--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰিষ্যাৰ বালাচোৰত শুকুৰবাৰে নিশা সংঘটিত হোৱা শোকাৱহ ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই- ৰ তদন্ত আহ্বান কৰিছে ৰে’ল মন্ত্ৰালয়ে। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত এই বিষয়ে উল্লেখ কৰে।

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে কাৰিকৰী বিসংগতিৰ পৰিণতিত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰিছিল আৰু অতি সোনকালে এই বিষয়ত সকলো তথ্য এক প্ৰতিবেদনত প্ৰকাশ পাব বুলি মন্তব্য কৰিছিল।ইফালে ৰে’লৱেই উল্লেখ কৰা মতে, “চিগনেলিং ইন্টাৰফেৰেন্স”ৰ বাবে ক’ৰ’মেণ্ডেল এক্সপ্ৰেছখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ইয়াৰ ইঞ্জিন তথা ডবাই লুপ লাইনসমূহৰ এটাত ৰখাই থোৱা লোহাৰ অক্সাইডেৰে ভৰ্তি এখন মালবাহী ৰে’লত খুন্দা মাৰে।

ইয়াৰ ফলশ্ৰুতিত ক’ৰ’মেণ্ডেল এক্সপ্ৰেছৰ ডবাসমূহ তৃতীয় ট্ৰেকত সোমাই পৰে আৰু তীব্ৰ বেগত ওচৰ চাপি অহা বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছত খুন্দা মাৰে বুলি ৰে’লৱেই উল্লেখ কৰে।

আনহাতে, বিৰোধীয়ে দুৰ্ঘটনাৰ পিছতে ৰে’ল সুৰক্ষাৰ কেইবাটাও গুৰুতৰ ভুলৰ উল্লেখ কৰা ৰে’লৱেৰ অডিট প্ৰতিবেদনৰ বিষয়ে চৰ্চালৈ আনিছে। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত সংসদত এই প্ৰতিবেদন দাখিল কৰা হৈছিল।

উল্লেখ্য যে, এই দুৰ্ঘটনাত ২৮৮ গৰাকী লোকৰ মৃত্যু হোৱা বুলি প্ৰাৰম্ভিক অৱস্থাত তথ্য আহিছিল যদিও আজি উৰিষ্যা চৰকাৰে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৫ জন আৰু আঘাতপ্ৰাপ্তৰ সংখ্যা ১১৭৫ জন বুলি উল্লেখ কৰিছে।

উৰিষ্যা চৰকাৰৰ এই পৰিসংখ্যাই বালাচোৰৰ ৰে’ল দুৰ্ঘটনাক দেশৰ ভিতৰতে তৃতীয় ভয়াৱহ ৰে’ল দুৰ্ঘটনা হিচাপে পৰিগণিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস