--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ ভিতৰচ’ৰাত প্ৰকৃততে কি ঘটিছে? একাংশ লবীয়ে বিজেপিত এতিয়া উঠি ৰজা-বহি ৰজা হৈ পৰিছে নেকি? কিয়নো বিজেপিত এতিয়া যেন দলৰ পুৰণি নেতাসকলৰ কোনো স্থান নাই। সেই কথা সত্যতা প্ৰমাণ কৰিলে বিজেপিৰ এজন জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে। ৰাজেন গোহাঁইৰ অভিযোগ অনুসৰি, বিজেপিত বৰ্তমান পুৰণি নেতা-কৰ্মীৰ কোনো স্থান নাই। আন দলৰ পৰা অহা নেতা-কৰ্মীয়ে বিজেপিত এতিয়া উঠি ৰজা-বহি ৰজা হৈ পৰিছে। যাৰ বাবে এতিয়া দলৰ পুৰণা নেতাসকল এক প্ৰকাৰৰ ষড়যন্ত্ৰৰ বলি হৈছে। ৰাজেন গোহাঁইয়ে এই প্ৰসংগ উত্থাপন কৰাৰ পাছতে তেওঁক এতিয়া বিজেপিৰ একাংশ নেতাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে ৰাজেন গোহাঁইক মুকলিভাৱে প্ৰত্যাহ্বান জনায়। বঢ়মপুৰৰ বিধায়কজনে ৰাজেন গোহাঁইক প্ৰকৃততে আৰু কি পদবী লাগে বুলিও কৰ্টাক্ষ কৰে। বিজেপিয়ে তেওঁক বহুত দিলে, চাৰিবাৰকৈ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী সকলোখিনি তেওঁ বিজেপিৰ পৰা পাইছে। তাৰোপৰি বিধায়কজনে এতিয়া তেওঁক মুখ্যমন্ত্ৰী বা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ পদ লাগে নেকি ৰাজেন বুলি গোহাঁইলৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ লগতে কয় যে, ৰাজেন গোহাঁইক যদি সঁচাকৈয়ে কিবা লাগে তেনেহ’লে মুখ্যমন্ত্ৰীক অৱগত কৰক, নাইবা সভাপতিক অৱগত কৰক, এনেদৰে মুকলি বিদ্ৰোহ কৰাতো অনুচিত বুলি মত ব্যক্ত কৰে। কিন্তু বিজেপিত ৰাজেন গোহাঁইৰ অনা এই অভিযোগ নতুন নহয়, পূৰ্বতেও এনে অভিযোগ আন বহুতো নেতা-কৰ্মীয়ে মুকলিকৈ প্ৰকাশ কৰিছে। এতিয়া প্ৰশ্ন হয়, ৰাজ্যিক বিজেপিত সঁচাকৈয়ে এক লবীয়ে কাৰ্য কৰি আছে নেকি, সঁচাকৈয়ে বিজেপিত পুৰণা নেতা-কৰ্মীৰ স্থান নাই নেকি? bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক