--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পালেং শাক অতি জনপ্ৰিয় শাক। এতিয়া পালেং শাকৰ সময় বাবে সকলো ঠাইতে শাকবিধ উভৈনদী। পালেঙত ভিটামিন-এ বা বিটাকেৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায়। তাৰোপৰি কেলচিয়াম, আইৰণ, আঁহ, কাৰ্বহাইড্ৰেত, প্ৰ'টিন, খনিজ পদাৰ্থ, অজৈৱিক নাইট্ৰেত, প্লেবোন'ইড্স আদি থাকে। পালেং নিজ ইচ্ছানুযায়ী খাব পাৰি। যেনে :- পালেং আৰু মাছৰ আঞ্জা , পালেং পনীৰ, পালেং চাটনি, আটাৰ সৈতে মিলাই লুচি বা পৰথা, পালেং শাকৰ সৈতে বিলাহী দিয়া জোল ইত্যাদি। পালেঙৰ উপকাৰিতা সমূহ তলত উল্লেখ কৰা হ'ল‌।

পালেং শাকৰ উপকাৰিতা

১) পালেঙত বিটাকেৰটিন প্ৰচুৰ পৰিমাণে থাকে বাবে কুকুৰীকণা ৰোগ ভাল হয়। তাৰোপৰি চকুৰ ৰশ্মি কমিলে নিয়মিত পালেং খালে চকুৰ ৰশ্মি আৰু উজ্জ্বলতা বৃদ্ধি হয়।

২) পালেং পাতৰ ৰস, নেমুটেঙাৰ ৰস আৰু গ্লিছাৰিন ভালদৰে মিহলাই মুখত সানিলে অথবা কেৱল পালেং পাত পিচিলৈ মুখত লেপদি ২০ মিনিটৰ পিছত ভালকৈ ধুব লাগে। ইয়াৰ ফলত মুখত সাঁচ পৰা, ক'লা দাগ আৰু শালমন ভাল হয়।

৩) পালেঙত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে আৰু খোৱাৰ ফলত হাড়ৰ কেলছিয়াম কম হোৱা বা অষ্টিঅ'পৰছিচ তথা হাড়ৰ গাঠিৰ বিষ (osteo arthritis) ভাল হয়। বৃদ্ধ ব্যক্তিয়ে পালেঙ খালে হাড় আৰু মাংসপেশী সবল হৈ থাক। সৰু লৰা-ছোৱালীৰ দৈহিক গঠনত সহায় কৰে।

৪) পালেং খালে অন্ধতা দূৰ হোৱাৰ উপৰিও আঁহজাতীয় খাদ্য হোৱা বাবে কোষ্ঠ কাঠিন্যতা নিৰ্মূল হয়। ডায়েবেটিচ ৰোগীয়ে পালেঙ খালে চকুৰ অন্ধতাৰ পৰা ৰক্ষা পৰে আৰু প্ৰয়োজনীয় কেলৰি আহৰণ কৰিব পাৰে।

৫) পালেং পাতৰ ৰস আধাগিলাচৰ সৈতে গাজৰ ৰস আৰু নেমুটেঙাৰ ৰস মিলাই খালে শৰীৰৰ অতিৰিক্ত চৰ্বি নোহোৱা হয়।

৬) পালেং শাকত অজৈৱিক নাইট্ৰেত থকা বাবে শৰীৰৰ মাংসপেশী আৰু হাড়ৰ গাঠি সবল কৰি ৰাখে। সেয়েহে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষত কমকৈ আক্ৰান্ত হয়।

৭) গৰমৰ দিনত পেচাব হালধীয়া হলে, চৰ্দি, কাহ তথা কণ্ঠৰ ৰোগ ভাল হয়।

৮) পালেং পাতৰ ৰস আধাগিলাচকৈ কিছুদিন খালে খহতা আৰু শুকান ছাল মসৃন আৰু উজ্জ্বল হয়।

৯) পালেঙত যথেষ্ট পৰিমাণে আইৰণ আৰু ফলিক এচিড থকা কাৰণে ৰক্তহীনতা, গৰ্ভৱতী, সন্তান থকা মাতৃৰ কাৰণে উপকাৰী। তাৰোপৰি পালেং খালে মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধি হয় কাৰণে সন্তান সুঠাম আৰু স্বাস্থ্যৱান হয়।

১০) পালেং শাক খালে চুলিৰ গুৰিবোৰ মজবুত হয় বাবে চুলি নসৰে। চুলিয়ে তৈলগ্ৰন্থিৰ পৰা যথোচিত পৰিমাণে পোষণ পাই থাকে।

১১) পালেঙত প্লেবোন'ইড্স নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে আৰু ই এন্টিঅক্সিডেন্ট হিছাপে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰোগমুক্ত কৰি ৰাখে। এন্টিঅক্সিডেন্টৰ কাৰণে এলাৰ্জী আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগ কমকৈ হয়।

১২) পালেং খালে বাৰ্ধক্যৰ চাপ কমকৈ পৰে কাৰণে বৃদ্ধ ব্যক্তিও চপল ডেকাৰ দৰে তজবজীয়া হৈ থাকিব পাৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক