--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পৰেশ ৰাৱালে নিজে জানিবলৈ দিছে যে তেওঁ আৰু অক্ষয় কুমাৰৰ মাজৰ মনোমালিন্যৰ এতিয়া সমাধান হৈছে।

ডিজিটেল ডেস্ক : ‘হেৰা ফেৰি ৩’ ছবিখনত পৰেশ ৰাৱালৰ প্ৰত্যাৱৰ্তনে অনুৰাগীৰ মাজত আনন্দৰ ঢৌ তুলিছে। পৰেশ ৰাৱালে নিজে জানিবলৈ দিছে যে তেওঁ আৰু অক্ষয় কুমাৰৰ মাজৰ মনোমালিন্যৰ এতিয়া সমাধান হৈছে। ছবিখনৰ প্ৰযোজক ফিৰোজ নাদিয়াদৱালাই এই সম্প্ৰীতি সম্ভৱ কৰি তুলিবলৈ যিসকল আগবাঢ়ি আহিছিল, তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছে।


দেওবাৰে ‘হেৰা ফেৰি’ অনুৰাগীসকলে এটি বিশেষ খবৰ লাভ কৰিছিল। পৰেশ ৰাৱালে এক সাক্ষাৎকাৰত স্পষ্টকৈ কৈছিল যে তেওঁ পুনৰ ছবিখনত অংশগ্ৰহণ কৰিব। লগতে তেওঁ উল্লেখ কৰিছিল যে অক্ষয় কুমাৰৰ সৈতে তেওঁৰ পূৰ্বৰ দূৰত্ব হ্ৰাস পাইছে। ফিৰোজ নাদিয়াদৱালায়েও এই কথা নিশ্চিত কৰি কয় যে, দুয়োগৰাকী অভিনেতাৰ মাজৰ ভাঙোন জোৰাবলৈ যিসকল ব্যক্তিয়ে গুৰুত্বপূর্ণ ভূমিকা লৈছিল, তেওঁলোকক ধন্যবাদ জনাইছোঁ।


ফিৰোজ নাদিয়াদৱালাই এক বাৰ্তালাপত কয়, “মোৰ ভাই ছাজিদ নাদিয়াদৱালা আৰু মিষ্টাৰ আহমেদ খানে যি মৰম, সন্মান আৰু পৰামৰ্শ দেখুৱাইছে, তাৰ ফলত ‘হেৰা ফেৰি’ পৰিয়ালটো পুনৰ একত্ৰিত হ’ব পাৰিছে। ছাজিদে বহুদিন ধৰি বহুত কষ্ট সহ্য কৰি এই কথা সম্ভৱ কৰি তুলিছে। আমাৰ বন্ধন ৫০ বছৰৰো অধিক পুৰণি।”


তেওঁ লগতে কয় যে, “আহমেদ খানে ব্যক্তিগতভাৱে বহু পৰিশ্ৰম কৰিছে। ছাজিদ আৰু আহমেদৰ সহানুভূতি আৰু নেতৃত্বই পৰিয়ালটোলৈ পুনৰ ইতিবাচকতা ঘূৰাই আনিছে। সেই সময়ত অক্ষয় কুমাৰেও সহৃদয়তা আৰু সন্মানৰে সকলো পৰিস্থিতিতে সহায় কৰি গৈছিল। পৰেশ ৰাৱাল, সুনীল শেট্টী আৰু প্ৰিয়দৰ্শনেও আগবাঢ়ি আহি সহায় কৰিছিল। এতিয়া আমি সকলোৱে একেলগে সুখী মনেৰে এখন উৎকৃষ্ট ছবি নিৰ্মাণ কৰিবলৈ সাজু।”


ফিৰোজ নাদিয়াদৱালাই তেওঁৰ বাৰ্তালাপত ‘হেৰা ফেৰি ৩’ৰ শ্বুটিঙৰো এক আপডেট দিয়ে। তেওঁ কয়, “এই ছবিখন হ’ব ‘হেৰা ফেৰি’ ফ্ৰেঞ্চাইজিৰ আন এটা বৃহৎ মনোৰঞ্জক অধ্যায়। আমি সকলো মিলি ইমান কষ্ট কৰি এই পৰিয়ালটো পুনৰ একত্ৰিত কৰিছো। চলিত বৰ্ষৰ শেষৰ ফালে ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ কথা আছে।”


ইফালে ‘ৱেলকাম টু দ্য জংগল’ ছবিখনো প্ৰযোজনা কৰি আছে ফিৰোজ নাদিয়াদৱালাই, যিখন ২০২৫ চনৰ খ্ৰীষ্টমাছত মুক্তি পাব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি