--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিগত ৭ ছেপ্তেম্বৰৰ পৰা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে দেশজুৰি আৰম্ভ কৰিছিল ‘ভাৰত জোড়ো যাত্ৰা’। এই পদযাত্ৰাৰ জৰিয়তে ৰাহুল গান্ধীয়ে গঢ়ি তুলিব বিচাৰিছিল এক গণ আন্দোলন। কন্যাকুমাৰীৰ পৰা কাশ্মীৰ লৈ কৰিবলগীয়া এই যাত্ৰা ইতিমধ্যে তেলাংগানাত ভৰি দিছে। এই ‘ভাৰত জোড়ো যাত্ৰা’ত ইতিমধ্যে যোগ দিছে বিভিন্নজনে।

ৰাহুল গান্ধীৰ এই পদযাত্ৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাইলৈৰ পৰা প্ৰদেশ কংগ্ৰেছেও আৰম্ভ কৰিব পদযাত্ৰা। ধুবুৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই পদযাত্ৰা শদিয়াত অন্ত পৰিব। ইতিমধ্যে ধুবুৰীত গৈ উপস্থিত হৈছেগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তৰ লগতে কংগ্ৰেছৰ বহু শীৰ্ষ নেতা।   

ধুবুৰীৰ গোলকগঞ্জৰ পৰা শদিয়া লৈ কৰিবলগীয়া এই পদযাত্ৰাই বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ (গ্ৰা), কামৰূপ (ম), মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া হৈ শদিয়াত অন্ত পৰিব। এই যাত্ৰা গলোকগঞ্জ সমষ্টিৰ বেলগুৰিত শুভাৰম্ভ কৰিব কংগ্ৰেছে। যাত্ৰা আৰম্ভৰ পূৰ্বে মা মহামায়া মন্দিৰ, পানবাৰী মছজিদ, ধুবুৰী গুৰুদ্বাৰত আশীৰ্বাদ লয় কংগ্ৰেছ নেতৃত্বই। সাংবাদিকৰ আগত মন্তব্য কৰি কয় “কংগ্ৰেছৰ এই যাত্ৰা সফল হোৱা মানে অসমবাসী় সফল হোৱা। BJP যে এই যাত্ৰা কেতিয়াও সফল হোৱা নিবিচাৰে।”

উল্লেখযোগ্য যে, ৰাহুলৰ এই যাত্ৰাক প্ৰথমাৱস্থাত বিশেষ গুৰুত্ব দিয়া নাছিল বিজেপিয়ে। কিন্তু পৰৱৰ্তী সময়ত বিজেপিৰ বাবে প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ। ইফালে অসমতো প্ৰদেশ কংগ্ৰেছৰ এই যাত্ৰাক কটাক্ষ কৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই। মন্ত্ৰীগৰাকীৰ মতে, কংগ্ৰেছৰ এই যাত্ৰা ছুপাৰ ফ্লপ হ’ব

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক