--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশ চীনত প্ৰবল ভূমিকম্প। এই প্ৰবল ভূমিকম্পৰ পাছত কেইবাটাও মৃদ জোকাৰণিও অনুভূত হয়। উত্তৰ-পশ্চিম চীনৰ গাংছু প্ৰদেশত সোমবাৰে নিশা ১১:৫৯ অনুভূত হয় এই ভূমিকম্প। ভূমিকম্পৰ প্ৰাবল্য ইমানেই বেছি আছিল যে মৃত্যু হোৱা লোকৰ সংখ্যা ১১০ৰো অধিক হৈছে। কমেও ৪০০জন লোক গুৰুতৰভাৱে আহত হয়।

গাংছুৰ চুবুৰীয়া কিংহাই প্ৰদেশতো ভূমিকম্পৰ ফলত বহু ক্ষতিগ্ৰস্ত হয়। ইয়াত প্ৰায় ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১২৪ জন গুৰুতৰভাৱে আহত হয়। বহু ঘৰ ধ্বংসপ্ৰাপ্ত হৈছে। মঙলবাৰে পুৱাৰে পৰা উদ্ধাৰ কাম আৰম্ভ কৰা হয়।

স্থানীয় সংবাদ মাধ্যমৰ মতে, গাংছু প্ৰদেশৰ ৰাজধানী লানঝৌৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে থকা অঞ্চলত প্ৰবল কঁপনি অনুভূত হয়।

কিংহাই প্ৰদেশৰ হাইডং চহৰতে ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হৈছে। বহু গাঁৱত বিদ্যুৎ আৰু পানী যোগান বন্ধ হৈ পৰিছে।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৯। আনহাতে স্থানীয় সংবাদ মাধ্যমৰ মতে ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.২। মৃত্যু হোৱা লোকৰ সংখ্যা অধিক হোৱাৰ আশংকা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ