--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ ছেপ্টেম্বৰত উদযাপন কৰা হব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। মোদীৰ জন্মদিন উপলক্ষে দেশজুৰি বিভিন্ন কাৰ্যসূচী তথা পদক্ষেপ গ্ৰহণ কৰিছে বিজেপিয়ে। প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে দিল্লীৰ এখন ৰেঁস্তোৰাই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। ৰেঁস্তোৰাখনে প্ৰস্তুত কৰিছে খাদ্যৰ এখন বিশেষ থালী। এই থালীত থাকিব  ৫৬ বিধ বিভিন্ন ধৰণৰ খাদ্য। দিল্লীৰ কনট প্লেচত আছে এই ৰেঁস্তোৰাখন। 
এই থালীত মানুহে ভেজ আৰু নন-ভেজ দুয়োটা খাদ্য খাবলৈ পাব। এই ৰেষ্টুৰেণ্টখনৰ নাম ARDOR 2.0। ৰেষ্টুৰেণ্টৰ মালিক সুমিত কালৰাই কয় ‘পিএম মোদীৰ প্ৰতি মোৰ অতি শ্ৰদ্ধা আছে।’ তেওঁ কয় যে পি এম মোডী আমাৰ দেশৰ গৌৰৱ আৰু তেওঁৰ জন্মদিনত আমি কিবা এটা অনন্য উপহাৰ দিব বিচাৰো। সেইবাবেই আমি এই গ্ৰেণ্ড থালী মুকলি কৰাৰ সিদ্ধান্ত লৈছিলো, যাৰ নাম ৰাখিলোঁ ‘৫৬ ইঞ্চি মোদী জী থালী’।

ৰেঁস্তোৰাৰ মালিক সুমিত কালৰাই কয় যে ‘‘আমি তেওঁক এই থালীখন উপহাৰ দিব বিচাৰো আৰু তেওঁ ইয়ালৈ আহি খোৱাটো বিচাৰো। কিন্তু নিৰাপত্তাজনিত কাৰণত আমি তেনে কৰিব নোৱাৰো। গতিকে তেওঁক ইমান ভালপোৱা তেওঁৰ সকলো অনুৰাগীৰ বাবে কিবা এটা কৰিব বিচাৰো। এটা বিশেষ কথাও আছে যে এই বিশেষ থালীয়ে গ্ৰাহকসকলক পুৰস্কাৰ লাভ কৰাৰো সুযোগ দিব।’’

সুমিত কালৰাই ক’লে যে ‘‘হয়, আমি এই থালিখনৰ বাবে কিছু পুৰস্কাৰ ৰখাৰ সিদ্ধান্ত লৈছো। যদি কোনোবাই ৪০ মিনিটত এই থালীখনৰ খাদ্য শেষ কৰে, তেন্তে আমি তেওঁক ছাৰে আঠ লাখ টকাৰ নগদ ধন উপহাৰ দিম। ইয়াৰ বাহিৰেও যিসকলে ১৭-২৬ ছেপ্টেম্বৰৰ ভিতৰত আমাৰ ওচৰত থালীখন খাবলৈ অহা গ্ৰাহকৰ মাজতো অনুষ্ঠিত হ’ব ‘লাকী ড্ৰ’৷ তাৰ ভিতৰত ভাগ্যৱান বিজয়ীজনে কেদাৰনাথলৈ যাত্ৰাৰ টিকট লাভ কৰিব। কাৰণ এয়া হৈছে প্ৰধানমন্ত্ৰী মোদী জীৰ অন্যতম প্ৰিয় স্থান।’’







FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী