--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশ চীনত প্ৰবল ভূমিকম্প। এই প্ৰবল ভূমিকম্পৰ পাছত কেইবাটাও মৃদ জোকাৰণিও অনুভূত হয়। উত্তৰ-পশ্চিম চীনৰ গাংছু প্ৰদেশত সোমবাৰে নিশা ১১:৫৯ অনুভূত হয় এই ভূমিকম্প। ভূমিকম্পৰ প্ৰাবল্য ইমানেই বেছি আছিল যে মৃত্যু হোৱা লোকৰ সংখ্যা ১১০ৰো অধিক হৈছে। কমেও ৪০০জন লোক গুৰুতৰভাৱে আহত হয়।

গাংছুৰ চুবুৰীয়া কিংহাই প্ৰদেশতো ভূমিকম্পৰ ফলত বহু ক্ষতিগ্ৰস্ত হয়। ইয়াত প্ৰায় ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১২৪ জন গুৰুতৰভাৱে আহত হয়। বহু ঘৰ ধ্বংসপ্ৰাপ্ত হৈছে। মঙলবাৰে পুৱাৰে পৰা উদ্ধাৰ কাম আৰম্ভ কৰা হয়।

স্থানীয় সংবাদ মাধ্যমৰ মতে, গাংছু প্ৰদেশৰ ৰাজধানী লানঝৌৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে থকা অঞ্চলত প্ৰবল কঁপনি অনুভূত হয়।

কিংহাই প্ৰদেশৰ হাইডং চহৰতে ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হৈছে। বহু গাঁৱত বিদ্যুৎ আৰু পানী যোগান বন্ধ হৈ পৰিছে।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৯। আনহাতে স্থানীয় সংবাদ মাধ্যমৰ মতে ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.২। মৃত্যু হোৱা লোকৰ সংখ্যা অধিক হোৱাৰ আশংকা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন