--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভ্লাদিমিৰ পুটিনৰ সৈতে তেওঁ এক ৰুদ্ধদ্বাৰ বৈঠকত বহাৰ পিছতে বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, তেওঁৰ শাৰীৰিক অৱস্থা অতি শোচনীয়। ইতিমধ্যে তেওঁৰ শৰীৰৰ তেজ সলনি কৰা হৈছে।

লুকাচেংকোৰ বৰ্তমান অৱস্থা ইমানেই সংকটজনক যে বিমান যাত্ৰাৰ বাবে সক্ষম নোহোৱাৰ বাবে তেওঁক চিকিৎসাৰ বাবে নিজৰ দেশলৈও উভতাই নিবও নোৱাৰি। বিশেষজ্ঞসকলে অনুমান কৰিছে যে ৰাছিয়াৰ চোৰাংচোৱা সেৱাৰ সদস্যসকলে হয়তো বেলাৰুছৰ ৰাষ্ট্ৰপতিক বিষ প্ৰয়োগ কৰিছিল।

অৱশ্যে বেলাৰুছৰ প্ৰশাসনে ৰাষ্ট্ৰপতিগৰাকীৰ সম্পৰ্কে মুখ মেলিবলৈ অনিচ্ছুক। লুকাচেংকোৰ অৱস্থাৰ খবৰ প্ৰকাশ কৰিছে তেওঁৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী ভেলেৰী চেপকালোৱে। তেওঁ লুকাচেংকোৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

চেপকালোৱে কয় যে বেলাৰুছৰ ৰাষ্ট্ৰপতিগৰাকী এতিয়া মস্কোৰ চেন্ট্ৰেল ক্লিনিকেল হস্পিতালত চিকিৎসাধীন হৈ আছে। মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বৈঠকৰ পিছত তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে।

ৰাষ্ট্ৰপতিগৰাকীৰ অসুস্থতাৰ আঁৰত ৰাছিয়া বুলি দাবী কৰিছে চেপকালোৱে। তেওঁ কয়, “লুকাচেংকোক বচাবলৈ ইমান প্ৰচেষ্টা আচলতে এক নাটক। ক্ৰেমলিনে তেওঁৰ ওপৰত বিষ প্ৰয়োগ কৰিছিল। সেয়ে, চিকিৎসাৰ ক্ষেত্ৰত ইমানেই তৎপৰতা দেখুৱাইছে যাতে নিজৰ গাত দোষ নপৰে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ