--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ দহ বছৰ সম্পূৰ্ণ হ’ল। এই আঁচনিৰ অধীনত কেন্দ্রীয় চৰকাৰে দেশৰ প্রতিটো শ্রেণীক বেংকিং ব্যৱস্থাৰ সৈতে সংযোগ কৰাৰ প্রয়াস কৰিছে৷ চৰকাৰে আঁচনিখনৰ এটা দশক সম্পূৰ্ণ হোৱাৰ বিশেষ উপলক্ষে এখন কুইজ প্ৰতিযোগিতাৰ বিষয়ে ঘোষণা কৰিছে । এই আঁচনিৰ সৈতে জড়িত কিছুমান সহজ প্ৰশ্নৰ উত্তৰ দি আপুনি আকৰ্ষনীয় পুৰস্কাৰ লাভ কৰিব পাৰে। এই আঁচনিৰ ১০টা বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে এক কুইজ ঘোষণা কৰিছে। তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই বিষয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে । 


এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে এক্স-পোষ্টত লিখিছে যে ‘‘প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ দহবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আমি জন ধন ১০/১০ চেলেঞ্জ আনিছো। এই কুইজত অংশগ্ৰহণকাৰীসকলে ১০টা সহজ প্ৰশ্নৰ উত্তৰ দিব লাগিব। এই প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ দিয়াসকলে লাভ কৰিব প্ৰধানমন্ত্ৰী মোডীৰ স্বাক্ষৰিত এখন কিতাপ। এই কুইজটো আজি গোটেই দিনটো লাইভত থাকিব।


কেতিয়া আৰম্ভ হৈছিল এই যোজনা -

প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪ চনৰ ২৮ আগষ্টৰ পৰা প্ৰথম কাৰ্যকালতে এই আঁচনি আৰম্ভ কৰে। এই আঁচনিৰ অধীনত চৰকাৰে দৰিদ্ৰ আৰু দেশৰ গ্ৰামাঞ্চলত বসবাস কৰা লোকসকলক বেংকিং ব্যৱস্থাৰ সৈতে সংযোগ কৰিব বিচাৰিছিল। ইয়াৰ বাবে তেওঁলোকক শূন্য বেলেঞ্চ একাউণ্ট খোলাৰ সুবিধা দিয়া হয়। এই আঁচনিৰ অধীনত প্ৰত্যক্ষ বেংক ট্ৰেন্সফাৰ অৰ্থাৎ ডিবিটিৰ জৰিয়তে ৰাইজক সামাজিক সুৰক্ষা আঁচনিৰ সুবিধা প্ৰদান কৰাত চৰকাৰে যথেষ্ট সহায় কৰিছে। ইয়াৰ জৰিয়তে চৰকাৰী আঁচনিৰ ধন পোনপটীয়াকৈ মানুহৰ একাউণ্টলৈ সোমায়।


বৰ্তমান দেশত মুঠ ৫৩.১৩ কোটি জন ধন একাউণ্ট আছে। এইবোৰত প্ৰায় ২.৩ লাখ কোটি টকা জমা হৈ আছে। বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইয়াৰে প্ৰায় ৮০ শতাংশ একাউণ্ট সক্ৰিয় হৈ আছে। লগতে ২০২৪ চনৰ আগষ্ট মাহৰ ভিতৰত এনে একাউণ্টৰ গড় বেলেঞ্চ ৪,৩৫২ টকালৈ বৃদ্ধি পাব, যিটো ২০১৫ চনৰ মাৰ্চ মাহত মাত্ৰ ১,০৬৫ টকা আছিল। বিত্তমন্ত্ৰীগৰাকীৰ মতে, চলিত বিত্তীয় বৰ্ষত আৰু ৩ কোটি জন ধন একাউণ্ট খোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে। ইয়াৰে মহিলাৰ প্ৰায় ৫৫.৬ শতাংশ (২৯.৫৬ কোটি) একাউণ্ট আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
Advertisement