--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানত এতিয়া গণতন্ত্ৰৰ সংকট চলিছে৷ সাংবাদিকৰ স্বতন্ত্ৰ অধিকাৰত হস্তক্ষেপ কৰিছে দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰান খানে৷ ইমৰান খান নেতৃত্বাধীন চৰকাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰাৰ বাবে গ্ৰেপ্তাৰ হৈছে এগৰাকী সাংবাদিক৷ সাংবাদিকৰ বাক-স্বাধীনতা কাঢ়ি নিয়াৰ প্ৰচেষ্টা চলাইছে প্ৰধানমন্ত্ৰী ইমৰান খানে৷ ধৰ্মৰ বাবে উন্মাদ দেশখনৰ আৰ্থ-সামাজিক পৰিস্থিতি ভূলুণ্ঠিত৷ বিধ্বস্ত অৰ্থনীতিয়ে দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পেলাইছে দেশখনক৷ সন্ত্ৰাসবাদে পাকিস্তানৰ সামাজিক ব্যৱস্থাক বিগত কেইবাবছৰ ধৰি প্ৰভাৱিত কৰি ৰাখিছে৷ তথাপিও, ৰাষ্ট্ৰখনৰ সামগ্ৰিক বিকাশ আৰু সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে প্ৰধানমন্ত্ৰী ইমৰাম খানে বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ আজি পাকিস্তানৰ তদন্তকাৰী সংস্থা ‘ফেডাৰেল ইনভেচটিগেশ্যন এজেন্সী’, চমুকৈ এফআইএ-য়ে দেশখনৰ সাংবাদিক মহছিন বাইগক গ্ৰেপ্তাৰ কৰিছে৷ পাকিস্তানৰ ফেডাৰেল মন্ত্ৰী মুৰাদ ছাইদৰ অভিযোগৰ ভিত্তিত তেওঁৰ ঘৰৰ পৰা আটক কৰিছে৷ সাংবাদিকগৰাকীয়ে এটা টিভি অনুষ্ঠানৰ সময়ত শীৰ্ষ মন্ত্ৰীজনৰ বিষয়ে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উঠিছে৷ এফআইএৰ চাইবাৰ অপৰাধ শাখাই আজি সাংবাদিকজনৰ ঘৰত অভিযান চলাই তেওঁক নিজৰ জিম্মাত লয়৷ এফআইএ.-য়ে আদালতৰ পৰা আনুষ্ঠানিক অনুসন্ধান আৰু গ্ৰেপ্তাৰী পৰোৱানা লাভ কৰাৰ পাছতে অভিযান চলোৱা বুলি চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে৷ অভিযোগ অনুসৰি, সাংবাদিক বাইগে এটা আপত্তিজনক মন্তব্যৰ সৈতে এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে বুলি কোৱা হৈছে৷ যিটো পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছিল আৰু ৰাজহুৱাভাৱে মন্ত্ৰীগৰাকীৰ ভাবমূৰ্তিত প্ৰভাৱ পেলোৱা বুলি কোৱা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক