--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গোৱা নিৰ্বাচনৰ বাবে প্ৰথনখন দহজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে আম আদমী পাৰ্টীয়ে। আপ নেত্ৰী আতিশীয়ে এই দহজন প্ৰাৰ্থীৰ নাম আজি প্ৰকাশ কৰে। মন কৰিবলগীয়া যে, এই দহজনীয়া তালিকাত দুই প্ৰাক্তন বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰীও আছে। তেওঁলোক হৈছে এলিনা ছালডানহা আৰু মহাদেৱ নাইক। ছালডানহা আৰু নাইকক ৰাজ্যখনৰ কোৰ্টালিম আৰু শ্বিৰোদা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে নিৰ্বাচন কৰা হৈছে। আন দুগৰাকী প্ৰাক্তন বিজেপি নেতাও এই তালিকাত আছে।

তেওঁলোকৰ ভিতৰত প’ৰিয়েম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিশ্বজিৎ কে ৰানে আৰু আনজন হৈছে সত্যবিজয় নাইক। সত্যবিজয় নাইকক ভালপোয়ী আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে নিৰ্বাচন কৰা হৈছে। এই সমষ্টিটোক এতিয়া প্ৰতিনিধিত্ব কৰি আছে গোৱাৰ স্বাস্থ্যমন্ত্ৰী বিশ্বজিৎ ৰানেই। ইফালে, কংগ্ৰেছ নেতা প্ৰতিমা কৌটিনহোক নাৱেলীম সমষ্টিৰ পৰা, ৱেঞ্জী ৱিগাছক বেনাউলিয়াম সমষ্টিৰ পৰা, অমিত পালেকাৰক ছাণ্টা ক্ৰুজৰ পৰা প্ৰেমানন্দ নানোছকাৰক ডাবোলিম আৰু অভিজিৎ দেশাইক ছেংগাম, ডমনিক গানকাৰক ৰাইয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনীত কৰিছে দলটোৱে।

উল্লেখ্য যে, আম আদমী পাৰ্টীয়ে সমাগত বিধানসভা নিৰ্বাচনত অকলশৰেই প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ৩৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি আপে এখন আসনতো জয়লাভ কৰিব পৰা নাছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ