--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰেমিকৰ প্ৰতি থকা ঘৃণা অথবা বেয়াপোৱাই আপোনাক অতিষ্ঠ কৰি তুলিছে নেকি? আপুনি তেওঁৰ নামেৰে পইতাচোৰাৰ নামাকৰণ কৰিব বিচাৰিছে  নেকি? চিৰিয়াখানাই আপোনাক এই  সুযোগ দিব।কানাডাৰ এখন চিৰিয়াখানাই ভেলেণ্টাইন দিৱস উপলক্ষে 'পইতাচোৰাৰ নামকৰণ' কাৰ্যসূচী ঘোষণা কৰিছে। আহক জানো  প্ৰকৃততে  কি এই কাৰ্যসূচী?

খিংখিঙীয়া বছ হওঁক বা দূৰৰ আত্মীয়ই হওঁক,  চুবুৰীয়া অথবা প্ৰাক্তন প্ৰেমিকেই  হওঁক, সকলোৰে জীৱনত এনে কিছুমান লোক আছে যাৰ নামটোৱে আপোনাক বিৰক্ত কৰে। কিন্তু ই যিমানেই বিৰক্তিকৰ নহওঁক কিয়, সেই বিৰক্তি প্ৰকাশ কৰাৰ কোনো উপায় নাই! কানাডাৰ এখন চিৰিয়াখানাই এটা ডাঙৰ সুযোগ আনিছে। 

ভেলেণ্টাইন দিৱস  উপলক্ষে টৰণ্টো চিৰিয়াখানাই পইতাচোৰাা নামকৰণ নামৰ এক কাৰ্যসূচী ঘোষণা কৰিছে। এই কাৰ্যসূচীৰ অধীনত, চিৰিয়াখানালৈ অহা লোকসকলে তেওঁলোকে অপছন্দ কৰা ব্যক্তিজনৰ নামেৰে পইতাচোৰাৰ নাম দিব পাৰে। এই ব্যক্তিজন যিকোনো হ'ব পাৰে। আপোনাৰ বছ, প্ৰাক্তন, বা পৰিয়ালৰ সদস্য

ইয়াৰ মূল্য ২৫ ডলাৰ (ভাৰতীয় মুদ্ৰাত ১,৫০৭ টকা) হ'ব, চিৰিয়াখানাই এটা টুইটত কয়, "আপোনাৰ জীৱনত এনে কোনো আছে নেকি যাৰ বিৰক্তিৰ ফলত আপুনি কষ্ট পায়? তাৰ পিছত ভেলেণ্টাইন দিৱস উপলক্ষে তেওঁলোকৰ নামেৰে পইতাচোৰাৰ নাম দিয়ক। ''

গোটেই নামকৰণ প্ৰক্ৰিয়াটো অনলাইন হ'ব।  আপুনি কোৱাৰ দৰেই পইতাচোৰাৰ নাম ৰখা হ’ব৷  তাৰ পিছত, ডিজিটেল প্ৰমাণপত্ৰ আৰু ডিজিটেল গ্ৰাফিক চিৰিয়াখানা কৰ্তৃপক্ষই প্ৰদান কৰিব।

চিৰিয়াখানাৰ এই অভিনৱ পদক্ষেপে বহুতৰে চৰ্চা লাভ  কৰিছে। এজন ব্যক্তিয়ে লিখিছিল, "এইটো বহুত ধেমেলীয়া! মোৰ প্ৰেমিকে মোক ভেলেণ্টাইন দিৱসত এৰি গৈছিল, যিটো মোৰ বাবে প্ৰতিশোধ লোৱাৰ এক সোণালী সুযোগ। অৱশ্যে, বহুতে এই কাৰ্যসূচীক তীব্ৰ গৰিহণা দিয়াও দেখা গৈছে৷  


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ