীয়ে এটা টিভি অনুষ্ঠানৰ সময়ত শীৰ্ষ মন্ত্ৰীজনৰ বিষয়ে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উঠিছে৷ এফআইএৰ চাইবাৰ অপৰাধ শাখাই আজি সাংবাদিকজনৰ ঘৰত অভিযান চলাই তেওঁক নিজৰ জিম্মাত লয়৷ এফআইএ.-য়ে আদালতৰ পৰা আনুষ্ঠানিক অনুসন্ধান আৰু গ্ৰেপ্তাৰী পৰোৱানা লাভ কৰাৰ পাছতে অভিযান চলোৱা বুলি চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে৷ অভিযোগ অনুসৰি, সাংবাদিক বাইগে এটা আপত্তিজনক মন্তব্যৰ সৈতে এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে বুলি কোৱা হৈছে৷ যিটো পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছিল আৰু ৰাজহুৱাভাৱে মন্ত্ৰীগৰাকীৰ ভাবমূৰ্তিত প্ৰভাৱ পেলোৱা বুলি কোৱা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা