--°C
Loading...
Listen to Article
2 min read
80%

নেতৃত্বৰ ব্যৰ্থতাৰ বাবেই সংকুচিত কংগ্ৰেছৰ স্থান, তথাপি অব্যাহত স্থিতাৱস্থা

ডিজিটেল ডেস্ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছতো গা লৰা নাই কংগ্ৰেছৰ। কোনো কাৰণতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব গান্ধী পৰিয়াল গাত যাতে চেকা নালাগে তাৰ চেষ্টা কৰাতহে উঠি-পৰি লাগিছে কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নীতি নিৰ্ধাৰক গোট কংগ্ৰেছ ৱৰ্কিং কমিটী। দেওবাৰে ৱৰ্কিং কমিটীৰ বৈঠক অনুষ্ঠিত কৰি কংগ্ৰেছে এই পৰাজয়ৰ কাৰণ বিশ্লেষণৰ কৰাৰ তথাকথিত চেষ্টা চলালে যদিও ফলাফল শূন্য হৈয়েই ৰ’ল। গান্ধী পৰিয়ালক বাদ দি কংগ্ৰেছ নেতৃত্বৰ পুনৰগঠনৰ দৰে প্ৰস্তাৱ উত্থাপনেই নহ’ল। এই বৈঠকৰ দুদিনৰ পাছত কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰি এই পৰাজয়ৰ গ্লানি পাতল কৰাৰ চেষ্টা কৰিছে। উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, মণিপুৰ, উত্তৰাখণ্ড প্ৰদেশ কংগ্ৰেছৰ সভাপতিকেইজনক পদত্যাগৰ নিৰ্দেশ দিয়েই দায়িত্ব সামৰাৰ চেষ্টা কৰিছে কংগ্ৰেছ নেতৃত্বই। আজি ছোনিয়া গান্ধীয়ে এই পাঁচখন ৰাজ্যৰ সভাপতিকেইজনক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। দলটোৰ মুখপাত্ৰ ৰণদ্বীপ সিং সূৰ্যেৱালাই টুইট কৰি এই কথা সদৰি কৰে। ইমান ব্যাপক বিপৰ্যয়ৰ পাছত কেৱল প্ৰদেশ কংগ্ৰেছৰ সভাপতিকেইজনক অপসাৰণৰ জৰিয়তে কংগ্ৰেছে যদিহে গা টঙাব পাৰিম বুলি ভাবিছে তেন্তে সেয়া বালিত মুখ গুঁজি থকাৰ নিচিনা কথাহে হ’ব বুলি এতিয়া চৰ্চা চলিছে। নেতৃত্বৰ অদক্ষতাক লৈ দলৰ ভিতৰচ’ৰাতে বিদ্ৰোহ উল্লেখ্য যে, পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছৰ বাহিৰে-ভিতৰে গান্ধী পৰিয়ালৰ নেতৃত্বৰ ওপৰত প্ৰশ্ন উঠিছিল। কপিল ছিবালৰ পৰা গোলাম নবী আজাদলৈ দলৰ জ্যেষ্ঠ নেতাই মুকলিকৈয়ে গান্ধী পৰিয়ালৰ নেতৃত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু তাৰ পাছতো কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে গান্ধী পৰিয়ালৰ কান্ধৰ পৰা দায়িত্বৰ ভাৰ আঁতৰাবলৈ দিয়া নাই। এতিয়া প্ৰশ্ন হৈছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব মানেনো কোন? শীৰ্ষ নেতৃত্ব বুলিলে তিনিটা নামেই চৰ্চালৈ আহে ছোনিয়া গান্ধী, ৰাহুল আৰু প্ৰিয়ংকা। ছোনিয়া গান্ধীয়ে দলৰ সভাপতিৰ আসনত থকাৰ লগতে প্ৰিয়ংকা হৈছে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক। সভাপতি পদ ত্যাগ কৰাৰ পাছত ৰাহুল এতিয়া কোনো আনুষ্ঠানিক দায়িত্বত নাই। কিন্তু তাৰ পাছতো দলটোত ৰাহুল গান্ধী যে অঘোষিত নেতা হৈ আছে সেয়া স্পষ্ট। দলৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় গান্ধীৰ বাসগৃহত। ৰাহুল গান্ধীয়ে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই সিদ্ধান্ত গ্ৰহণ কৰে। একো একোখন ৰাজ্যৰ দল-চৰকাৰৰ নেতৃত্ব দি থকা জ্যেষ্ঠ আৰু অভিজ্ঞ নেতা একোজনে  কোনো সিদ্ধান্ত গ্ৰহণৰ বাবে ৰাহুল গান্ধীৰ অনুমোদনলৈ বাট চাই থাকিব লাগে। দলৰ কোনো পদবীত নথকাৰ পাছতো ৰাহুল গান্ধীৰ এই প্ৰভাৱৰ বিপৰীতে সভাপতি ছোনিয়া গান্ধীৰ উপস্থিতিৰ উমান পাবলৈকে টান। পাঁচ ৰাজ্যৰ নিৰ্বাচনত অস্তিত্ববিহীন হৈ ৰ’ল সভাপতি ছোনিয়া পাঁচখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজত কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীয়ে ক’তো সভা-সমিতি কৰাটো বাদেই শক্তিশালী প্ৰেছ বাৰ্তা এটাও প্ৰেৰণ কৰা দেখা নগ’ল। শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ সক্ৰিয় হৈ থকা নাই বুলি প্ৰকাশ কৰি অহা হৈছে যদিও তেওঁৰ স্থানত সক্ৰিয় আৰু কৰ্মঠ নেতা এগৰাকীক দলৰ নেতৃত্বৰ ভাৰ কিয় দিয়া হোৱা নাই সেয়া এক উত্তৰবিহীন প্ৰশ্ন। তেওঁৰ সকলো দায়িত্ব বহন কৰি আহিছে তেওঁৰ দুই পুত্ৰ-কন্যা ৰাহুল-প্ৰিয়ংকাই। কিন্তু দুয়োৰে দক্ষতা আৰু যোগ্যতাও বাৰম্বাৰ শূন্য বুলি প্ৰতিপন্ন হৈছে। কিন্তু তেওঁলোকৰ কোনো বিকল্প নাই বুলিও গান্ধী পৰিয়ালৰ অনুগত একাংশই প্ৰতিপন্ন কৰিব বিচাৰি আছে। প্ৰিয়ংকা গান্ধীয়ে সক্ৰিয় ৰাজনীতিত পদৰ্পন কৰাৰ পাছতে কংগ্ৰেছত নেতৃত্বৰ অভাৱৰ কথাটো পুনৰ উচ্চাৰিত নহ’ব বুলি ধাৰণা কৰা হৈছিল। কিন্তু প্ৰিয়ংকা গান্ধীৰ দক্ষতাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ বৰ বেছিদিনৰ প্ৰয়োজন নহ’ল। ৰাজনীতিক হিচাপে কোনোধৰণৰ বিচক্ষণতাৰ পৰিচয় দিবলৈ সক্ষম নহ’ল ৰাজীৱ কন্যাই। তাৰ সলনি কংগ্ৰেছৰ ব্যৰ্থতাৰ ইতিহাস দীঘলীয়া কৰাতহে তেওঁ অৰিহনা আগবঢ়ালে। ২০১৯ চনত উত্তৰ প্ৰদেশত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্বত আছিল প্ৰিয়ংকা গান্ধী। কিন্তু সেইবাৰ আন নালাগে ৰাহুল গান্ধীৰ পৈত্ৰিক সমষ্টি আমেথিও ৰক্ষা নপৰিল। কোনোমতে কেৰালাৰ ৱায়নাডৰ পৰা বিজয়ী হৈ ৰাহুলে নিজৰ সন্মান ৰক্ষা কৰিলে। উত্তৰ প্ৰদেশত প্ৰিয়ংকা গান্ধীৰ শোচনীয় ব্যৰ্থতা উত্তৰ প্ৰদেশ নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্ব চম্ভালিছিল প্ৰিয়ংকা গান্ধীয়ে। তেওঁৰ নেতৃত্ব আৰু কৌশলক সাৰোগত কৰিয়েই আগবাঢ়িছিল কংগ্ৰেছ। তেওঁলোকে এটা গুৰুত্বপূৰ্ণ বিষয় ইছ্যু হিচাপেও তুলি ধৰিছিল। নাৰী সৱলীকৰণ। ‘লড়কী হু লড় ছকতী হু’ শ্লোগানেৰে ব্যাপক প্ৰচাৰ চলোৱা হৈছিল। অৱশ্যে আমোদজনকভাৱে এই কেম্পেইনৰ কেইবাগৰাকীও তাৰকাই পাছত টিকট বঞ্চিত হৈ বিজেপিত যোগ দিছিল। নেতৃত্বৰ ভুল কৌশল আৰু পৰিকল্পনাৰ বাবেই যে এনে হৈছিল তাক নকৈ কোৱাৰ প্ৰয়োজন নাই। কংগ্ৰেছে এই নিৰ্বাচনত ১৪৮গৰাকী মহিলা প্ৰাৰ্থীক টিকট দিছিল। কিন্তু জয়ী হ’বলৈ সক্ষম হ’ল মাত্ৰ এগৰাকী প্ৰাৰ্থীয়ে। এনে ব্যৰ্থতাৰ পাছতো তেওঁলোকক শীৰ্ষ নেতৃত্বৰ পৰা আঁতৰ কৰাৰ কথা ভবা হোৱা নাই। কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকত ছোনিয়া গান্ধীয়ে তেওঁৰ দুই সন্তানৰ সৈতে কংগ্ৰেছৰ পদবী এৰিবলৈ সাজু বুলি মন্তব্য কৰিছিল যদিও সেয়া বৈঠকত গ্ৰহণ কৰা নহ’ল। অৰ্থাৎ স্থিতাৱস্থা আঁতৰ কৰিবলৈ আজিও ৰাজি নহয় কংগ্ৰেছ দল। সমগ্ৰ দেশতে এতিয়া মাত্ৰ দুখন ৰাজ্যতহে তেওঁলোকৰ চৰকাৰ ৰৈছেগৈ। তাৰ পাছতো তেওঁলোকে দলীয় সংস্কাৰৰ বাবে ৰাজি নোহোৱাটো ৰহস্যজনক বিবেচিত হৈছে। এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিকেইজনক দায়িত্বৰ পৰা অব্যাহতি দিয়েই যদি কংগ্ৰেছ নেতৃত্বই নিজৰ সকলো দায়-দোষ সামৰি থ’ব খুজিছে তেন্তে সেয়া মূৰ্খৰ স্বৰ্গত বাস কৰাৰ দৰে কথাহে যে হ’ব সেয়া নিশ্চিত। bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ