--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংগীৰ সৈতে মতানৈক্য হ’লে প্ৰায়ে মহিলাই ধৰ্ষণ বিৰোধী আইনক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে এটা গোচৰত ৰায় দিওঁতে এনেদৰে পৰ্যবেক্ষণ কৰে। ইতিমধ্যে দেশৰ কেইবাখনো উচ্চ ন্যায়ালয়ে কয় যে যদি সন্মতিসূচক যৌন সম্পৰ্ক হয় আৰু বিবাহৰ প্ৰতিশ্ৰুতি পালন কৰা নহয় তেন্তে ইয়াক ধৰ্ষণ বুলি ক’ব নোৱাৰি।

আনকি উচ্চতম ন্যায়ালয়েও কৈছিল যে দুজন প্ৰাপ্তবয়স্কৰ সম্পৰ্ক যদি বিবাহৰ পৰ্যায়ত উপনীত নহয় তেন্তে সন্মতিৰ ভিত্তিত তেওঁলোকৰ মাজত থকা শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি ক’ব নোৱাৰি। উত্তৰাখণ্ড উচ্চ ন্যায়ালয়েও প্ৰায় একে পৰ্যবেক্ষণ কৰিছিল।

৫ জুলাইত উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে এজন লোকৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ খাৰিজ কৰে। যোৱা ৩০ জুন, ২০২০ তাৰিখে এগৰাকী মহিলাই লোকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। অভিযোগনামাত কোৱা হৈছে যে ২০০৫ চনৰ পৰা তেওঁলোকৰ মাজত শাৰীৰিক সম্পৰ্ক আছিল। অভিযোগকাৰীৰ মতে, অভিযুক্তই চাকৰি পোৱাৰ পিছত বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু পিছত মানুহজনে আন এগৰাকী মহিলাক বিয়া কৰাইছিল বুলি অভিযোগ উঠিছে। অভিযোগকাৰীৰ এই বক্তব্যৰ পিছতো তেওঁলোকৰ মাজত সম্পৰ্ক আছিল।

এই প্ৰসংগতেই উচ্চ ন্যায়ালয়ে লক্ষ্য কৰিছিল, “অভিযোগকাৰীয়ে স্বেচ্ছাই পুৰুষ সংগীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল, তেওঁ বিবাহিত বুলি জানিও। সন্মতি সদায় ইয়াত আছিল।" এই প্ৰেক্ষাপটতে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শৰদ কুমাৰ শৰ্মাৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে, "কিছুমানে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ (ধৰ্ষণ বিৰোধী আইন) ধাৰা অপব্যৱহাৰ কৰিছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস