--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ বাসভৱনেৰে উৰিল সন্দেহজনক ড্ৰ’ন! নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহৰ ওপৰেৰে উৰি যোৱা ড্ৰ’ন সন্দৰ্ভত তথ্য লাভ কৰে দিল্লী আৰক্ষীয়ে। এই ঘটনাত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে। আৰম্ভ কৰিছে দিল্লী আৰক্ষীৰ বিষয়াসকলে।

মন কৰিব যে দিল্লী আৰক্ষী কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ। অমিত শ্বাহ হৈছে গৃহ মন্ত্ৰালয়ৰ দায়িত্বত থকা মোডী কেবিনেটৰ ‘নম্বৰ টু’।

আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় ৫ বজাত বিশেষ সুৰক্ষা গোটৰ সদস্যসকলে দিল্লী আৰক্ষীক এই বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ কামত নিয়োজিত এছ পি জিৰ বিষয়া। তেওঁলোকে প্ৰথমে ড্ৰোনটো লক্ষ্য কৰিছিল। এই তথ্য লাভ কৰাৰ পিছতে দিল্লী আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰীৰ বাসগৃহ ‘নো ফ্লাই জ’ন’ৰ ভিতৰত পৰে। অৰ্থাৎ নিৰাপত্তাজনিত কাৰণত সেই বাসগৃহৰ ওপৰেৰে কোনো বিমান বা ড্ৰোন উৰিব নোৱাৰে। অৱশ্যে ড্ৰ’নখন কেনেদৰে উৰি গ’ল তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। ঘটনাৰ তদন্ত কৰি দিল্লী আৰক্ষীয়ে ৰহস্যজনক ড্ৰ’নখনৰ সন্ধান আৰম্ভ কৰে। বিমান পৰিবহণ নিয়ন্ত্ৰণ (এটিচি)ৰ সৈতেও যোগাযোগ কৰা হয়। কিন্তু তেনে কোনো ড্ৰোন পোৱা নগ’ল।

এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছে যে, ‘প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপত এটা অচিনাক্ত উৰণীয়া বস্তু দেখা পোৱাৰ তথ্য আমি লাভ কৰিছো। আমি কাষৰ অঞ্চলটো বিচাৰি ফুৰিলোঁ আৰু তেনেকুৱা একো নাপালোঁ। এ টি চিৰ সৈতেও যোগাযোগ কৰা হৈছে। সিহঁতে তেনেকুৱা একো লক্ষ্য কৰা নাছিল।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস