--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ বাসভৱনেৰে উৰিল সন্দেহজনক ড্ৰ’ন! নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহৰ ওপৰেৰে উৰি যোৱা ড্ৰ’ন সন্দৰ্ভত তথ্য লাভ কৰে দিল্লী আৰক্ষীয়ে। এই ঘটনাত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে। আৰম্ভ কৰিছে দিল্লী আৰক্ষীৰ বিষয়াসকলে।

মন কৰিব যে দিল্লী আৰক্ষী কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ। অমিত শ্বাহ হৈছে গৃহ মন্ত্ৰালয়ৰ দায়িত্বত থকা মোডী কেবিনেটৰ ‘নম্বৰ টু’।

আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় ৫ বজাত বিশেষ সুৰক্ষা গোটৰ সদস্যসকলে দিল্লী আৰক্ষীক এই বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ কামত নিয়োজিত এছ পি জিৰ বিষয়া। তেওঁলোকে প্ৰথমে ড্ৰোনটো লক্ষ্য কৰিছিল। এই তথ্য লাভ কৰাৰ পিছতে দিল্লী আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰীৰ বাসগৃহ ‘নো ফ্লাই জ’ন’ৰ ভিতৰত পৰে। অৰ্থাৎ নিৰাপত্তাজনিত কাৰণত সেই বাসগৃহৰ ওপৰেৰে কোনো বিমান বা ড্ৰোন উৰিব নোৱাৰে। অৱশ্যে ড্ৰ’নখন কেনেদৰে উৰি গ’ল তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। ঘটনাৰ তদন্ত কৰি দিল্লী আৰক্ষীয়ে ৰহস্যজনক ড্ৰ’নখনৰ সন্ধান আৰম্ভ কৰে। বিমান পৰিবহণ নিয়ন্ত্ৰণ (এটিচি)ৰ সৈতেও যোগাযোগ কৰা হয়। কিন্তু তেনে কোনো ড্ৰোন পোৱা নগ’ল।

এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছে যে, ‘প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপত এটা অচিনাক্ত উৰণীয়া বস্তু দেখা পোৱাৰ তথ্য আমি লাভ কৰিছো। আমি কাষৰ অঞ্চলটো বিচাৰি ফুৰিলোঁ আৰু তেনেকুৱা একো নাপালোঁ। এ টি চিৰ সৈতেও যোগাযোগ কৰা হৈছে। সিহঁতে তেনেকুৱা একো লক্ষ্য কৰা নাছিল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজবাটত একাংশ মুছলিমৰ কাণ্ডই লাজত পেলাইছে মুছলমান সমাজক! এনে ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ অনুষ্ঠিত সজাগতা সভা
ফলমূল,শাক-পাছলি, মাছৰ পৰা মৌলৈকে কি নাই! বোকাখাতত কৃষি বিপ্লৱৰ চমক প্ৰাক্তন নৌ সেনাৰ ডুবাৰু চম্পক ডেকাৰ
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন