--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইবছৰমানৰ আগতে তেওঁ কৈছিল, "খ্ৰীষ্টানসকলে দীৰ্ঘদিন ধৰি সমকামীসকলৰ প্ৰতি হোৱা দুৰ্ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লাগে! " এইবাৰ পোপ ফ্ৰান্সিছে পোনপটীয়াকৈ সমলিংগ দম্পতীৰ সপক্ষে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। পোপ ফ্ৰান্সিছে খ্ৰীষ্টান পুৰোহিতসকলক সমলিংগ দম্পতীক আশীৰ্বাদ দিয়াৰ অনুমতি প্ৰদান কৰিছে।

বিবৃতিটোত তেওঁ কয় যে যিসকলে ঈশ্বৰৰ প্ৰেম আৰু দয়া বিচাৰে তেওঁলোকক গ্ৰহণ কৰিব লাগিব। ইয়াত নীতি কোনো কাৰণতে ন্যায্য নহয়।” পোপে এই কথাও স্পষ্ট কৰি দিছিল যে সমলিংগ বিবাহ যদি ধৰ্মীয় ৰীতি-নীতি অনুসৰণ কৰে তেন্তে এই দম্পতীক খ্ৰীষ্টান পুৰোহিতে আশীৰ্বাদ দিব পাৰে।

সোমবাৰে ভেটিকানে এই সন্দৰ্ভত তেওঁৰ নিৰ্দেশনাৰ নথি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। নথিখনৰ মতে বিবাহ সাধাৰণতে এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মাজত হ’ব লাগে। কিন্তু ঈশ্বৰৰ প্ৰেম আৰু দয়া বিচৰা সমলিংগ দম্পতীয়ে বাধাৰ দেৱাল স্থাপন কৰা উচিত নহয়।

প্ৰসংগক্ৰমে ভেটিকানে বহুদিনৰ পৰা সমলিংগ সম্পৰ্কৰ বিৰোধিতা কৰি আহিছে। আনকি ২০২১ চনতো ভেটিকান কাউন্সিলে সমলিংগ বিবাহৰ বিৰোধিতা কৰিছিল। কিন্তু পোপ ফ্ৰান্সিছে এইবাৰ বিপৰীত দিশত খোজ দিবলৈ বাৰ্তা দিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ