--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পালেং শাক অতি জনপ্ৰিয় শাক। এতিয়া পালেং শাকৰ সময় বাবে সকলো ঠাইতে শাকবিধ উভৈনদী। পালেঙত ভিটামিন-এ বা বিটাকেৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায়। তাৰোপৰি কেলচিয়াম, আইৰণ, আঁহ, কাৰ্বহাইড্ৰেত, প্ৰ'টিন, খনিজ পদাৰ্থ, অজৈৱিক নাইট্ৰেত, প্লেবোন'ইড্স আদি থাকে। পালেং নিজ ইচ্ছানুযায়ী খাব পাৰি। যেনে :- পালেং আৰু মাছৰ আঞ্জা , পালেং পনীৰ, পালেং চাটনি, আটাৰ সৈতে মিলাই লুচি বা পৰথা, পালেং শাকৰ সৈতে বিলাহী দিয়া জোল ইত্যাদি। পালেঙৰ উপকাৰিতা সমূহ তলত উল্লেখ কৰা হ'ল‌।

পালেং শাকৰ উপকাৰিতা

১) পালেঙত বিটাকেৰটিন প্ৰচুৰ পৰিমাণে থাকে বাবে কুকুৰীকণা ৰোগ ভাল হয়। তাৰোপৰি চকুৰ ৰশ্মি কমিলে নিয়মিত পালেং খালে চকুৰ ৰশ্মি আৰু উজ্জ্বলতা বৃদ্ধি হয়।

২) পালেং পাতৰ ৰস, নেমুটেঙাৰ ৰস আৰু গ্লিছাৰিন ভালদৰে মিহলাই মুখত সানিলে অথবা কেৱল পালেং পাত পিচিলৈ মুখত লেপদি ২০ মিনিটৰ পিছত ভালকৈ ধুব লাগে। ইয়াৰ ফলত মুখত সাঁচ পৰা, ক'লা দাগ আৰু শালমন ভাল হয়।

৩) পালেঙত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে আৰু খোৱাৰ ফলত হাড়ৰ কেলছিয়াম কম হোৱা বা অষ্টিঅ'পৰছিচ তথা হাড়ৰ গাঠিৰ বিষ (osteo arthritis) ভাল হয়। বৃদ্ধ ব্যক্তিয়ে পালেঙ খালে হাড় আৰু মাংসপেশী সবল হৈ থাক। সৰু লৰা-ছোৱালীৰ দৈহিক গঠনত সহায় কৰে।

৪) পালেং খালে অন্ধতা দূৰ হোৱাৰ উপৰিও আঁহজাতীয় খাদ্য হোৱা বাবে কোষ্ঠ কাঠিন্যতা নিৰ্মূল হয়। ডায়েবেটিচ ৰোগীয়ে পালেঙ খালে চকুৰ অন্ধতাৰ পৰা ৰক্ষা পৰে আৰু প্ৰয়োজনীয় কেলৰি আহৰণ কৰিব পাৰে।

৫) পালেং পাতৰ ৰস আধাগিলাচৰ সৈতে গাজৰ ৰস আৰু নেমুটেঙাৰ ৰস মিলাই খালে শৰীৰৰ অতিৰিক্ত চৰ্বি নোহোৱা হয়।

৬) পালেং শাকত অজৈৱিক নাইট্ৰেত থকা বাবে শৰীৰৰ মাংসপেশী আৰু হাড়ৰ গাঠি সবল কৰি ৰাখে। সেয়েহে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষত কমকৈ আক্ৰান্ত হয়।

৭) গৰমৰ দিনত পেচাব হালধীয়া হলে, চৰ্দি, কাহ তথা কণ্ঠৰ ৰোগ ভাল হয়।

৮) পালেং পাতৰ ৰস আধাগিলাচকৈ কিছুদিন খালে খহতা আৰু শুকান ছাল মসৃন আৰু উজ্জ্বল হয়।

৯) পালেঙত যথেষ্ট পৰিমাণে আইৰণ আৰু ফলিক এচিড থকা কাৰণে ৰক্তহীনতা, গৰ্ভৱতী, সন্তান থকা মাতৃৰ কাৰণে উপকাৰী। তাৰোপৰি পালেং খালে মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধি হয় কাৰণে সন্তান সুঠাম আৰু স্বাস্থ্যৱান হয়।

১০) পালেং শাক খালে চুলিৰ গুৰিবোৰ মজবুত হয় বাবে চুলি নসৰে। চুলিয়ে তৈলগ্ৰন্থিৰ পৰা যথোচিত পৰিমাণে পোষণ পাই থাকে।

১১) পালেঙত প্লেবোন'ইড্স নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে আৰু ই এন্টিঅক্সিডেন্ট হিছাপে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰোগমুক্ত কৰি ৰাখে। এন্টিঅক্সিডেন্টৰ কাৰণে এলাৰ্জী আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগ কমকৈ হয়।

১২) পালেং খালে বাৰ্ধক্যৰ চাপ কমকৈ পৰে কাৰণে বৃদ্ধ ব্যক্তিও চপল ডেকাৰ দৰে তজবজীয়া হৈ থাকিব পাৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু