--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা সম্প্ৰচাৰ সেৱা নিয়ন্ত্ৰণ বিধেয়ক ২০২৪ ক লৈ চলা বিতৰ্কৰ ওৰ নপৰোতেই মঙলবাৰে উত্তৰ প্ৰদেশৰ কেবিনেটত গ্ৰহণ কৰা হৈছে নতুন ছ’চিয়েল মিডিয়া আইন৷ ফেচবুক, এক্স, ইনষ্টাগ্ৰাম, ইউটিউবকে ধৰি বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ কন্টেন্ট নিয়ন্ত্ৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ কেবিনেটে নতুন ছ’চিয়েল মিডিয়া আইন গ্ৰহণ কৰিছে৷

নতুন নীতিৰ অধীনত ৰাষ্ট্ৰী বিৰোধী অপত্তিজনক পোষ্ট দিয়া এক গুৰুতৰ অপৰাধ আৰু এই আপৰাধৰ শাস্তি স্বৰূপে তিনি বছৰৰ পৰা আজীৱন কাৰাদণ্ড পৰ্যন্ত হ’ব পাৰে। তদুপৰি অনলাইনত অশ্লীল কন্টেন্ট প্ৰচাৰ কৰিলে মানহানিৰ অভিযোগ উত্থাপন হ’ব পাৰে৷ নতুন নীতিৰ দ্বৰা ডিজিটেল প্লেটফৰ্মৰ অপব্যৱহাৰৰ বাবে আইনী ব্যৱস্থ গ্ৰহণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কাৰা হ’ব বুলি চৰকাৰী বিবৃতিটোত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে এনে অপৰাধমূলক কাৰ্যৰ বাবে তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৬ ই আৰু ৬৬ এফৰ অধীনত গোপনীয়তা উলংঘা আৰু চাইবাৰ আক্ৰমণৰ দৰে অপৰাধমূলক কাৰ্য সামৰি লৈছিল৷ 

এই নীতি অনুসৰি বিজ্ঞাপন নিৰিক্ষণৰ বাবে চৰকাৰে ‘ভি-ফৰ্ম’ নামৰ ডিজিটেল এজেন্সীক দায়িত্ব প্ৰদান কৰিছে সংস্থাটোৱে ভিডিঅ’, টুইট, পোষ্ট, আৰু ৰিল প্ৰদৰ্শনৰ বাবে দায়িত্বশীল হ’ব বুলি সদৰি কৰিছে চৰকাৰী বিবৃতিটোত৷ এই নতুন নীতি অনুসৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰভাৱশালী একাউণ্টৰ গৰাকী তথা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম পৰিচলকৰ বাবেও ধনৰ নিৰিখ নিৰ্ধাৰণ কৰা হৈছে। এক্স, ফেচবুক, আৰু ইনষ্টাগ্ৰামৰ বাবে মাহিলী নিৰিখৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰা হৈছে ক্ৰমে ৫ লাখ, ৪ লাখ, আৰু ৩ লাখ টকা। ইউটিউবত ভিডিঅ’, শ্বৰ্ট, আৰু প’ডকাষ্টৰ বাবে ক্ৰমে ৮ লাখ, ৭ লাখ, ৬ লাখ, আৰু ৪ লাখ টকাৰ নিৰিখ নিৰ্ধাৰণ কৰি দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু