--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাক লৈ দেশজুৰি ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে। লাখ লাখ লোকে বহু বছৰ ধৰি এই দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। সেই অপেক্ষাৰ অন্ত পেলাই প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ প্ৰস্তুতি এতিয়া অন্তিম পৰ্যায়ত। ইয়াৰ বাবে প্ৰশাসন আৰু চৰকাৰে দীৰ্ঘদিন ধৰি কাম কৰি আছে। ৰাম মন্দিৰক লৈ সমগ্ৰ দেশ হৈ পৰিছে এতিয়া ৰামময়। কিন্তু দেখা যায় যে সমগ্ৰ বিশ্বৰ ঠায়ে ঠায়ে কেইবাটাও ৰাম মন্দিৰ আছে যদিও আপুনি জানেনে যে ভাৰতৰ চিৰবৈৰী দেশ অৰ্থাৎ পাকিস্তানতো এটা ৰাম মন্দিৰ অৱস্থিত। আজি আমি এই ৰাম মন্দিৰৰ বিষয়ে কিছু কথা জানো আহক।

উল্লেখযোগ্য যে ৰাজধানী ইছলামবাদৰ সমীপত থকা চৈয়দপুৰত অৱস্থিত পাকিস্তানত থকা ৰাম মন্দিৰটো। বিশ্বাস কৰা হয় যে ভগৱান ৰাম নিৰ্বাসনৰ সময়ত ইয়াতেই আছিল। ইছলামবাগৰ কোৱাইদ-ই-আজম বিশ্ববিদ্যালয়ৰ পুৰাতত্ত্ব বিভাগৰ তথ্য অনুসৰি বিভাজনৰ পাছতেই চৈয়দপুৰত থকা এই ৰাম মন্দিৰটো ইছলামবাদৰ ৰাজধানী উন্নয়ন কৰ্তৃপক্ষৰ অধীনলৈ আহে। কিন্তু বিভাজনৰ পাছত সকলো মন্দিৰৰ লগতে এই মন্দিৰটোৰো ৰক্ষণাৱেক্ষণ বন্ধ হৈ পৰিছিল। 

মন্দিৰৰ উপৰি পাকিস্তানৰ চৈয়দপুৰত অৱস্থিত গুৰুদ্বাৰা আৰু ধৰ্মশালাও আছে। এই গাঁওখনলৈ প্ৰতি বছৰে ৮০০০ৰো অধিক লোক দৰ্শনৰ বাবে আহিছিল। অৱশ্যে বিভাজনৰ পাছত হিন্দু সম্প্ৰদায়ৰ সকলো লোক ইয়াৰ পৰা গুচি যায়। ১৫৮০ চনত ৰাজা মান সিংহই পাকিস্তানত থকা ৰাম মন্দিৰটো নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয়। ভগৱান ৰাম আৰু লক্ষ্মণৰ নামত এটা পুখুৰীও আছিল যিবোৰ ইয়াৰ লোকসকলে বিভিন্ন কামত ব্যৱহাৰ কৰিছিল।

জানিব পৰা তথ্য অনুসৰি ৰাজধানী উন্নয়ন কৰ্তৃপক্ষই ৰাম মন্দিৰ পুনৰ নিৰ্মাণ কৰি মন্দিৰৰ পৰা মূৰ্তিবোৰ আঁতৰাই পেলায়। এই মন্দিৰত এতিয়া কোনো মূৰ্তি নাই আৰু দুৱাৰখন সদায় খোলা থাকে। ইয়াত কোনো লোককে পূজা কৰিবলৈ দিয়া হোৱা নাই।

১৯৬০ চনত ৰাম মন্দিৰৰ চৌহদটো ছোৱালীৰ বিদ্যালয়লৈ ৰূপান্তৰিত কৰা হয়। কিন্তু হিন্দু সম্প্ৰদায়ৰ লোকৰ প্ৰতিবাদৰ পাছত বিদ্যালয়খন তাৰ পৰা আঁতৰাই ৰাম মন্দিৰ খালী কৰা হয়। ইয়াৰ পাছতো ইয়াত সকলো লোককে পূজা কৰাত বাধা প্ৰদান কৰা কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ