--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা সম্প্ৰচাৰ সেৱা নিয়ন্ত্ৰণ বিধেয়ক ২০২৪ ক লৈ চলা বিতৰ্কৰ ওৰ নপৰোতেই মঙলবাৰে উত্তৰ প্ৰদেশৰ কেবিনেটত গ্ৰহণ কৰা হৈছে নতুন ছ’চিয়েল মিডিয়া আইন৷ ফেচবুক, এক্স, ইনষ্টাগ্ৰাম, ইউটিউবকে ধৰি বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ কন্টেন্ট নিয়ন্ত্ৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ কেবিনেটে নতুন ছ’চিয়েল মিডিয়া আইন গ্ৰহণ কৰিছে

নতুন নীতিৰ অধীনত ৰাষ্ট্ৰী বিৰোধী অপত্তিজনক পোষ্ট দিয়া এক গুৰুতৰ অপৰাধ আৰু এই আপৰাধৰ শাস্তি স্বৰূপে তিনি বছৰৰ পৰা আজীৱন কাৰাদণ্ড পৰ্যন্ত হ’ব পাৰে। তদুপৰি অনলাইনত অশ্লীল কন্টেন্ট প্ৰচাৰ কৰিলে মানহানিৰ অভিযোগ উত্থাপন হ’ব পাৰে৷ নতুন নীতিৰ দ্বৰা ডিজিটেল প্লেটফৰ্মৰ অপব্যৱহাৰৰ বাবে আইনী ব্যৱস্থ গ্ৰহণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কাৰা হ’ব বুলি চৰকাৰী বিবৃতিটোত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে এনে অপৰাধমূলক কাৰ্যৰ বাবে তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৬ ই আৰু ৬৬ এফৰ অধীনত গোপনীয়তা উলংঘা আৰু চাইবাৰ আক্ৰমণৰ দৰে অপৰাধমূলক কাৰ্য সামৰি লৈছিল৷ 

এই নীতি অনুসৰি বিজ্ঞাপন নিৰিক্ষণৰ বাবে চৰকাৰে ‘ভি-ফৰ্ম’ নামৰ ডিজিটেল এজেন্সীক দায়িত্ব প্ৰদান কৰিছে সংস্থাটোৱে ভিডিঅ’, টুইট, পোষ্ট, আৰু ৰিল প্ৰদৰ্শনৰ বাবে দায়িত্বশীল হ’ব বুলি সদৰি কৰিছে চৰকাৰী বিবৃতিটোত৷ এই নতুন নীতি অনুসৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰভাৱশালী একাউণ্টৰ গৰাকী তথা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম পৰিচলকৰ বাবেও ধনৰ নিৰিখ নিৰ্ধাৰণ কৰা হৈছে। এক্স, ফেচবুক, আৰু ইনষ্টাগ্ৰামৰ বাবে মাহিলী নিৰিখৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰা হৈছে ক্ৰমে ৫ লাখ, ৪ লাখ, আৰু ৩ লাখ টকা। ইউটিউবত ভিডিঅ’, শ্বৰ্ট, আৰু প’ডকাষ্টৰ বাবে ক্ৰমে ৮ লাখ, ৭ লাখ, ৬ লাখ, আৰু ৪ লাখ টকাৰ নিৰিখ নিৰ্ধাৰণ কৰি দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ