--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাৰ চৰাই শান্তিৰ প্ৰতীক৷ কিন্তু সেই শান্তিৰ প্ৰতীককেই আহাৰ দিলে এতিয়া মানুহে ভৰিব লাগিব জৰিমনা৷ দেশৰ এখন চহৰত চৰকাৰী ভাবেই জাৰি কৰা হৈছে এই সম্পৰ্কীয় নিৰ্দেশনা৷  দেশৰ এইখন  চহৰত পাৰ চৰাইক  আহাৰ দিয়াৰ বিৰুদ্ধে  নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মহাৰাষ্ট্ৰৰ থানে পৌৰ নিগমে স্পষ্ট কৰি দিছে যে চহৰ খনৰ নাগৰিকসকলে পাৰ চৰাইক কোনো ধৰণৰ  আহাৰ দিব নোৱাৰিব৷

অন্যথা বৃহৎ জৰিমনা পৰিশোধ কৰিব লাগিব। কিন্তু কি কাৰণত পাৰ চৰাইবোৰ প্ৰশাসনৰ ৰোষত পৰিছে ?থানে পৌৰ নিগমৰ মতে পাৰ চৰাইৰ বাবেই  চহৰখনত  নিউমোনিয়া আৰু অন্যান্য হাঁওফাঁওৰ ৰোগ বৃদ্ধি পাইছে। প্ৰশাসনে দাবী কৰিছে যে এনেবোৰ ৰোগ পাৰ চৰাইৰ মল আৰু পাখিৰ পৰা বিয়পি পৰিছে। মুম্বাই, থানে আৰু পুনেৰ বহু বাসিন্দাই উশাহ চুটি হোৱাৰ লক্ষণত ভুগি আছে। 

তেওঁলোকৰ বহুতে  হাঁওফাঁওৰ গুৰুতৰ ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ বাবে প্ৰশাসনে পাৰ চৰাইকে  দায়ী কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলে দাবী কৰে যে পাৰ চৰাইৰ বিষ্ঠাত  এক প্ৰকাৰৰ বেক্টেৰিয়া থাকে। ই বতাহৰ জড়িয়তে  মানুহৰ  শৰীৰত প্ৰৱেশ কৰে। এই কাৰণে পাৰ চৰাই থকা ঠাইৰ কাষত   বাস কৰা লোক বিভিন্ন ৰোগত  সংক্ৰমিত হোৱাৰ আশংকা বৃদ্ধি হয়।

থানে পৌৰ নিগমে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ পাৰ চৰাইক আহাৰ দিয়াটো বন্ধ কৰিছে৷সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ চহৰতে পোষ্টাৰ লগোৱা হৈছে, মাইকত প্ৰচাৰ চলোৱা হৈছে। কোৱা হৈছে যে চহৰখনত বাঢ়ি অহা ৰোগৰ প্ৰতি লক্ষ্য ৰাখি পাৰ চৰাইক  আহাৰ দিয়া বন্ধ কৰা হৈছে৷ যদি কোনোবাই এই নিষেধাজ্ঞা অমান্য কৰে তেন্তে  ৫০০ টকাৰ জৰিমনা বিহা  হ'ব। স্বাভাৱিকতে, যিসকলে পাৰ চৰাই ভালপায়, তেওঁলোকক এনে নিৰ্দেশনাই মনত বহু দুখ দিছে৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত