--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰচণ্ড  গ্ৰীষ্ম প্ৰবাহে জনজীৱন ব্যাহত কৰি তুলিছে। গৰমৰ ফলত  ৰে’লপথ বেঁকা হৈ পৰিছে।ৰে’ল পথ বেঁকা হৈ পৰাৰ ফলতে  পুৰীৰ পৰা দিল্লীৰ আনন্দ বিহাৰলৈ নীলাচল এক্সপ্ৰেছ কোনো মতেহে দুৰ্ঘটনাত পতিত হোৱাৰ পৰা ৰক্ষা পৰে।  ৰে’ল খনে ৰায়বৰেলী জংচন এৰাৰ পিছত নিগোহা ষ্টেচনত উপস্থিত হৈছিল।

এই ষ্টেচনটো পাবলৈ  ৰায়বৰেলীৰ পিছত পাঁচটা ষ্টেচন থাকে। ৰেলখন ইয়াতে ৰৈ নাযায়।  ৰে’লখন নিগোহা ষ্টেচনৰ ওচৰৰ লুপ লাইনৰ মাজেৰে পাৰ হৈ  গৈ থকা অৱস্থাতে চালকজনে এটা ডাঙৰ জোকাৰণি অনুভৱ কৰে। তেওঁ লগে লগে ৰে’লখন ৰখাই দিয়ে। তাৰ পিছত তেওঁ নিয়ন্ত্ৰণ কক্ষ আৰু ৰে’ল অভিযন্তা বিভাগক বিষয়টো অৱগত কৰে। ৰে’লৰ জ্যেষ্ঠ বিষয়া আৰু অভিযন্তাসকল ঘটনাস্থলীলৈ  গৈ দেখিলে যে নীলাচল এক্সপ্ৰেছখন লুপ লাইনৰ মাজেৰে পাৰ হোৱা স্থানতে  ৰে’ললাইনটো বেঁকা হৈ গৈছে।

 ৰে’লপথটো মেৰামতি কৰাৰ ব্যৱস্থা কৰা হৈছে। নিগোহা ষ্টেচন মাষ্টাৰকো লুপ লাইনৰ মাজেৰে কোনো ৰেল পাৰ নকৰিবলৈ সতৰ্ক কৰি দিয়া হৈছে।লক্ষ্ণৌৰ বিভাগীয় ৰেল প্ৰৱন্ধক সুৰেশ চাপ্ৰাই ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। ৰে’ল বিশেষজ্ঞসকলে কৈছে যে ৰে’লপথটো সঠিকভাৱে মেৰামতি নোহোৱাৰ বাবেই এনে হৈছে। ঘটনাক্ৰমে ২ জুনত, এ এ পি কৰ্মদল এক্সপ্ৰেছ লুপলাইনৰ মাজেৰে পাৰ হৈ যাওঁতে বালাচোৰৰ ওচৰৰ বাহাঙ্গা বজাৰ ষ্টেচনৰ ওচৰত দুৰ্ঘটনাত পতিত হৈছিল। 

নীলাচল এক্সপ্ৰেছ খনো  লুপ লাইনৰ মাজেৰে পাৰ হৈ গৈছিল। অৱশ্যে, চালকজনে সময়মতে এইটো উপলব্ধি কৰি ৰে’লখন ৰখাই দিয়াৰ ফলতে বহু লোকৰ জীৱন ৰক্ষা পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে