--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ দীঘলীয়া হৈ পৰিছে শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ আগশাৰীৰ নেতা সঞ্জয় ৰাউটৰ কাৰাগাৰৰ ম্যাদ। আজি মুম্বাইৰ এখন বিশেষ আদালতে ৰাউটক পাত্ৰ চাওল ভূমি কেলেংকাৰীৰ গোচৰত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ইয়াৰ লগে লগে অহা ২২ আগষ্টলৈকে মুকলি আকাশৰ তললৈ অহাৰ পথ বন্ধ হৈছে সঞ্জয় ৰাউটৰ। উল্লেখ্য যে গ্ৰেপ্তাৰৰ পিছৰ পৰাই স্বতন্ত্ৰ কেন্দ্ৰীয় তদন্ত সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰৰ জিম্মাত আছিল ৰাউট।

ইতিপূৰ্বে দুবাৰকৈ নেতাগৰাকীক জিম্মাত বিচৰা তদন্ত সংস্থাটোৱে আজি শুনানিৰ সময়ত অৱশ্যে শিৱসেনা নেতাগৰাকীৰ জিম্মাৰ ম্যাদ বৃদ্ধিৰ বাবে আবেদন জনোৱা নাছিল। আনহাতে আদালতে ৰাউটৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক জিম্মাত ঘৰত প্ৰস্তুত কৰা খাদ্য গ্ৰহণত তথা বাহিৰৰ ঔষধ গ্ৰহণ কৰাত অনুমতি দিয়ে।

উল্লেখ্য যে বিগত সময়চোৱাত কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা দলৰ বিৰুদ্ধে সৰৱ হৈ অহা শিৱসেনা নেতাগৰাকীক যোৱা ১ আগষ্টত পাত্ৰ চাওলৰ পুনৰ্বিকাশত বিত্তীয় অনিয়মৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাউটৰ মুম্বাইস্থিত বাসগৃহত দিনজোৰা অভিযানৰ পিছত ৰাউটক প্ৰথমে আটক কৰা হৈছিল যদিও সেইদিনাই নিশালৈ তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ৰাউট আৰু পত্নীৰ লগতে আন কেইগৰাকীমান লোকৰ বিৰুদ্ধে পাত্ৰ চাওল ভূমি কেলেংকাৰীত জড়িত থকা বুলি অভিযোগ কৰিছিল। ইডি- এ গৃহ পুনৰ্বিকাশ প্ৰকল্পত বিত্তীয় অনিয়মৰ জৰিয়তে ৰাউট আৰু তেওঁৰ পৰিয়ালে এক কোটি টকাৰো অধিক মূল্য উপাৰ্জন কৰিছিল বুলিও দাবী তুলিছিল।

কিন্তু শিৱসেনাৰ নেতাগৰাকীয়ে এই সকলো অভিযোগ খণ্ডন কৰিছে। ৰাউটে লগতে বিজেপিয়ে কেন্দ্ৰীয় সংস্থাটোক ব্যৱহাৰ কৰি তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা বুলিও দাবী কৰিছে।

আনহাতে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ৰাউটৰ লগতে তেওঁৰ পত্নী আৰু আন কেইগৰাকী লোকৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ গোচৰটোৰ তদন্তত যথেষ্ট আগবাঢ়িছে বুলি দাবী কৰিছে। উল্লেখ্য যে যোৱা সপ্তাহত কেন্দ্ৰীয় সংস্থাটোৱে ৰাউটৰ পত্নী বৰ্ষা ৰাউটকো গোচৰটোৰ সন্দৰ্ভত ৯ ঘণ্টা ধৰি সোধা-পোছা কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক