--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একালৰ বৃন্দাবন একালত পৰে চন৷তেনে এক বৃন্দাবন আছিল ভাৰতীয় উদ্যোগপতি অনিল আম্বানীৰ ব্যৱসায়িক সাম্ৰাজ্য,যি এতিয়া প্ৰায় মৃতপ্ৰায়৷চৰকাৰী সূত্ৰই জনোৱা মতে, সোমবাৰে বৈদেশিক মুদ্ৰা আইন উলংঘাৰ অভিযোগৰ সৈতে জড়িত তদন্তৰ সৈতে জড়িত প্ৰবৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হয় ৰিলায়েন্স এডিএ গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীয়ে।

চৰকাৰী সূত্ৰই জনোৱা মতে, ৬৪ বছৰীয়া আম্বানীয়ে বেলাৰ্ড এষ্টেট অঞ্চলৰ ফেডাৰেল এজেন্সীৰ কাৰ্যালয়ত এই গোচৰত নিজৰ বক্তব্য লিপিবদ্ধ কৰে, যিটো গোচৰ বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (ফেমা)ৰ বিভিন্ন ধাৰাত পঞ্জীয়ন কৰা হৈছে।

২০২০ চনত য়েছ বেংকৰ প্ৰমোটাৰ ৰানা কাপুৰ আদিৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰত ইডিৰ সন্মুখত হাজিৰ হৈছিল উদ্যোগপতিগৰাকী।বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (ফেমা), ১৯৯৯ৰ অধীনত দাখিল কৰা অভিযোগত আজি উদ্যোগপতি অনিল আম্বানীক বলবৎকাৰী সঞ্চালকালয়ে জেৰা কৰে। ৰিলায়েন্স গ্ৰুপৰ মুৰব্বীগৰাকীয়ে পুৱা ১০ বজাত মুম্বাইস্থিত সংস্থাটোৰ কাৰ্যালয়ত উপস্থিত হৈ নিজৰ বক্তব্য ৰেকৰ্ডিং কৰি গুচি যায়।

উল্লেখ্য যে, যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত বম্বে উচ্চ ন্যায়ালয়ে ৪২০ কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগৰ সৈতে জড়িত আম্বানীক সকাহ দিছিল,য’ত আয়কৰ বিভাগক তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ জোৰ-জবৰদস্তি ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান