--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুৰা প্ৰেমীসকলৰ বাবে এক সুন্দৰ খবৰ। এতিয়াৰে পৰা মেট্ৰ’ ষ্টেছনতে উপলব্ধ হ’ব সুৰা। ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু চাহিদা পূৰণৰ বাবে আবকাৰী বিভাগে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত। দিল্লীৰ ৬টা মেট্ৰ’ ষ্টেছনত সুৰাৰ দোকান খুলিবলৈ অনুমতি প্ৰদান কৰিছে। বিষয়াসকলে জনোৱা মতে, ঘন জনবসতিপূৰ্ণ অঞ্চলত চাহিদা পূৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 দিল্লী কনজিউমাৰ্ছ কঅপাৰেটিভ হোলচেল ষ্ট’ৰছ লিমিটেডক দিল্লী মেট্ৰ’ ৰে’ল নিগমে ৬টা মেট্ৰ’ ষ্টেছনত সুৰাৰ বিপণী খোলাৰ অনুমতি প্ৰদান কৰিছে। এই তালিকাত আছে বদৰাপুৰ, দ্বাৰকা, কৰলবাগ, ৰাজৌৰী গাৰ্ডেন, মুণ্ডকা আদি মেট্ৰ’ ষ্টেছন। প্ৰতিদিনে মেট্ৰ’ ষ্টেছনত বিপুলসংখ্যক যাত্ৰী থাকে, সেয়েহে অনুমান কৰা হৈছে যে এই অঞ্চলসমূহত সুৰাৰ বিপণীসমূহে বিপুল ৰাজহ আহৰণ কৰিব পাৰিব।

 ইতিমধ্যে দিল্লীৰ প্ৰধান মেট্ৰ’ ষ্টেছনসমূহত সুৰাৰ বিপণী মুকলি কৰা হৈছে। বাকীবোৰ শীঘ্ৰেই খোলাৰ সম্ভাৱনা আছে। আবকাৰী বিভাগৰ এজন বিষয়াই জনোৱা মতে, হুইস্কি আৰু ৰামৰ দোকানৰ উপৰি তেওঁলোকে কিছুমান দোকানৰ অনুজ্ঞাপত্ৰ দিবলৈ চেষ্টা কৰিছে য’ত কেৱল বিয়েৰ আৰু আন সুৰাহে উপলব্ধ হ’ব। ইয়াৰ উপৰি সুৰাৰ দোকানৰ সমান্তৰালকৈ আন সামগ্ৰীৰ বিপনীও খোলাৰ অনুমতি দিয়া হৈছে বুলি বিষয়াসকলে জনায়।

 বিষয়াগৰাকীয়ে লগতে কয় যে আমি চেষ্টা কৰিছো আছো প্ৰতিখন দোকান কমেও ৩০০ বৰ্গফুট হ’ব লাগে। কিন্তু ঠাইৰ অভাৱত কেইবাখনো সৰু সৰু দোকানো অনুমতি দিবলগীয়া হৈছিল। ছেপ্টেম্বৰৰ ভিতৰত সমগ্ৰ মহানগৰীত ৫০০খন সুৰাৰ দোকান খোলাৰ লক্ষ্য লৈছে আবকাৰী বিভাগে। ২০২২ চনৰ ভিতৰত কমেও ২০০খন সুৰাৰ দোকান খোলাৰ মনস্থ কৰিছে আবকাৰী বিভাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী