--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰিষ্যাৰ বালাচোৰত শুকুৰবাৰে নিশা সংঘটিত হোৱা শোকাৱহ ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই- ৰ তদন্ত আহ্বান কৰিছে ৰে’ল মন্ত্ৰালয়ে। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত এই বিষয়ে উল্লেখ কৰে।

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে কাৰিকৰী বিসংগতিৰ পৰিণতিত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰিছিল আৰু অতি সোনকালে এই বিষয়ত সকলো তথ্য এক প্ৰতিবেদনত প্ৰকাশ পাব বুলি মন্তব্য কৰিছিল।ইফালে ৰে’লৱেই উল্লেখ কৰা মতে, “চিগনেলিং ইন্টাৰফেৰেন্স”ৰ বাবে ক’ৰ’মেণ্ডেল এক্সপ্ৰেছখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ইয়াৰ ইঞ্জিন তথা ডবাই লুপ লাইনসমূহৰ এটাত ৰখাই থোৱা লোহাৰ অক্সাইডেৰে ভৰ্তি এখন মালবাহী ৰে’লত খুন্দা মাৰে।

ইয়াৰ ফলশ্ৰুতিত ক’ৰ’মেণ্ডেল এক্সপ্ৰেছৰ ডবাসমূহ তৃতীয় ট্ৰেকত সোমাই পৰে আৰু তীব্ৰ বেগত ওচৰ চাপি অহা বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছত খুন্দা মাৰে বুলি ৰে’লৱেই উল্লেখ কৰে।

আনহাতে, বিৰোধীয়ে দুৰ্ঘটনাৰ পিছতে ৰে’ল সুৰক্ষাৰ কেইবাটাও গুৰুতৰ ভুলৰ উল্লেখ কৰা ৰে’লৱেৰ অডিট প্ৰতিবেদনৰ বিষয়ে চৰ্চালৈ আনিছে। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত সংসদত এই প্ৰতিবেদন দাখিল কৰা হৈছিল।

উল্লেখ্য যে, এই দুৰ্ঘটনাত ২৮৮ গৰাকী লোকৰ মৃত্যু হোৱা বুলি প্ৰাৰম্ভিক অৱস্থাত তথ্য আহিছিল যদিও আজি উৰিষ্যা চৰকাৰে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৫ জন আৰু আঘাতপ্ৰাপ্তৰ সংখ্যা ১১৭৫ জন বুলি উল্লেখ কৰিছে।

উৰিষ্যা চৰকাৰৰ এই পৰিসংখ্যাই বালাচোৰৰ ৰে’ল দুৰ্ঘটনাক দেশৰ ভিতৰতে তৃতীয় ভয়াৱহ ৰে’ল দুৰ্ঘটনা হিচাপে পৰিগণিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা