--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একালৰ বৃন্দাবন একালত পৰে চন৷তেনে এক বৃন্দাবন আছিল ভাৰতীয় উদ্যোগপতি অনিল আম্বানীৰ ব্যৱসায়িক সাম্ৰাজ্য,যি এতিয়া প্ৰায় মৃতপ্ৰায়৷চৰকাৰী সূত্ৰই জনোৱা মতে, সোমবাৰে বৈদেশিক মুদ্ৰা আইন উলংঘাৰ অভিযোগৰ সৈতে জড়িত তদন্তৰ সৈতে জড়িত প্ৰবৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হয় ৰিলায়েন্স এডিএ গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীয়ে।

চৰকাৰী সূত্ৰই জনোৱা মতে, ৬৪ বছৰীয়া আম্বানীয়ে বেলাৰ্ড এষ্টেট অঞ্চলৰ ফেডাৰেল এজেন্সীৰ কাৰ্যালয়ত এই গোচৰত নিজৰ বক্তব্য লিপিবদ্ধ কৰে, যিটো গোচৰ বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (ফেমা)ৰ বিভিন্ন ধাৰাত পঞ্জীয়ন কৰা হৈছে।

২০২০ চনত য়েছ বেংকৰ প্ৰমোটাৰ ৰানা কাপুৰ আদিৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰত ইডিৰ সন্মুখত হাজিৰ হৈছিল উদ্যোগপতিগৰাকী।বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (ফেমা), ১৯৯৯ৰ অধীনত দাখিল কৰা অভিযোগত আজি উদ্যোগপতি অনিল আম্বানীক বলবৎকাৰী সঞ্চালকালয়ে জেৰা কৰে। ৰিলায়েন্স গ্ৰুপৰ মুৰব্বীগৰাকীয়ে পুৱা ১০ বজাত মুম্বাইস্থিত সংস্থাটোৰ কাৰ্যালয়ত উপস্থিত হৈ নিজৰ বক্তব্য ৰেকৰ্ডিং কৰি গুচি যায়।

উল্লেখ্য যে, যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত বম্বে উচ্চ ন্যায়ালয়ে ৪২০ কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগৰ সৈতে জড়িত আম্বানীক সকাহ দিছিল,য’ত আয়কৰ বিভাগক তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ জোৰ-জবৰদস্তি ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস