--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰচণ্ড  গ্ৰীষ্ম প্ৰবাহে জনজীৱন ব্যাহত কৰি তুলিছে। গৰমৰ ফলত  ৰে’লপথ বেঁকা হৈ পৰিছে।ৰে’ল পথ বেঁকা হৈ পৰাৰ ফলতে  পুৰীৰ পৰা দিল্লীৰ আনন্দ বিহাৰলৈ নীলাচল এক্সপ্ৰেছ কোনো মতেহে দুৰ্ঘটনাত পতিত হোৱাৰ পৰা ৰক্ষা পৰে।  ৰে’ল খনে ৰায়বৰেলী জংচন এৰাৰ পিছত নিগোহা ষ্টেচনত উপস্থিত হৈছিল।

এই ষ্টেচনটো পাবলৈ  ৰায়বৰেলীৰ পিছত পাঁচটা ষ্টেচন থাকে। ৰেলখন ইয়াতে ৰৈ নাযায়।  ৰে’লখন নিগোহা ষ্টেচনৰ ওচৰৰ লুপ লাইনৰ মাজেৰে পাৰ হৈ  গৈ থকা অৱস্থাতে চালকজনে এটা ডাঙৰ জোকাৰণি অনুভৱ কৰে। তেওঁ লগে লগে ৰে’লখন ৰখাই দিয়ে। তাৰ পিছত তেওঁ নিয়ন্ত্ৰণ কক্ষ আৰু ৰে’ল অভিযন্তা বিভাগক বিষয়টো অৱগত কৰে। ৰে’লৰ জ্যেষ্ঠ বিষয়া আৰু অভিযন্তাসকল ঘটনাস্থলীলৈ  গৈ দেখিলে যে নীলাচল এক্সপ্ৰেছখন লুপ লাইনৰ মাজেৰে পাৰ হোৱা স্থানতে  ৰে’ললাইনটো বেঁকা হৈ গৈছে।

 ৰে’লপথটো মেৰামতি কৰাৰ ব্যৱস্থা কৰা হৈছে। নিগোহা ষ্টেচন মাষ্টাৰকো লুপ লাইনৰ মাজেৰে কোনো ৰেল পাৰ নকৰিবলৈ সতৰ্ক কৰি দিয়া হৈছে।লক্ষ্ণৌৰ বিভাগীয় ৰেল প্ৰৱন্ধক সুৰেশ চাপ্ৰাই ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। ৰে’ল বিশেষজ্ঞসকলে কৈছে যে ৰে’লপথটো সঠিকভাৱে মেৰামতি নোহোৱাৰ বাবেই এনে হৈছে। ঘটনাক্ৰমে ২ জুনত, এ এ পি কৰ্মদল এক্সপ্ৰেছ লুপলাইনৰ মাজেৰে পাৰ হৈ যাওঁতে বালাচোৰৰ ওচৰৰ বাহাঙ্গা বজাৰ ষ্টেচনৰ ওচৰত দুৰ্ঘটনাত পতিত হৈছিল। 

নীলাচল এক্সপ্ৰেছ খনো  লুপ লাইনৰ মাজেৰে পাৰ হৈ গৈছিল। অৱশ্যে, চালকজনে সময়মতে এইটো উপলব্ধি কৰি ৰে’লখন ৰখাই দিয়াৰ ফলতে বহু লোকৰ জীৱন ৰক্ষা পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান