--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ফেল'শ্বিপৰ অধীনত কেন্দ্ৰটোৰ গৱেষকসকলে জাপানৰ আগশাৰীৰ বিশ্ববিদ্যালয় আৰু গৱেষণাগাৰত সম্পূর্ণ আর্থিক সাহায্যৰে এবছৰলৈকে যুটীয়া গৱেষণা চলাব পাৰিব।

ডিজিটেল ডেস্ক: কটন বিশ্ববিদ্যালয়ৰ 'চেণ্টাৰ ফৰ ক্লাউডছ এণ্ড ক্লাইমেট চেঞ্জ ৰিচাৰ্ছ' চেণ্টাৰ (চি এ আৰ) জাপানী বিজ্ঞান আৰু প্ৰযুক্তি সংস্থা (আই এছ টি)ৰ দ্বাৰা প্ৰদান কৰা ২০২৫ বৰ্ষৰ 'ইণ্ডিয়া-জাপান চার্কুলেশ্যন অব্ টেলেন্টেড য়ুথছ ইন ছায়েন্স ফেল'শ্বিপ' (LOTUS Programme)ৰ বাবে নিৰ্বাচিত হৈছে। 


জাপানৰ 'চাকুৰা ছায়েন্স' গাঁথনিৰ অধীনত পৰিচালিত এই ল'টাছ (LOTUS) কার্যসূচীয়ে ডক্টৰেট আৰু প'ষ্ট-ডক্টৰেট গৱেষকসকলৰ যাতায়াতত সহায় কৰি ভাৰত আৰু জাপানৰ মাজত বৈজ্ঞানিক সহযোগিতা বৃদ্ধি কৰে। এই ফেল'শ্বিপৰ অধীনত কেন্দ্ৰটোৰ গৱেষকসকলে জাপানৰ আগশাৰীৰ বিশ্ববিদ্যালয় আৰু গৱেষণাগাৰত সম্পূর্ণ আর্থিক সাহায্যৰে এবছৰলৈকে যুটীয়া গৱেষণা চলাব পাৰিব। বিশেষকৈ পূব হিমালয় আৰু উত্তৰ-পূব ভাৰতৰ মৌচুমী প্ৰৱাহ, চৰম বতৰৰ পৰিঘটনা আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ওপৰত (চি এ আৰ)-এ কৰি অহা কামৰ স্বীকৃতি স্বৰূপে এই নিৰ্বাচন কৰা হৈছে। 


কটন বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰমেশ চন্দ্র ডেকাই মন্তব্য আগবঢ়ায় যে 'জাপান বিজ্ঞান আৰু প্ৰযুক্তি সংস্থাৰ এই স্বীকৃতি কটন বিশ্ববিদ্যালয়ৰ বাবে এক গৌৰৱৰ ক্ষণ। ই আমাৰ উচ্চমানৰ গৱেষণাৰ প্ৰতি থকা দায়বদ্ধতা আৰু গোলকীয় বৈজ্ঞানিক নেটৱৰ্কৰ সৈতে বৃদ্ধি পোৱা জড়িতকৰণক প্রতিফলিত কৰে, যিটো জলবায়ু পৰিৱৰ্তনৰ দৰে প্রত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ।' 


চেণ্টাৰ ফৰ ক্লাউডছ এণ্ড ক্লাইমেট চেঞ্জ ৰিচাৰ্ছৰ সঞ্চালক ড° ৰাহুল মহন্তই কয়, 'এই ফেল'শ্বিপে উত্তৰ-পূব ভাৰতত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংযোজিত এটা জলবায়ু গৱেষণা কেন্দ্ৰ গঢ়ি তোলাৰ আমাৰ লক্ষ্যক অধিক শক্তিশালী কৰি তুলিব। এই সহযোগিতাই আমাৰ যুৱ গৱেষকসকলক উন্নত পর্যবেক্ষণ আৰু মডেলিং গাঁথনিৰ সৈতে কাম কৰিবলৈ সক্ষম কৰাৰ লগতে আঞ্চলিক জলবায়ুৰ প্রত্যাহ্বানসমূহৰ ক্ষেত্ৰত বিশ্বজনীন দৃষ্টিভংগী প্রদান কৰিব।' এই ফেল'শ্বিপৰ জৰিয়তে ভাৰতীয় আৰু জাপানী প্রতিষ্ঠানসমূহৰ মাজত যুটীয়া গৱেষণা প্রকল্প, প্ৰকাশন আৰু নিৰন্তৰ শৈক্ষিক আদান-প্রদান হ'ব বুলি আশা কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু