--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যিমানেই উন্নয়ন বা সুশাসনৰ ঢাক-ঢোল নবজাওক কিয় বাৰম্বাৰ পোহৰলৈ আহিছে অসমৰ নতুন চৰকাৰখনৰ ব্যৰ্থতা। এটা বছৰ সম্পূৰ্ণ নহওঁতেই নিজৰ ব্যৰ্থতাৰ তালিকাখন দীঘলীয়া কৰি গৈ আছে ৰাজ্য চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰথমখন ৰিপ’ৰ্ট কাৰ্ডতেই ব্যৰ্থতা প্ৰতিফলিত হৈ পৰিল চৰকাৰৰ । প্ৰধানমন্ত্ৰীৰ আবাস যোজনা ৰূপায়নৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতা প্ৰকট হৈ পৰিল কেন্দ্ৰৰ প্ৰতিবেদন অসম চৰকাৰৰ ব্যৰ্থতাৰ খতিয়ান প্ৰকট হৈ পৰিছে। প্ৰধানমন্ত্ৰী গ্ৰামীণ আবাস যোজনাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত অসম ৰাষ্ট্ৰীয় হাৰতকৈ পিছ পৰি ৰৈছে। অসম ৰাষ্ট্ৰীয় গড়তকৈ পিছ পৰাৰ বিপৰীতে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে এই দিশত ৰাষ্ট্ৰীয় গড়কো পিছ পেলাই নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ এই ব্যৰ্থতাই এতিয়া চৰকাৰৰ কাৰ্যদক্ষতাৰ ওপৰতে সৃষ্টি কৰিছে প্ৰশ্নবোধকৰ। ক’ভিড পৰিস্থিতিৰ দোহাই দি চৰকাৰে দায় সৰাৰ চেষ্টা কৰিছে যদিও প্ৰকৃত সত্য কি সেয়া সহজেই প্ৰকট হৈ পৰে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ এটা ঘৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় গড় সময় হৈছে ২৬৮দিন। কিন্তু এই সময়সীমাত ঘৰ নিৰ্মাণ কৰাত ব্যৰ্থ হৈছে অসম। অসমত এনে এটা ঘৰ নিৰ্মাণ কৰাৰ বাবে ৩৫৯দিনৰ প্ৰয়োজন হৈছে। ৰাষ্ট্ৰীয় গড়তকৈ অসমক তিনিমাহৰো অধিক সময়ৰ প্ৰয়োজন হোৱাটো নিসন্দেহে অতি তাৎপৰ্যপূৰ্ণ কথা। এনে লেহেমীয়া গতিয়ে এই আঁচনি ৰূপায়নৰ ক্ষেত্ৰত অসম পিছ পৰি ৰ’বলগীয়া হৈছে।

মন কৰিবলগীয়া যে, অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে এনে এটা ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে ১৬২ দিনতে। অৰ্থাৎ ৰাষ্ট্ৰীয় গড়তকৈ তিনিমাহতকৈও অধিক কম সময়ৰ ভিতৰত ৰাজ্যখনে এটা ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰে। আনকি বিহাৰৰ দৰে ৰাজ্যয়ো ৰাষ্ট্ৰীয় গড় সময়সীমাৰ ভিতৰতে এনে একোটা ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হয়। চত্তিছগড়, গুজৰাট আদি ৰাজ্যয়ো কেন্দ্ৰীয় সময়সীয়া বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। কিন্তু এই সকলোৰে তুলনাত অসমৰ এনে পশ্চাৎমুখী গতি নিসন্দেহে চিন্তাৰ কাৰণ হৈ পৰিছে।

দেশত যাতে কোনো গৃহহীন লোক নাথাকে তাৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰামীণ আবাস যোজনা লগতে প্ৰধানমন্ত্ৰী নগৰ আবাস যোজনাৰ দৰে আঁচনিও ৰূপায়ন কৰি থকা হৈছে।ক কিন্তু অসমৰ দৰে ৰাজ্যই নিজৰ ব্যৰ্থতাৰ বাবেই যেন কেন্দ্ৰৰ এনেবোৰ লক্ষ্য পূৰণৰ দিশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। অসমৰ এই ব্যৰ্থতাক লৈ প্ৰশ্ন উত্থাপনো কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰক ক’ভিডৰ অজুহাত দেখুৱাই ৰাজ্য চৰকাৰে নিজৰ দায় সৰাৰ চেষ্টা কৰিছে যদিও দেশজুৰি সংহাৰ সৃ্ষ্টি কৰা ক’ভিডে বাকীবোৰ ৰাজ্যৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ কিয় সৃষ্টি নকৰিলে সেয়া এক উত্তৰবিহীন প্ৰশ্ন হিচাপে বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ