--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ ভিতৰচ’ৰাত প্ৰকৃততে কি ঘটিছে? একাংশ লবীয়ে বিজেপিত এতিয়া উঠি ৰজা-বহি ৰজা হৈ পৰিছে নেকি? কিয়নো বিজেপিত এতিয়া যেন দলৰ পুৰণি নেতাসকলৰ কোনো স্থান নাই। সেই কথা সত্যতা প্ৰমাণ কৰিলে বিজেপিৰ এজন জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে। ৰাজেন গোহাঁইৰ অভিযোগ অনুসৰি, বিজেপিত বৰ্তমান পুৰণি নেতা-কৰ্মীৰ কোনো স্থান নাই। আন দলৰ পৰা অহা নেতা-কৰ্মীয়ে বিজেপিত এতিয়া উঠি ৰজা-বহি ৰজা হৈ পৰিছে। যাৰ বাবে এতিয়া দলৰ পুৰণা নেতাসকল এক প্ৰকাৰৰ ষড়যন্ত্ৰৰ বলি হৈছে। ৰাজেন গোহাঁইয়ে এই প্ৰসংগ উত্থাপন কৰাৰ পাছতে তেওঁক এতিয়া বিজেপিৰ একাংশ নেতাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে ৰাজেন গোহাঁইক মুকলিভাৱে প্ৰত্যাহ্বান জনায়। বঢ়মপুৰৰ বিধায়কজনে ৰাজেন গোহাঁইক প্ৰকৃততে আৰু কি পদবী লাগে বুলিও কৰ্টাক্ষ কৰে। বিজেপিয়ে তেওঁক বহুত দিলে, চাৰিবাৰকৈ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী সকলোখিনি তেওঁ বিজেপিৰ পৰা পাইছে। তাৰোপৰি বিধায়কজনে এতিয়া তেওঁক মুখ্যমন্ত্ৰী বা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ পদ লাগে নেকি ৰাজেন বুলি গোহাঁইলৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ লগতে কয় যে, ৰাজেন গোহাঁইক যদি সঁচাকৈয়ে কিবা লাগে তেনেহ’লে মুখ্যমন্ত্ৰীক অৱগত কৰক, নাইবা সভাপতিক অৱগত কৰক, এনেদৰে মুকলি বিদ্ৰোহ কৰাতো অনুচিত বুলি মত ব্যক্ত কৰে। কিন্তু বিজেপিত ৰাজেন গোহাঁইৰ অনা এই অভিযোগ নতুন নহয়, পূৰ্বতেও এনে অভিযোগ আন বহুতো নেতা-কৰ্মীয়ে মুকলিকৈ প্ৰকাশ কৰিছে। এতিয়া প্ৰশ্ন হয়, ৰাজ্যিক বিজেপিত সঁচাকৈয়ে এক লবীয়ে কাৰ্য কৰি আছে নেকি, সঁচাকৈয়ে বিজেপিত পুৰণা নেতা-কৰ্মীৰ স্থান নাই নেকি? bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য