--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তছলিমা নাছৰিন আকৌ এবাৰ বিস্ফোৰক প’ষ্ট ! লেখকগৰাকীয়ে  ছ'চিয়েল মিডিয়াত পোষ্ট কৰি এজন চিকিৎসকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে শল্য চিকিৎসকজনে বলপূৰ্বক ভাৱে তেওঁৰ 'হিপ ৰিপ্লেচমেণ্ট' অস্ত্ৰোপচাৰ কৰিছিল। অস্ত্ৰোপচাৰৰ পিছৰ পৰা তেওঁ খোজ কাঢ়িব পৰা নাই।

বৃহস্পতিবাৰে, তছলিমাই ফেচবুকত স্পষ্টভাৱে  কৈছিল যে, চিকিৎসা বিভ্ৰাটৰ বাবে তেওঁ পক্ষাঘাতগ্ৰস্ত হ'বলৈ গৈ আছে। তেওঁ ফেচবুকত লিখিছিল, "মানুহক বিশ্বাস কৰাৰ ফলাফল কি হ'ব পাৰে, যিসকল বন্ধু নহয় তেওঁলোকৰ চিন্তাৰ ফলাফল কি হ'ব পাৰে, তেওঁলোকক বন্ধু বুলি ভবাৰ ফলাফল কি হ'ব পাৰে! মই এইটো মোৰ নিজৰ জীৱনৰ সৈতে উপলব্ধি কৰিছিলো। মই চিকিৎসালয়ৰ এজন চিকিৎসকক বিশ্বাস কৰিছিলো। সেই বন্ধুজনে মোক তেওঁৰ চিকিৎসালয়ৰ অৰ্থোপেডিক চিকিৎসকৰ ওচৰলৈ পঠিয়াইছিল যি কঁকাল প্ৰতিস্থাপনৰ বিশেষজ্ঞ। সেই বিশেষজ্ঞজনে আৰম্ভণিৰ পৰাই মোৰ ফিমাৰৰ সামান্য ফ্ৰেকচাৰৰ বাবে স্থিৰকৰণ চিকিৎসা নকৰাকৈ মোৰ কঁকাল সলনি কৰিবলৈ উঠিছিল। তেওঁ মোক বুজাবলৈ বাৰে বাৰে আহিছিল। তেওঁ তিনি বা চাৰিজন চিকিৎসকক বুজাবলৈ পঠিয়াইছিল। মোক নিজৰ বাবে ভাবিবলৈ, বা কোনো শুভাকাংক্ষীৰ সৈতে কথা পাতিবলৈ কোনো সময় দিয়া হোৱা নাছিল। ''

ইয়াৰোপৰি তেওঁ  ফেচবুকত লিখিছিল যে যিবোৰ কাৰণৰ বাবে 'হিপ ৰিপ্লেচমেণ্ট' কৰা হৈছিল তাৰ কোনো কাৰণ তছলিমাৰ ক্ষেত্ৰত দেখা পোৱা হোৱা নাছিল। চিকিৎসা ব্যৱস্থাৰ অৱহেলা সন্দৰ্ভত তছলিমাই লিখিছিল, "সমস্যাটোৰ চিকিৎসা কৰাৰ পৰিৱৰ্তে মই যি সমস্যাৰ সৈতে চিকিৎসালয়লৈ গৈছিলো, সেই সমস্যাটো নিৰন্তৰ মিছা কৈ মোৰ শৰীৰৰ স্বাস্থ্যৱান অঙ্গবোৰ কাটি পেলোৱা হৈছিল। মই এতিয়াও বিশ্বাস কৰিব নোৱাৰো যে ডাঙৰ চিকিৎসকসকলে এনে ভয়ংকৰ অপৰাধ কৰিব পাৰে। আৰু মোৰ বুদ্ধিমত্তা ক'লৈ গৈছিল যে মই নিজকে এনে ধৰণৰ অপৰাধৰ ভুক্তভোগী হ'বলৈ অনুমতি দিছিলো!"

তছলিমাৰ এই পোষ্টটো দেখি অনুৰাগীসকল চিন্তিত হৈ পৰিছে। এখন প্ৰতিষ্ঠিত চিকিৎসালয়ত চিকিৎসাৰ এনে অৱস্থা দেখি সাধাৰণ মানুহো ভীতিগ্ৰস্থ হৈ পৰিছে  । অৱশ্যে ,লেখিকাগৰাকীয়ে তেওঁৰ কোনো পোষ্টত চিকিৎসক বা চিকিৎসালয়ৰ নাম উল্লেখ কৰা নাছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ