--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুৰা প্ৰেমীসকলৰ বাবে এক সুন্দৰ খবৰ। এতিয়াৰে পৰা মেট্ৰ’ ষ্টেছনতে উপলব্ধ হ’ব সুৰা। ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু চাহিদা পূৰণৰ বাবে আবকাৰী বিভাগে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত। দিল্লীৰ ৬টা মেট্ৰ’ ষ্টেছনত সুৰাৰ দোকান খুলিবলৈ অনুমতি প্ৰদান কৰিছে। বিষয়াসকলে জনোৱা মতে, ঘন জনবসতিপূৰ্ণ অঞ্চলত চাহিদা পূৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 দিল্লী কনজিউমাৰ্ছ ক’অপাৰেটিভ হোলচেল ষ্ট’ৰছ লিমিটেডক দিল্লী মেট্ৰ’ ৰে’ল নিগমে ৬টা মেট্ৰ’ ষ্টেছনত সুৰাৰ বিপণী খোলাৰ অনুমতি প্ৰদান কৰিছে। এই তালিকাত আছে বদৰাপুৰ, দ্বাৰকা, কৰলবাগ, ৰাজৌৰী গাৰ্ডেন, মুণ্ডকা আদি মেট্ৰ’ ষ্টেছন। প্ৰতিদিনে মেট্ৰ’ ষ্টেছনত বিপুলসংখ্যক যাত্ৰী থাকে, সেয়েহে অনুমান কৰা হৈছে যে এই অঞ্চলসমূহত সুৰাৰ বিপণীসমূহে বিপুল ৰাজহ আহৰণ কৰিব পাৰিব।

 ইতিমধ্যে দিল্লীৰ প্ৰধান মেট্ৰ’ ষ্টেছনসমূহত সুৰাৰ বিপণী মুকলি কৰা হৈছে। বাকীবোৰ শীঘ্ৰেই খোলাৰ সম্ভাৱনা আছে। আবকাৰী বিভাগৰ এজন বিষয়াই জনোৱা মতে, হুইস্কি আৰু ৰামৰ দোকানৰ উপৰি তেওঁলোকে কিছুমান দোকানৰ অনুজ্ঞাপত্ৰ দিবলৈ চেষ্টা কৰিছে য’ত কেৱল বিয়েৰ আৰু আন সুৰাহে উপলব্ধ হ’ব। ইয়াৰ উপৰি সুৰাৰ দোকানৰ সমান্তৰালকৈ আন সামগ্ৰীৰ বিপনীও খোলাৰ অনুমতি দিয়া হৈছে বুলি বিষয়াসকলে জনায়।

 বিষয়াগৰাকীয়ে লগতে কয় যে আমি চেষ্টা কৰিছো আছো প্ৰতিখন দোকান কমেও ৩০০ বৰ্গফুট হ’ব লাগে। কিন্তু ঠাইৰ অভাৱত কেইবাখনো সৰু সৰু দোকানো অনুমতি দিবলগীয়া হৈছিল। ছেপ্টেম্বৰৰ ভিতৰত সমগ্ৰ মহানগৰীত ৫০০খন সুৰাৰ দোকান খোলাৰ লক্ষ্য লৈছে আবকাৰী বিভাগে। ২০২২ চনৰ ভিতৰত কমেও ২০০খন সুৰাৰ দোকান খোলাৰ মনস্থ কৰিছে আবকাৰী বিভাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু