--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰেমিকৰ প্ৰতি থকা ঘৃণা অথবা বেয়াপোৱাই আপোনাক অতিষ্ঠ কৰি তুলিছে নেকি? আপুনি তেওঁৰ নামেৰে পইতাচোৰাৰ নামাকৰণ কৰিব বিচাৰিছে  নেকি? চিৰিয়াখানাই আপোনাক এই  সুযোগ দিব।কানাডাৰ এখন চিৰিয়াখানাই ভেলেণ্টাইন দিৱস উপলক্ষে 'পইতাচোৰাৰ নামকৰণ' কাৰ্যসূচী ঘোষণা কৰিছে। আহক জানো  প্ৰকৃততে  কি এই কাৰ্যসূচী?

খিংখিঙীয়া বছ হওঁক বা দূৰৰ আত্মীয়ই হওঁক,  চুবুৰীয়া অথবা প্ৰাক্তন প্ৰেমিকেই  হওঁক, সকলোৰে জীৱনত এনে কিছুমান লোক আছে যাৰ নামটোৱে আপোনাক বিৰক্ত কৰে। কিন্তু ই যিমানেই বিৰক্তিকৰ নহওঁক কিয়, সেই বিৰক্তি প্ৰকাশ কৰাৰ কোনো উপায় নাই! কানাডাৰ এখন চিৰিয়াখানাই এটা ডাঙৰ সুযোগ আনিছে। 

ভেলেণ্টাইন দিৱস  উপলক্ষে টৰণ্টো চিৰিয়াখানাই পইতাচোৰাা নামকৰণ নামৰ এক কাৰ্যসূচী ঘোষণা কৰিছে। এই কাৰ্যসূচীৰ অধীনত, চিৰিয়াখানালৈ অহা লোকসকলে তেওঁলোকে অপছন্দ কৰা ব্যক্তিজনৰ নামেৰে পইতাচোৰাৰ নাম দিব পাৰে। এই ব্যক্তিজন যিকোনো হ'ব পাৰে। আপোনাৰ বছ, প্ৰাক্তন, বা পৰিয়ালৰ সদস্য

ইয়াৰ মূল্য ২৫ ডলাৰ (ভাৰতীয় মুদ্ৰাত ১,৫০৭ টকা) হ'ব, চিৰিয়াখানাই এটা টুইটত কয়, "আপোনাৰ জীৱনত এনে কোনো আছে নেকি যাৰ বিৰক্তিৰ ফলত আপুনি কষ্ট পায়? তাৰ পিছত ভেলেণ্টাইন দিৱস উপলক্ষে তেওঁলোকৰ নামেৰে পইতাচোৰাৰ নাম দিয়ক। ''

গোটেই নামকৰণ প্ৰক্ৰিয়াটো অনলাইন হ'ব।  আপুনি কোৱাৰ দৰেই পইতাচোৰাৰ নাম ৰখা হ’ব৷  তাৰ পিছত, ডিজিটেল প্ৰমাণপত্ৰ আৰু ডিজিটেল গ্ৰাফিক চিৰিয়াখানা কৰ্তৃপক্ষই প্ৰদান কৰিব।

চিৰিয়াখানাৰ এই অভিনৱ পদক্ষেপে বহুতৰে চৰ্চা লাভ  কৰিছে। এজন ব্যক্তিয়ে লিখিছিল, "এইটো বহুত ধেমেলীয়া! মোৰ প্ৰেমিকে মোক ভেলেণ্টাইন দিৱসত এৰি গৈছিল, যিটো মোৰ বাবে প্ৰতিশোধ লোৱাৰ এক সোণালী সুযোগ। অৱশ্যে, বহুতে এই কাৰ্যসূচীক তীব্ৰ গৰিহণা দিয়াও দেখা গৈছে৷  


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে