--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাক লৈ দেশজুৰি ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে। লাখ লাখ লোকে বহু বছৰ ধৰি এই দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। সেই অপেক্ষাৰ অন্ত পেলাই প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ প্ৰস্তুতি এতিয়া অন্তিম পৰ্যায়ত। ইয়াৰ বাবে প্ৰশাসন আৰু চৰকাৰে দীৰ্ঘদিন ধৰি কাম কৰি আছে। ৰাম মন্দিৰক লৈ সমগ্ৰ দেশ হৈ পৰিছে এতিয়া ৰামময়। কিন্তু দেখা যায় যে সমগ্ৰ বিশ্বৰ ঠায়ে ঠায়ে কেইবাটাও ৰাম মন্দিৰ আছে যদিও আপুনি জানেনে যে ভাৰতৰ চিৰবৈৰী দেশ অৰ্থাৎ পাকিস্তানতো এটা ৰাম মন্দিৰ অৱস্থিত। আজি আমি এই ৰাম মন্দিৰৰ বিষয়ে কিছু কথা জানো আহক।

উল্লেখযোগ্য যে ৰাজধানী ইছলামবাদৰ সমীপত থকা চৈয়দপুৰত অৱস্থিত পাকিস্তানত থকা ৰাম মন্দিৰটো। বিশ্বাস কৰা হয় যে ভগৱান ৰাম নিৰ্বাসনৰ সময়ত ইয়াতেই আছিল। ইছলামবাগৰ কোৱাইদ-ই-আজম বিশ্ববিদ্যালয়ৰ পুৰাতত্ত্ব বিভাগৰ তথ্য অনুসৰি বিভাজনৰ পাছতেই চৈয়দপুৰত থকা এই ৰাম মন্দিৰটো ইছলামবাদৰ ৰাজধানী উন্নয়ন কৰ্তৃপক্ষৰ অধীনলৈ আহে। কিন্তু বিভাজনৰ পাছত সকলো মন্দিৰৰ লগতে এই মন্দিৰটোৰো ৰক্ষণাৱেক্ষণ বন্ধ হৈ পৰিছিল। 

মন্দিৰৰ উপৰি পাকিস্তানৰ চৈয়দপুৰত অৱস্থিত গুৰুদ্বাৰা আৰু ধৰ্মশালাও আছে। এই গাঁওখনলৈ প্ৰতি বছৰে ৮০০০ৰো অধিক লোক দৰ্শনৰ বাবে আহিছিল। অৱশ্যে বিভাজনৰ পাছত হিন্দু সম্প্ৰদায়ৰ সকলো লোক ইয়াৰ পৰা গুচি যায়। ১৫৮০ চনত ৰাজা মান সিংহই পাকিস্তানত থকা ৰাম মন্দিৰটো নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয়। ভগৱান ৰাম আৰু লক্ষ্মণৰ নামত এটা পুখুৰীও আছিল যিবোৰ ইয়াৰ লোকসকলে বিভিন্ন কামত ব্যৱহাৰ কৰিছিল।

জানিব পৰা তথ্য অনুসৰি ৰাজধানী উন্নয়ন কৰ্তৃপক্ষই ৰাম মন্দিৰ পুনৰ নিৰ্মাণ কৰি মন্দিৰৰ পৰা মূৰ্তিবোৰ আঁতৰাই পেলায়। এই মন্দিৰত এতিয়া কোনো মূৰ্তি নাই আৰু দুৱাৰখন সদায় খোলা থাকে। ইয়াত কোনো লোককে পূজা কৰিবলৈ দিয়া হোৱা নাই।

১৯৬০ চনত ৰাম মন্দিৰৰ চৌহদটো ছোৱালীৰ বিদ্যালয়লৈ ৰূপান্তৰিত কৰা হয়। কিন্তু হিন্দু সম্প্ৰদায়ৰ লোকৰ প্ৰতিবাদৰ পাছত বিদ্যালয়খন তাৰ পৰা আঁতৰাই ৰাম মন্দিৰ খালী কৰা হয়। ইয়াৰ পাছতো ইয়াত সকলো লোককে পূজা কৰাত বাধা প্ৰদান কৰা কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ