--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএনেয়ে মৰো ঋষিৰ শাপত তাতে দিয়ে ধানৰ ভাপত... মূল্যবৃদ্ধিকে ধৰি এশ এবুৰি সমস্যাত ভাৰাক্ৰান্ত দেশৰ জনতাক আকৌ এবাৰ নেলু চেপি ধৰিবলৈ সাজু হৈছে মোদীৰ ’পৰিৱৰ্তনকামী’ চৰকাৰ৷ শেহতীয়াকৈ লোকসভাত বিদ্যুৎ সংশোধনী বিধেয়ক উত্থাপনৰ জৰিয়তে দেশৰ বিদ্যুৎ খণ্ডক সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ডৰ হাতত গটাই দিবলৈ ওলাইছে মোদীৰ চৰকাৰে৷ 

সম্প্ৰতি সংসদীয় ষেটেণ্ডিং কমিটিলৈ প্ৰেৰণ কৰা বিধেয়ক খন গৃহীত হ’লেই দেশৰ বিদ্যুৎ খণ্ড গুচি যাব পূজিপতি বনিক গোষ্ঠাৰ হাততলৈ৷ তেতিয়া কি হ’ব? পূজিপতিৰ হাতলৈ বিদ্যুৎ খণ্ডটো যোৱাৰ পিছতেই বছৰত কমেও চাৰিবাৰকৈ বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷ তেনে পৰিস্থিতিত  বিদ্যুৎ (সংশোধনী) বিধেয়ক ২০২২ৰ বিৰুদ্ধে দেশৰ প্ৰায় ২.৭ নিযুত বিদ্যুৎ খণ্ডৰ কৰ্মচাৰী আৰু অভিযন্তাই প্ৰতিবাদ কৰিছে। 

অল ইণ্ডিয়া পাৱাৰ ইঞ্জিনিয়াৰফেডাৰেচন (এআইপিইএফ)ৰ এক বিবৃতিত কোৱা হৈছে যে বিধেয়কখনে একেটা ক্ষেত্ৰত একাধিক বিতৰণ কোম্পানীক অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ অনুমতি দিব ৷যিয়ে ব্যক্তিগত কোম্পানীবোৰক উপকৃত কৰিব যদিও কৰ্মচাৰী আৰু সাধাৰণ জনতাই দুৰ্ভোগহে ভুগিব লাগিব৷   

বিবৃতিটোত কোৱা হৈছে "০৮ আগষ্টত লোকসভাত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে বিদ্যুৎ (সংশোধনী) বিধেয়ক ২০২২ প্ৰৱৰ্তন কৰাৰ প্ৰতিবাদত দেশৰ  ২৭ লাখ বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাই  কাম এৰি গোটেই দিনটো প্ৰতিবাদ কৰিছে," বিবৃতিটোত কোৱা হৈছে। অল ইণ্ডিয়া পাৱাৰ ইঞ্জিনিয়াৰ ফেডাৰেশ্যনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। "

এআইপিইএফ দাবী কৰে যে এই বিধেয়কখন তৎক্ষণাৎ সংসদলৈ  প্ৰেৰণ কৰিব নালাগে ৷ বিধেয়ক খন প্ৰথমে সংসদৰ বিদ্যুৎ বিষয়ৰ স্থায়ী সমিতিলৈ প্ৰেৰণ কৰিব লাগে বুলিও সংস্থাই দাবী জনায়৷ এআইপিইএফৰ অধ্যক্ষ শৈলেন্দ্ৰ দুবেই কয়: "কেন্দ্ৰই  বিধি  উলংঘা কৰি বিদ্যুৎ (সংশোধনী) বিধেয়ক ২০২২ গ্ৰহণ  কৰিবলৈ গৈ আছে, যাৰ বাবে সমগ্ৰ দেশৰ বিদ্যুৎ কৰ্মচাৰীসকলৰ মাজত যথেষ্ট উদ্বেগৰ  সৃষ্টি হৈছে।" তেওঁ লগতে কয় যে বিদ্যুৎ খণ্ড  ব্যক্তিগত কৰাৰ ক্ষেত্ৰত  চৰকাৰে কোনো ৰাজ্যৰ পৰা মন্তব্য বিচৰা নাই।  

"বিদ্যুৎ (সংশোধনী) বিধেয়ক ২০২২ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বিদ্যুৎ আইন ২০০৩ সংশোধন কৰিবলৈ গৈ আছে, যাৰ ফলত বিদ্যুৎ কৰ্মচাৰী আৰু বিদ্যুৎ উপভোক্তাসকলৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব," দুবেই কয়। 
 উল্লেখ্য বিদ্যুৎ (সংশোধনী) বিধেয়ক ২০২২-ত ব্যক্তিগত খণ্ডৰ নতুন বিতৰণ কোম্পানীবোৰে চৰকাৰে পূৰ্বতে কৰি থোৱা আন্তঃগাথনি  ব্যৱহাৰ কৰিয়েই ওপৰতে কোনো খৰচ নকৰাকৈ  বিদ্যুৎ যোগান ধৰিব। বিবৃতি খনত লগতে  কোৱা হৈছে: "ব্যক্তিগত কোম্পানীবোৰে কেৱল কিছু হুইলিং মাচুল পৰিশোধ কৰি লাভ অৰ্জন কৰিব। ইয়াৰ ফলস্বৰূপে, চৰকাৰী কোম্পানীবোৰ আৰ্থিকভাৱে দেউলীয়া হৈ পৰিব।" 

শুকুৰবাৰে শক্তি মন্ত্ৰী আৰ কে সিঙে বিদ্যুৎ (সংশোধনী) বিধেয়ক ২০২২ ৰ গৃহীত কৰিবলৈ  চৰকাৰ সাজু বুলি কোৱাৰ পিছতে প্ৰতিবাদ মুখৰ হৈ পৰিছে বিদ্যুৎ কৰ্মী তথা অভিযন্তাসকল৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ