--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ ছেপ্টেম্বৰত উদযাপন কৰা হব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। মোদীৰ জন্মদিন উপলক্ষে দেশজুৰি বিভিন্ন কাৰ্যসূচী তথা পদক্ষেপ গ্ৰহণ কৰিছে বিজেপিয়ে। প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে দিল্লীৰ এখন ৰেঁস্তোৰাই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। ৰেঁস্তোৰাখনে প্ৰস্তুত কৰিছে খাদ্যৰ এখন বিশেষ থালী। এই থালীত থাকিব  ৫৬ বিধ বিভিন্ন ধৰণৰ খাদ্য। দিল্লীৰ কনট প্লেচত আছে এই ৰেঁস্তোৰাখন। 
এই থালীত মানুহে ভেজ আৰু নন-ভেজ দুয়োটা খাদ্য খাবলৈ পাব। এই ৰেষ্টুৰেণ্টখনৰ নাম ARDOR 2.0। ৰেষ্টুৰেণ্টৰ মালিক সুমিত কালৰাই কয় ‘পিএম মোদীৰ প্ৰতি মোৰ অতি শ্ৰদ্ধা আছে।’ তেওঁ কয় যে পি এম মোডী আমাৰ দেশৰ গৌৰৱ আৰু তেওঁৰ জন্মদিনত আমি কিবা এটা অনন্য উপহাৰ দিব বিচাৰো। সেইবাবেই আমি এই গ্ৰেণ্ড থালী মুকলি কৰাৰ সিদ্ধান্ত লৈছিলো, যাৰ নাম ৰাখিলোঁ ‘৫৬ ইঞ্চি মোদী জী থালী’।

ৰেঁস্তোৰাৰ মালিক সুমিত কালৰাই কয় যে ‘‘আমি তেওঁক এই থালীখন উপহাৰ দিব বিচাৰো আৰু তেওঁ ইয়ালৈ আহি খোৱাটো বিচাৰো। কিন্তু নিৰাপত্তাজনিত কাৰণত আমি তেনে কৰিব নোৱাৰো। গতিকে তেওঁক ইমান ভালপোৱা তেওঁৰ সকলো অনুৰাগীৰ বাবে কিবা এটা কৰিব বিচাৰো। এটা বিশেষ কথাও আছে যে এই বিশেষ থালীয়ে গ্ৰাহকসকলক পুৰস্কাৰ লাভ কৰাৰো সুযোগ দিব।’’

সুমিত কালৰাই ক’লে যে ‘‘হয়, আমি এই থালিখনৰ বাবে কিছু পুৰস্কাৰ ৰখাৰ সিদ্ধান্ত লৈছো। যদি কোনোবাই ৪০ মিনিটত এই থালীখনৰ খাদ্য শেষ কৰে, তেন্তে আমি তেওঁক ছাৰে আঠ লাখ টকাৰ নগদ ধন উপহাৰ দিম। ইয়াৰ বাহিৰেও যিসকলে ১৭-২৬ ছেপ্টেম্বৰৰ ভিতৰত আমাৰ ওচৰত থালীখন খাবলৈ অহা গ্ৰাহকৰ মাজতো অনুষ্ঠিত হ’ব ‘লাকী ড্ৰ’৷ তাৰ ভিতৰত ভাগ্যৱান বিজয়ীজনে কেদাৰনাথলৈ যাত্ৰাৰ টিকট লাভ কৰিব। কাৰণ এয়া হৈছে প্ৰধানমন্ত্ৰী মোদী জীৰ অন্যতম প্ৰিয় স্থান।’’







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু