--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গোৱা নিৰ্বাচনৰ বাবে প্ৰথনখন দহজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে আম আদমী পাৰ্টীয়ে। আপ নেত্ৰী আতিশীয়ে এই দহজন প্ৰাৰ্থীৰ নাম আজি প্ৰকাশ কৰে। মন কৰিবলগীয়া যে, এই দহজনীয়া তালিকাত দুই প্ৰাক্তন বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰীও আছে। তেওঁলোক হৈছে এলিনা ছালডানহা আৰু মহাদেৱ নাইক। ছালডানহা আৰু নাইকক ৰাজ্যখনৰ কোৰ্টালিম আৰু শ্বিৰোদা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে নিৰ্বাচন কৰা হৈছে। আন দুগৰাকী প্ৰাক্তন বিজেপি নেতাও এই তালিকাত আছে।

তেওঁলোকৰ ভিতৰত প’ৰিয়েম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিশ্বজিৎ কে ৰানে আৰু আনজন হৈছে সত্যবিজয় নাইক। সত্যবিজয় নাইকক ভালপোয়ী আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে নিৰ্বাচন কৰা হৈছে। এই সমষ্টিটোক এতিয়া প্ৰতিনিধিত্ব কৰি আছে গোৱাৰ স্বাস্থ্যমন্ত্ৰী বিশ্বজিৎ ৰানেই। ইফালে, কংগ্ৰেছ নেতা প্ৰতিমা কৌটিনহোক নাৱেলীম সমষ্টিৰ পৰা, ৱেঞ্জী ৱিগাছক বেনাউলিয়াম সমষ্টিৰ পৰা, অমিত পালেকাৰক ছাণ্টা ক্ৰুজৰ পৰা প্ৰেমানন্দ নানোছকাৰক ডাবোলিম আৰু অভিজিৎ দেশাইক ছেংগাম, ডমনিক গানকাৰক ৰাইয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনীত কৰিছে দলটোৱে।

উল্লেখ্য যে, আম আদমী পাৰ্টীয়ে সমাগত বিধানসভা নিৰ্বাচনত অকলশৰেই প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ৩৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি আপে এখন আসনতো জয়লাভ কৰিব পৰা নাছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু