--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যিমানেই উন্নয়ন বা সুশাসনৰ ঢাক-ঢোল নবজাওক কিয় বাৰম্বাৰ পোহৰলৈ আহিছে অসমৰ নতুন চৰকাৰখনৰ ব্যৰ্থতা। এটা বছৰ সম্পূৰ্ণ নহওঁতেই নিজৰ ব্যৰ্থতাৰ তালিকাখন দীঘলীয়া কৰি গৈ আছে ৰাজ্য চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰথমখন ৰিপ’ৰ্ট কাৰ্ডতেই ব্যৰ্থতা প্ৰতিফলিত হৈ পৰিল চৰকাৰৰ । প্ৰধানমন্ত্ৰীৰ আবাস যোজনা ৰূপায়নৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতা প্ৰকট হৈ পৰিল কেন্দ্ৰৰ প্ৰতিবেদন অসম চৰকাৰৰ ব্যৰ্থতাৰ খতিয়ান প্ৰকট হৈ পৰিছে। প্ৰধানমন্ত্ৰী গ্ৰামীণ আবাস যোজনাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত অসম ৰাষ্ট্ৰীয় হাৰতকৈ পিছ পৰি ৰৈছে। অসম ৰাষ্ট্ৰীয় গড়তকৈ পিছ পৰাৰ বিপৰীতে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে এই দিশত ৰাষ্ট্ৰীয় গড়কো পিছ পেলাই নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ এই ব্যৰ্থতাই এতিয়া চৰকাৰৰ কাৰ্যদক্ষতাৰ ওপৰতে সৃষ্টি কৰিছে প্ৰশ্নবোধকৰ। ক’ভিড পৰিস্থিতিৰ দোহাই দি চৰকাৰে দায় সৰাৰ চেষ্টা কৰিছে যদিও প্ৰকৃত সত্য কি সেয়া সহজেই প্ৰকট হৈ পৰে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ এটা ঘৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় গড় সময় হৈছে ২৬৮দিন। কিন্তু এই সময়সীমাত ঘৰ নিৰ্মাণ কৰাত ব্যৰ্থ হৈছে অসম। অসমত এনে এটা ঘৰ নিৰ্মাণ কৰাৰ বাবে ৩৫৯দিনৰ প্ৰয়োজন হৈছে। ৰাষ্ট্ৰীয় গড়তকৈ অসমক তিনিমাহৰো অধিক সময়ৰ প্ৰয়োজন হোৱাটো নিসন্দেহে অতি তাৎপৰ্যপূৰ্ণ কথা। এনে লেহেমীয়া গতিয়ে এই আঁচনি ৰূপায়নৰ ক্ষেত্ৰত অসম পিছ পৰি ৰ’বলগীয়া হৈছে।

মন কৰিবলগীয়া যে, অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে এনে এটা ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে ১৬২ দিনতে। অৰ্থাৎ ৰাষ্ট্ৰীয় গড়তকৈ তিনিমাহতকৈও অধিক কম সময়ৰ ভিতৰত ৰাজ্যখনে এটা ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰে। আনকি বিহাৰৰ দৰে ৰাজ্যয়ো ৰাষ্ট্ৰীয় গড় সময়সীমাৰ ভিতৰতে এনে একোটা ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হয়। চত্তিছগড়, গুজৰাট আদি ৰাজ্যয়ো কেন্দ্ৰীয় সময়সীয়া বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। কিন্তু এই সকলোৰে তুলনাত অসমৰ এনে পশ্চাৎমুখী গতি নিসন্দেহে চিন্তাৰ কাৰণ হৈ পৰিছে।

দেশত যাতে কোনো গৃহহীন লোক নাথাকে তাৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰামীণ আবাস যোজনা লগতে প্ৰধানমন্ত্ৰী নগৰ আবাস যোজনাৰ দৰে আঁচনিও ৰূপায়ন কৰি থকা হৈছে।ক কিন্তু অসমৰ দৰে ৰাজ্যই নিজৰ ব্যৰ্থতাৰ বাবেই যেন কেন্দ্ৰৰ এনেবোৰ লক্ষ্য পূৰণৰ দিশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। অসমৰ এই ব্যৰ্থতাক লৈ প্ৰশ্ন উত্থাপনো কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰক ক’ভিডৰ অজুহাত দেখুৱাই ৰাজ্য চৰকাৰে নিজৰ দায় সৰাৰ চেষ্টা কৰিছে যদিও দেশজুৰি সংহাৰ সৃ্ষ্টি কৰা ক’ভিডে বাকীবোৰ ৰাজ্যৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ কিয় সৃষ্টি নকৰিলে সেয়া এক উত্তৰবিহীন প্ৰশ্ন হিচাপে বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়