--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ দীঘলীয়া হৈ পৰিছে শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ আগশাৰীৰ নেতা সঞ্জয় ৰাউটৰ কাৰাগাৰৰ ম্যাদ। আজি মুম্বাইৰ এখন বিশেষ আদালতে ৰাউটক পাত্ৰ চাওল ভূমি কেলেংকাৰীৰ গোচৰত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ইয়াৰ লগে লগে অহা ২২ আগষ্টলৈকে মুকলি আকাশৰ তললৈ অহাৰ পথ বন্ধ হৈছে সঞ্জয় ৰাউটৰ। উল্লেখ্য যে গ্ৰেপ্তাৰৰ পিছৰ পৰাই স্বতন্ত্ৰ কেন্দ্ৰীয় তদন্ত সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰৰ জিম্মাত আছিল ৰাউট।

ইতিপূৰ্বে দুবাৰকৈ নেতাগৰাকীক জিম্মাত বিচৰা তদন্ত সংস্থাটোৱে আজি শুনানিৰ সময়ত অৱশ্যে শিৱসেনা নেতাগৰাকীৰ জিম্মাৰ ম্যাদ বৃদ্ধিৰ বাবে আবেদন জনোৱা নাছিল। আনহাতে আদালতে ৰাউটৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক জিম্মাত ঘৰত প্ৰস্তুত কৰা খাদ্য গ্ৰহণত তথা বাহিৰৰ ঔষধ গ্ৰহণ কৰাত অনুমতি দিয়ে।

উল্লেখ্য যে বিগত সময়চোৱাত কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা দলৰ বিৰুদ্ধে সৰৱ হৈ অহা শিৱসেনা নেতাগৰাকীক যোৱা ১ আগষ্টত পাত্ৰ চাওলৰ পুনৰ্বিকাশত বিত্তীয় অনিয়মৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাউটৰ মুম্বাইস্থিত বাসগৃহত দিনজোৰা অভিযানৰ পিছত ৰাউটক প্ৰথমে আটক কৰা হৈছিল যদিও সেইদিনাই নিশালৈ তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ৰাউট আৰু পত্নীৰ লগতে আন কেইগৰাকীমান লোকৰ বিৰুদ্ধে পাত্ৰ চাওল ভূমি কেলেংকাৰীত জড়িত থকা বুলি অভিযোগ কৰিছিল। ইডি- এ গৃহ পুনৰ্বিকাশ প্ৰকল্পত বিত্তীয় অনিয়মৰ জৰিয়তে ৰাউট আৰু তেওঁৰ পৰিয়ালে এক কোটি টকাৰো অধিক মূল্য উপাৰ্জন কৰিছিল বুলিও দাবী তুলিছিল।

কিন্তু শিৱসেনাৰ নেতাগৰাকীয়ে এই সকলো অভিযোগ খণ্ডন কৰিছে। ৰাউটে লগতে বিজেপিয়ে কেন্দ্ৰীয় সংস্থাটোক ব্যৱহাৰ কৰি তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা বুলিও দাবী কৰিছে।

আনহাতে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ৰাউটৰ লগতে তেওঁৰ পত্নী আৰু আন কেইগৰাকী লোকৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ গোচৰটোৰ তদন্তত যথেষ্ট আগবাঢ়িছে বুলি দাবী কৰিছে। উল্লেখ্য যে যোৱা সপ্তাহত কেন্দ্ৰীয় সংস্থাটোৱে ৰাউটৰ পত্নী বৰ্ষা ৰাউটকো গোচৰটোৰ সন্দৰ্ভত ৯ ঘণ্টা ধৰি সোধা-পোছা কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ