--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইতিহাস সৃষ্টি কৰি ব্ৰহ্মপুত্ৰৰ বুকুৰ মনোৰম পৰিৱেশত প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা ২১ ডিচেম্বৰৰ দিনা অসমৰ শিক্ষাৰ্থীৰ লগত প্রায় ৪৫ মিনিট সময় 'পৰীক্ষা পে' চর্চা'ত ভাগ লয়।

ডিজিটেল ডেস্ক: গুৱাহাটীলৈ আহি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত আয়োজন কৰিছিল তেওঁৰ জনপ্রিয় অনুষ্ঠান 'পৰীক্ষা পে' চর্চা'। যোৱা ২১ ডিচেম্বৰতে অসমৰ ২৫গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা এই 'পৰীক্ষা পে চর্চা' অনুষ্ঠানটি সম্প্ৰচাৰ হ'ব অহা ৬ ফেব্ৰুৱাৰীত। কালি সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা অৱগত কৰি উক্ত বিশেষ খণ্ড চাবলৈ সকলোকে আমন্ত্রণ জনায়। 


উল্লেখযোগ্য যে পৰীক্ষাৰ সময় ওচৰ চাপি অহাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে পুনৰ পৰীক্ষা পে' চৰ্চাৰ জৰিয়তে যুৱ শিক্ষার্থীসকলৰ সৈতে জড়িত হৈ পৰিছে। এই বছৰ দেৱমোগ্রা, কইম্বাট'ৰ, ৰায়পুৰ, গুৱাহাটী আৰু দিল্লীৰ ৭ লোক কল্যাণ মাৰ্গত তেওঁ বহুকেইগৰাকী শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিছিল। 


ইতিহাস সৃষ্টি কৰি ব্ৰহ্মপুত্ৰৰ বুকুৰ মনোৰম পৰিৱেশত প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা ২১ ডিচেম্বৰৰ দিনা অসমৰ শিক্ষাৰ্থীৰ লগত প্রায় ৪৫ মিনিট সময় 'পৰীক্ষা পে' চর্চা'ত ভাগ লয়। এই অনুষ্ঠানত প্রধানমন্ত্রীজনে শিক্ষার্থীসকলক পৰীক্ষাৰ চাপ কেনেদৰে চম্ভালিব লাগিব, কেনেদৰে পঢ়া-শুনাৰ লগতে আন আন ক্ষেত্ৰতো ভাৰসাম্যতা ৰক্ষা কৰিব লাগিব, কিদৰে ছাত্ৰ-ছাত্রীসকলে নিজৰ মানসিক স্বাস্থ্য শক্তিশালী কৰিব লাগিব- এই সকলো বিষয়ত পৰামৰ্শ দিয়ে। 


এই পৰীক্ষা পে' চর্চা অনুষ্ঠানত অংশ লোৱাৰ বাবে অসমৰ কেন্দ্ৰীয় বিদ্যালয়, জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা ২জন, আদর্শ বিদ্যালয়, জাতীয় বিদ্যালয়ৰ পৰা ২জনকৈ, প্রাদেশীকৃত বিদ্যালয়ৰ ৫গৰাকী, ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ২গৰাকী, চাহ বাগিচা আদর্শ বিদ্যালয়ৰ ২গৰাকী, বৰাকৰ ২গৰাকী, বি টি চিৰ ২গৰাকী আৰু কাৰ্বি-ডিমাচা স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলৰ পৰা ৪গৰাকী ছাত্ৰ-ছাত্ৰীক নির্বাচিত কৰা হৈছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ