--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাৰ চৰাই শান্তিৰ প্ৰতীক৷ কিন্তু সেই শান্তিৰ প্ৰতীককেই আহাৰ দিলে এতিয়া মানুহে ভৰিব লাগিব জৰিমনা৷ দেশৰ এখন চহৰত চৰকাৰী ভাবেই জাৰি কৰা হৈছে এই সম্পৰ্কীয় নিৰ্দেশনা৷  দেশৰ এইখন  চহৰত পাৰ চৰাইক  আহাৰ দিয়াৰ বিৰুদ্ধে  নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মহাৰাষ্ট্ৰৰ থানে পৌৰ নিগমে স্পষ্ট কৰি দিছে যে চহৰ খনৰ নাগৰিকসকলে পাৰ চৰাইক কোনো ধৰণৰ  আহাৰ দিব নোৱাৰিব৷

অন্যথা বৃহৎ জৰিমনা পৰিশোধ কৰিব লাগিব। কিন্তু কি কাৰণত পাৰ চৰাইবোৰ প্ৰশাসনৰ ৰোষত পৰিছে ?থানে পৌৰ নিগমৰ মতে পাৰ চৰাইৰ বাবেই  চহৰখনত  নিউমোনিয়া আৰু অন্যান্য হাঁওফাঁওৰ ৰোগ বৃদ্ধি পাইছে। প্ৰশাসনে দাবী কৰিছে যে এনেবোৰ ৰোগ পাৰ চৰাইৰ মল আৰু পাখিৰ পৰা বিয়পি পৰিছে। মুম্বাই, থানে আৰু পুনেৰ বহু বাসিন্দাই উশাহ চুটি হোৱাৰ লক্ষণত ভুগি আছে। 

তেওঁলোকৰ বহুতে  হাঁওফাঁওৰ গুৰুতৰ ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ বাবে প্ৰশাসনে পাৰ চৰাইকে  দায়ী কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলে দাবী কৰে যে পাৰ চৰাইৰ বিষ্ঠাত  এক প্ৰকাৰৰ বেক্টেৰিয়া থাকে। ই বতাহৰ জড়িয়তে  মানুহৰ  শৰীৰত প্ৰৱেশ কৰে। এই কাৰণে পাৰ চৰাই থকা ঠাইৰ কাষত   বাস কৰা লোক বিভিন্ন ৰোগত  সংক্ৰমিত হোৱাৰ আশংকা বৃদ্ধি হয়।

থানে পৌৰ নিগমে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ পাৰ চৰাইক আহাৰ দিয়াটো বন্ধ কৰিছে৷সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ চহৰতে পোষ্টাৰ লগোৱা হৈছে, মাইকত প্ৰচাৰ চলোৱা হৈছে। কোৱা হৈছে যে চহৰখনত বাঢ়ি অহা ৰোগৰ প্ৰতি লক্ষ্য ৰাখি পাৰ চৰাইক  আহাৰ দিয়া বন্ধ কৰা হৈছে৷ যদি কোনোবাই এই নিষেধাজ্ঞা অমান্য কৰে তেন্তে  ৫০০ টকাৰ জৰিমনা বিহা  হ'ব। স্বাভাৱিকতে, যিসকলে পাৰ চৰাই ভালপায়, তেওঁলোকক এনে নিৰ্দেশনাই মনত বহু দুখ দিছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ