--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ দিল্লীৰ কাশ্মীৰ গেট এলেকাত সোমবাৰে পুৱা এখন তীব্ৰবেগী এছ ইউ ভি গাড়ীয়ে খুন্দা মৰাৰ ফলত কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজেশ লিলোথিয়াৰ পত্নী মধু লিলোথিয়াৰ মৃত্যু হয়।দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দলে সেই স্থানত উপস্থিত হৈ এখন বলেনো গাড়ী ক্ষতিগ্ৰস্ত অৱস্থাত উদ্ধাৰ কৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত অভিযুক্ত চালকজনে পলায়ন কৰাৰ বিপৰীতে ততাতৈয়াকৈ দুৰ্ঘটনাত পতিতকেইজনক এম্বুলেন্সেৰে ট্ৰমা চেণ্টাৰলৈ লৈ যায়।

ডিচিপি নৰ্থৰ সাগৰ সিং কালচিয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনোৱা মতে, পুৱা ৬.০৩ বজাত মধু লিলোথিয়াক চিকিৎসালয়ত মৃত ঘোষণা কৰা হয়।ভাৰতীয় দণ্ডবিধিৰ ২৭৯ (তীব্ৰ গাড়ী চলোৱা বা ৰাজহুৱা পথত গাড়ীচালনা) আৰু ৩০৪ A ( চালকৰ গাফিলতিৰ ফলত মৃত্যু হোৱা) ধাৰাত কাশ্মীৰ গেট থানাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে৷ইতিমধ্যে চিচিটিভি ফুটেজৰ সহায়ত অভিযুক্ত চালকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে