--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বিষয়ত অনুসন্ধানমূলক সাংবাদিকতাৰ নতুন ধাৰাৰ সৃষ্টি কৰা ভাৰতৰ স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান ‘The Wire’লৈ ২০২১ বৰ্ষৰ ‘MxMIndia Mediaperson of the Year’ বঁটা আগবঢ়োৱা হৈছে৷ সংবাদ প্ৰতিষ্ঠানটোৱে এই বছৰ পেগাছাচ প্ৰকল্পৰ বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে এই বঁটা লাভ কৰিছে৷ ২০১৫ চনত সিদ্ধাৰ্থ বৰদৰাজন, সিদ্ধাৰ্থ ভাটিয়া আৰু এম কে ভেনুৱে প্ৰতিষ্ঠা কৰা দ্য ৱায়াৰ পাছলৈ স্বতন্ত্ৰ সাংবাদিকতাৰ এখন মঞ্চ হিচাপে প্ৰতিষ্ঠিত হৈছিল৷


পেগাছাচ প্ৰকল্পই সম্ভাৱ্য নিৰীক্ষণ লক্ষ্যৰ ৫০,০০০ ফোন নম্বৰৰ গোপনীয়তা ভংগৰ তথ্য উন্মোচন কৰিছিল৷ পেগাছাচ প্ৰকল্পই প্ৰকাশ কৰিছিল যে কেনেদৰে এনএছঅ’ গোটৰ ছফ্টৱেৰ এটাক মানৱ অধিকাৰ উলংঘন সক্ষম কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। দ্য ৱায়াৰে পেগাছাচ প্ৰকল্পৰ তথ্য ধাৰাবাহিকভাৱে কৰা উন্মোচনৰ শৃংখলাটোৰ বাবে এই বৰ্ষৰ ‘এমএক্সএমইণ্ডিয়া মিডিয়াপাৰ্ছন অৱ দ্য ইয়েৰ বঁটা’ লাভ কৰিছে। উল্লেখযোগ্য যে, পেগাছাচ প্ৰকল্প হৈছে এক সহযোগিতামূলক অনুসন্ধান, য’ত ভাৰতৰ দ্য ৱায়াৰকে ধৰি ১০খন দেশৰ ১৭টা বাতৰি সংগঠনৰ ৮০জনতকৈয়ো অধিক সাংবাদিক অন্তৰ্ভুক্ত হৈ থাকে, যাক এমনেষ্টি ইণ্টাৰনেচনেলৰ নিৰাপত্তা পৰীক্ষাগাৰৰ কাৰিকৰী সমৰ্থনৰ সৈতে নিষিদ্ধ কাহিনীৰ দ্বাৰা সমন্বিত কৰা হয়। পেগাছাচ প্ৰকল্পই ইজৰাইলী এনএছঅ’ গোটৰ গ্ৰাহকসকলৰ দ্বাৰা সম্ভৱ আৰু সফল নিৰীক্ষণৰ বাবে বাছনি কৰা ফোন নম্বৰৰ তালিকা প্ৰকাশ কৰিছিল।
দ্য ৱায়াৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে, তালিকাত থকাসকলৰ ভিতৰত বিৰোধী ৰাজনীতিবিদ, সাংবাদিক, জ্যেষ্ঠ চৰকাৰী কৰ্মচাৰী আৰু কৰ্মীসকল অন্তৰ্ভুক্ত আছিল। পেগাছাচ প্ৰকল্পৰ দ্বাৰা ৰাজহুৱা কৰা ফলাফলৰ ওপৰত মুঠ নখন আৱেদন দাখিল কৰা হৈছিল। উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ সাংবাদিক এন ৰাম আৰু শশী কুমাৰ, ৰাজ্যসভাৰ সাংসদ জন ব্ৰিটাছ, অধিবক্তা এম এল শৰ্মা, ভাৰতীয় এডিটৰ্ছ গিল্ড, জগদীপ ছোকাৰ আৰু নৰেন্দ্ৰ মিশ্ৰাই আৱেদন দাখিল কৰিছিল। আৱেদন দাখিল কৰা চাৰিগৰাকী সাংবাদিক আছিলঃ পৰঞ্জয় গুহ ঠাকুৰতা, এছ.এন.এম. আবদি, প্ৰেম শংকৰ ঝা আৰু ৰূপেশ কুমাৰ সিং৷ তেওঁলোকে উল্লেখ কৰিছিল যে তেওঁলোকৰ ফোনবোৰ হেক কৰা হৈছিল আৰু ফৰেনচিক পৰীক্ষাই সেয়া প্ৰমাণ কৰিছিল। ব্যক্তিগত গোপনীয়তা ভংগ কৰা পেগাছাচ স্পাইৱেৰৰ ফোন হেকিং সন্দৰ্ভত বিশ্বজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ৷ বিশ্বৰ প্ৰায়সংখ্যক দেশেই এই ঘটনাৰ তদন্ত ঘোষণা কৰিছিল৷ মৌন হৈ ৰৈছিল ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ৷ আনকি, পেগাছাচ কাণ্ড সন্দৰ্ভত আজি পৰ্যন্ত মুখ নুখুলিলে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে৷ পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ, য’ত উচ্চতম ন্যায়ালয়েও প্ৰশ্ন কৰিছিল কেন্দ্ৰীয় চৰকাৰক৷ সেই ঘটনাৰ অন্ধকাৰ দিশ পোহৰলৈ আনি সত্যনিষ্ঠ সংবাদ পৰিৱেশন কৰিছিল দ্য ৱায়াৰে৷ যাৰ বাবে ভাৰতৰ এই প্ৰতিষ্ঠানটোলৈ আগবঢ়োৱা হৈছে সন্মানীয় বঁটা৷ ইয়াৰ লগে লগে দ্য ৱায়াৰৰ সংবাদ পৰিৱেশনৰ সততাই এক অন্য মাত্ৰা পোৱাৰ লগতে সমগ্ৰ বিষয়টো ভাৰত চৰকাৰৰ বাবে চিৰকালৰ লজ্জাৰ বিষয় হৈ থাকিল৷ একেসময়তে, ভাৰতত স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ গুৰুত্ব আৰু প্ৰভাৱ সম্পৰ্কেও নতুন দিশৰ উন্মেষ ঘটিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
AIত দক্ষতাৰ অভাৱ; ৮০০০ কৰ্মচাৰীক ছাটাই কৰিব METAই
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ
মাজুলীৰ দক্ষিণপাট সত্ৰত ৰঙালী বিহু উদযাপন: সত্ৰাধিকাৰৰ শুভেচ্ছা আৰু পৰম্পৰাগত 'মালা সেৱা' সম্পন্ন
মৰ্মান্তিক; গৰু গা ধোৱাবলৈ গৈ যমজ ভাতৃদ্বয়ৰ মৃত্যু