--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পৰেশ ৰাৱালে নিজে জানিবলৈ দিছে যে তেওঁ আৰু অক্ষয় কুমাৰৰ মাজৰ মনোমালিন্যৰ এতিয়া সমাধান হৈছে।

ডিজিটেল ডেস্ক : ‘হেৰা ফেৰি ৩’ ছবিখনত পৰেশ ৰাৱালৰ প্ৰত্যাৱৰ্তনে অনুৰাগীৰ মাজত আনন্দৰ ঢৌ তুলিছে। পৰেশ ৰাৱালে নিজে জানিবলৈ দিছে যে তেওঁ আৰু অক্ষয় কুমাৰৰ মাজৰ মনোমালিন্যৰ এতিয়া সমাধান হৈছে। ছবিখনৰ প্ৰযোজক ফিৰোজ নাদিয়াদৱালাই এই সম্প্ৰীতি সম্ভৱ কৰি তুলিবলৈ যিসকল আগবাঢ়ি আহিছিল, তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছে।


দেওবাৰে ‘হেৰা ফেৰি’ অনুৰাগীসকলে এটি বিশেষ খবৰ লাভ কৰিছিল। পৰেশ ৰাৱালে এক সাক্ষাৎকাৰত স্পষ্টকৈ কৈছিল যে তেওঁ পুনৰ ছবিখনত অংশগ্ৰহণ কৰিব। লগতে তেওঁ উল্লেখ কৰিছিল যে অক্ষয় কুমাৰৰ সৈতে তেওঁৰ পূৰ্বৰ দূৰত্ব হ্ৰাস পাইছে। ফিৰোজ নাদিয়াদৱালায়েও এই কথা নিশ্চিত কৰি কয় যে, দুয়োগৰাকী অভিনেতাৰ মাজৰ ভাঙোন জোৰাবলৈ যিসকল ব্যক্তিয়ে গুৰুত্বপূর্ণ ভূমিকা লৈছিল, তেওঁলোকক ধন্যবাদ জনাইছোঁ।


ফিৰোজ নাদিয়াদৱালাই এক বাৰ্তালাপত কয়, “মোৰ ভাই ছাজিদ নাদিয়াদৱালা আৰু মিষ্টাৰ আহমেদ খানে যি মৰম, সন্মান আৰু পৰামৰ্শ দেখুৱাইছে, তাৰ ফলত ‘হেৰা ফেৰি’ পৰিয়ালটো পুনৰ একত্ৰিত হ’ব পাৰিছে। ছাজিদে বহুদিন ধৰি বহুত কষ্ট সহ্য কৰি এই কথা সম্ভৱ কৰি তুলিছে। আমাৰ বন্ধন ৫০ বছৰৰো অধিক পুৰণি।”


তেওঁ লগতে কয় যে, “আহমেদ খানে ব্যক্তিগতভাৱে বহু পৰিশ্ৰম কৰিছে। ছাজিদ আৰু আহমেদৰ সহানুভূতি আৰু নেতৃত্বই পৰিয়ালটোলৈ পুনৰ ইতিবাচকতা ঘূৰাই আনিছে। সেই সময়ত অক্ষয় কুমাৰেও সহৃদয়তা আৰু সন্মানৰে সকলো পৰিস্থিতিতে সহায় কৰি গৈছিল। পৰেশ ৰাৱাল, সুনীল শেট্টী আৰু প্ৰিয়দৰ্শনেও আগবাঢ়ি আহি সহায় কৰিছিল। এতিয়া আমি সকলোৱে একেলগে সুখী মনেৰে এখন উৎকৃষ্ট ছবি নিৰ্মাণ কৰিবলৈ সাজু।”


ফিৰোজ নাদিয়াদৱালাই তেওঁৰ বাৰ্তালাপত ‘হেৰা ফেৰি ৩’ৰ শ্বুটিঙৰো এক আপডেট দিয়ে। তেওঁ কয়, “এই ছবিখন হ’ব ‘হেৰা ফেৰি’ ফ্ৰেঞ্চাইজিৰ আন এটা বৃহৎ মনোৰঞ্জক অধ্যায়। আমি সকলো মিলি ইমান কষ্ট কৰি এই পৰিয়ালটো পুনৰ একত্ৰিত কৰিছো। চলিত বৰ্ষৰ শেষৰ ফালে ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ কথা আছে।”


ইফালে ‘ৱেলকাম টু দ্য জংগল’ ছবিখনো প্ৰযোজনা কৰি আছে ফিৰোজ নাদিয়াদৱালাই, যিখন ২০২৫ চনৰ খ্ৰীষ্টমাছত মুক্তি পাব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু