--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভ্লাদিমিৰ পুটিনৰ সৈতে তেওঁ এক ৰুদ্ধদ্বাৰ বৈঠকত বহাৰ পিছতে বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, তেওঁৰ শাৰীৰিক অৱস্থা অতি শোচনীয়। ইতিমধ্যে তেওঁৰ শৰীৰৰ তেজ সলনি কৰা হৈছে।

লুকাচেংকোৰ বৰ্তমান অৱস্থা ইমানেই সংকটজনক যে বিমান যাত্ৰাৰ বাবে সক্ষম নোহোৱাৰ বাবে তেওঁক চিকিৎসাৰ বাবে নিজৰ দেশলৈও উভতাই নিবও নোৱাৰি। বিশেষজ্ঞসকলে অনুমান কৰিছে যে ৰাছিয়াৰ চোৰাংচোৱা সেৱাৰ সদস্যসকলে হয়তো বেলাৰুছৰ ৰাষ্ট্ৰপতিক বিষ প্ৰয়োগ কৰিছিল।

অৱশ্যে বেলাৰুছৰ প্ৰশাসনে ৰাষ্ট্ৰপতিগৰাকীৰ সম্পৰ্কে মুখ মেলিবলৈ অনিচ্ছুক। লুকাচেংকোৰ অৱস্থাৰ খবৰ প্ৰকাশ কৰিছে তেওঁৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী ভেলেৰী চেপকালোৱে। তেওঁ লুকাচেংকোৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

চেপকালোৱে কয় যে বেলাৰুছৰ ৰাষ্ট্ৰপতিগৰাকী এতিয়া মস্কোৰ চেন্ট্ৰেল ক্লিনিকেল হস্পিতালত চিকিৎসাধীন হৈ আছে। মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বৈঠকৰ পিছত তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে।

ৰাষ্ট্ৰপতিগৰাকীৰ অসুস্থতাৰ আঁৰত ৰাছিয়া বুলি দাবী কৰিছে চেপকালোৱে। তেওঁ কয়, “লুকাচেংকোক বচাবলৈ ইমান প্ৰচেষ্টা আচলতে এক নাটক। ক্ৰেমলিনে তেওঁৰ ওপৰত বিষ প্ৰয়োগ কৰিছিল। সেয়ে, চিকিৎসাৰ ক্ষেত্ৰত ইমানেই তৎপৰতা দেখুৱাইছে যাতে নিজৰ গাত দোষ নপৰে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস