--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ফেল'শ্বিপৰ অধীনত কেন্দ্ৰটোৰ গৱেষকসকলে জাপানৰ আগশাৰীৰ বিশ্ববিদ্যালয় আৰু গৱেষণাগাৰত সম্পূর্ণ আর্থিক সাহায্যৰে এবছৰলৈকে যুটীয়া গৱেষণা চলাব পাৰিব।

ডিজিটেল ডেস্ক: কটন বিশ্ববিদ্যালয়ৰ 'চেণ্টাৰ ফৰ ক্লাউডছ এণ্ড ক্লাইমেট চেঞ্জ ৰিচাৰ্ছ' চেণ্টাৰ (চি এ আৰ) জাপানী বিজ্ঞান আৰু প্ৰযুক্তি সংস্থা (আই এছ টি)ৰ দ্বাৰা প্ৰদান কৰা ২০২৫ বৰ্ষৰ 'ইণ্ডিয়া-জাপান চার্কুলেশ্যন অব্ টেলেন্টেড য়ুথছ ইন ছায়েন্স ফেল'শ্বিপ' (LOTUS Programme)ৰ বাবে নিৰ্বাচিত হৈছে। 


জাপানৰ 'চাকুৰা ছায়েন্স' গাঁথনিৰ অধীনত পৰিচালিত এই ল'টাছ (LOTUS) কার্যসূচীয়ে ডক্টৰেট আৰু প'ষ্ট-ডক্টৰেট গৱেষকসকলৰ যাতায়াতত সহায় কৰি ভাৰত আৰু জাপানৰ মাজত বৈজ্ঞানিক সহযোগিতা বৃদ্ধি কৰে। এই ফেল'শ্বিপৰ অধীনত কেন্দ্ৰটোৰ গৱেষকসকলে জাপানৰ আগশাৰীৰ বিশ্ববিদ্যালয় আৰু গৱেষণাগাৰত সম্পূর্ণ আর্থিক সাহায্যৰে এবছৰলৈকে যুটীয়া গৱেষণা চলাব পাৰিব। বিশেষকৈ পূব হিমালয় আৰু উত্তৰ-পূব ভাৰতৰ মৌচুমী প্ৰৱাহ, চৰম বতৰৰ পৰিঘটনা আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ওপৰত (চি এ আৰ)-এ কৰি অহা কামৰ স্বীকৃতি স্বৰূপে এই নিৰ্বাচন কৰা হৈছে। 


কটন বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰমেশ চন্দ্র ডেকাই মন্তব্য আগবঢ়ায় যে 'জাপান বিজ্ঞান আৰু প্ৰযুক্তি সংস্থাৰ এই স্বীকৃতি কটন বিশ্ববিদ্যালয়ৰ বাবে এক গৌৰৱৰ ক্ষণ। ই আমাৰ উচ্চমানৰ গৱেষণাৰ প্ৰতি থকা দায়বদ্ধতা আৰু গোলকীয় বৈজ্ঞানিক নেটৱৰ্কৰ সৈতে বৃদ্ধি পোৱা জড়িতকৰণক প্রতিফলিত কৰে, যিটো জলবায়ু পৰিৱৰ্তনৰ দৰে প্রত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ।' 


চেণ্টাৰ ফৰ ক্লাউডছ এণ্ড ক্লাইমেট চেঞ্জ ৰিচাৰ্ছৰ সঞ্চালক ড° ৰাহুল মহন্তই কয়, 'এই ফেল'শ্বিপে উত্তৰ-পূব ভাৰতত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংযোজিত এটা জলবায়ু গৱেষণা কেন্দ্ৰ গঢ়ি তোলাৰ আমাৰ লক্ষ্যক অধিক শক্তিশালী কৰি তুলিব। এই সহযোগিতাই আমাৰ যুৱ গৱেষকসকলক উন্নত পর্যবেক্ষণ আৰু মডেলিং গাঁথনিৰ সৈতে কাম কৰিবলৈ সক্ষম কৰাৰ লগতে আঞ্চলিক জলবায়ুৰ প্রত্যাহ্বানসমূহৰ ক্ষেত্ৰত বিশ্বজনীন দৃষ্টিভংগী প্রদান কৰিব।' এই ফেল'শ্বিপৰ জৰিয়তে ভাৰতীয় আৰু জাপানী প্রতিষ্ঠানসমূহৰ মাজত যুটীয়া গৱেষণা প্রকল্প, প্ৰকাশন আৰু নিৰন্তৰ শৈক্ষিক আদান-প্রদান হ'ব বুলি আশা কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ