--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইতিহাস সৃষ্টি কৰি ব্ৰহ্মপুত্ৰৰ বুকুৰ মনোৰম পৰিৱেশত প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা ২১ ডিচেম্বৰৰ দিনা অসমৰ শিক্ষাৰ্থীৰ লগত প্রায় ৪৫ মিনিট সময় 'পৰীক্ষা পে' চর্চা'ত ভাগ লয়।

ডিজিটেল ডেস্ক: গুৱাহাটীলৈ আহি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত আয়োজন কৰিছিল তেওঁৰ জনপ্রিয় অনুষ্ঠান 'পৰীক্ষা পে' চর্চা'। যোৱা ২১ ডিচেম্বৰতে অসমৰ ২৫গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা এই 'পৰীক্ষা পে চর্চা' অনুষ্ঠানটি সম্প্ৰচাৰ হ'ব অহা ৬ ফেব্ৰুৱাৰীত। কালি সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা অৱগত কৰি উক্ত বিশেষ খণ্ড চাবলৈ সকলোকে আমন্ত্রণ জনায়। 


উল্লেখযোগ্য যে পৰীক্ষাৰ সময় ওচৰ চাপি অহাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে পুনৰ পৰীক্ষা পে' চৰ্চাৰ জৰিয়তে যুৱ শিক্ষার্থীসকলৰ সৈতে জড়িত হৈ পৰিছে। এই বছৰ দেৱমোগ্রা, কইম্বাট'ৰ, ৰায়পুৰ, গুৱাহাটী আৰু দিল্লীৰ ৭ লোক কল্যাণ মাৰ্গত তেওঁ বহুকেইগৰাকী শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিছিল। 


ইতিহাস সৃষ্টি কৰি ব্ৰহ্মপুত্ৰৰ বুকুৰ মনোৰম পৰিৱেশত প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা ২১ ডিচেম্বৰৰ দিনা অসমৰ শিক্ষাৰ্থীৰ লগত প্রায় ৪৫ মিনিট সময় 'পৰীক্ষা পে' চর্চা'ত ভাগ লয়। এই অনুষ্ঠানত প্রধানমন্ত্রীজনে শিক্ষার্থীসকলক পৰীক্ষাৰ চাপ কেনেদৰে চম্ভালিব লাগিব, কেনেদৰে পঢ়া-শুনাৰ লগতে আন আন ক্ষেত্ৰতো ভাৰসাম্যতা ৰক্ষা কৰিব লাগিব, কিদৰে ছাত্ৰ-ছাত্রীসকলে নিজৰ মানসিক স্বাস্থ্য শক্তিশালী কৰিব লাগিব- এই সকলো বিষয়ত পৰামৰ্শ দিয়ে। 


এই পৰীক্ষা পে' চর্চা অনুষ্ঠানত অংশ লোৱাৰ বাবে অসমৰ কেন্দ্ৰীয় বিদ্যালয়, জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা ২জন, আদর্শ বিদ্যালয়, জাতীয় বিদ্যালয়ৰ পৰা ২জনকৈ, প্রাদেশীকৃত বিদ্যালয়ৰ ৫গৰাকী, ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ২গৰাকী, চাহ বাগিচা আদর্শ বিদ্যালয়ৰ ২গৰাকী, বৰাকৰ ২গৰাকী, বি টি চিৰ ২গৰাকী আৰু কাৰ্বি-ডিমাচা স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলৰ পৰা ৪গৰাকী ছাত্ৰ-ছাত্ৰীক নির্বাচিত কৰা হৈছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু