--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ দহ বছৰ সম্পূৰ্ণ হ’ল। এই আঁচনিৰ অধীনত কেন্দ্রীয় চৰকাৰে দেশৰ প্রতিটো শ্রেণীক বেংকিং ব্যৱস্থাৰ সৈতে সংযোগ কৰাৰ প্রয়াস কৰিছে৷ চৰকাৰে আঁচনিখনৰ এটা দশক সম্পূৰ্ণ হোৱাৰ বিশেষ উপলক্ষে এখন কুইজ প্ৰতিযোগিতাৰ বিষয়ে ঘোষণা কৰিছে । এই আঁচনিৰ সৈতে জড়িত কিছুমান সহজ প্ৰশ্নৰ উত্তৰ দি আপুনি আকৰ্ষনীয় পুৰস্কাৰ লাভ কৰিব পাৰে। এই আঁচনিৰ ১০টা বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে এক কুইজ ঘোষণা কৰিছে। তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই বিষয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে । 


এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে এক্স-পোষ্টত লিখিছে যে ‘‘প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ দহবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আমি জন ধন ১০/১০ চেলেঞ্জ আনিছো। এই কুইজত অংশগ্ৰহণকাৰীসকলে ১০টা সহজ প্ৰশ্নৰ উত্তৰ দিব লাগিব। এই প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ দিয়াসকলে লাভ কৰিব প্ৰধানমন্ত্ৰী মোডীৰ স্বাক্ষৰিত এখন কিতাপ। এই কুইজটো আজি গোটেই দিনটো লাইভত থাকিব।


কেতিয়া আৰম্ভ হৈছিল এই যোজনা -

প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪ চনৰ ২৮ আগষ্টৰ পৰা প্ৰথম কাৰ্যকালতে এই আঁচনি আৰম্ভ কৰে। এই আঁচনিৰ অধীনত চৰকাৰে দৰিদ্ৰ আৰু দেশৰ গ্ৰামাঞ্চলত বসবাস কৰা লোকসকলক বেংকিং ব্যৱস্থাৰ সৈতে সংযোগ কৰিব বিচাৰিছিল। ইয়াৰ বাবে তেওঁলোকক শূন্য বেলেঞ্চ একাউণ্ট খোলাৰ সুবিধা দিয়া হয়। এই আঁচনিৰ অধীনত প্ৰত্যক্ষ বেংক ট্ৰেন্সফাৰ অৰ্থাৎ ডিবিটিৰ জৰিয়তে ৰাইজক সামাজিক সুৰক্ষা আঁচনিৰ সুবিধা প্ৰদান কৰাত চৰকাৰে যথেষ্ট সহায় কৰিছে। ইয়াৰ জৰিয়তে চৰকাৰী আঁচনিৰ ধন পোনপটীয়াকৈ মানুহৰ একাউণ্টলৈ সোমায়।


বৰ্তমান দেশত মুঠ ৫৩.১৩ কোটি জন ধন একাউণ্ট আছে। এইবোৰত প্ৰায় ২.৩ লাখ কোটি টকা জমা হৈ আছে। বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইয়াৰে প্ৰায় ৮০ শতাংশ একাউণ্ট সক্ৰিয় হৈ আছে। লগতে ২০২৪ চনৰ আগষ্ট মাহৰ ভিতৰত এনে একাউণ্টৰ গড় বেলেঞ্চ ৪,৩৫২ টকালৈ বৃদ্ধি পাব, যিটো ২০১৫ চনৰ মাৰ্চ মাহত মাত্ৰ ১,০৬৫ টকা আছিল। বিত্তমন্ত্ৰীগৰাকীৰ মতে, চলিত বিত্তীয় বৰ্ষত আৰু ৩ কোটি জন ধন একাউণ্ট খোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে। ইয়াৰে মহিলাৰ প্ৰায় ৫৫.৬ শতাংশ (২৯.৫৬ কোটি) একাউণ্ট আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু