--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পনৌটি. যাৰ আৰক্ষৰিক অৰ্থ অশুভ লক্ষণ৷ এই এটা শব্দ ব্যৱহাৰ কৰিয়েই এতিয়া বিজেপিৰ ৰোষত পৰিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী৷ বিশ্বকাপ ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতৰ পৰাজয়ৰ পিছতে ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল যে পনৌটিৰ বাবেই অষ্ট্ৰেলিয়াই খেল খন জিকিল, নহ’লে ভাৰতেই খেল খনত বিজয়ী হ’লহেঁতেন৷ বিজেপিয়ে মোদীক উপহাস কৰি ৰাহুলে পৌনটিৰ কথা উল্লেখ কৰা বুলি ধাৰণা কৰিয়েই এতিয়া ৰাহুলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে৷  

বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে 'পনৌটি' (অশুভ লক্ষণ) শব্দ তথা পকেটমাৰ আখ্যাৰে উপহাস কৰাৰ অভিযোগ কৰি  নিৰ্বাচন আয়োগৰ ওচৰলৈ গৈছে৷ ভাৰতীয় জনতা পাৰ্টীয়ে বুধবাৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ   বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে।" আজি ৰাজস্থানৰ ভৰতপুৰত এক নিৰ্বাচনী জনসভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয়,  "পকেটমাৰে কেতিয়াও অকলে নাহে, তিনিজন লোক থাকে। এজনে সন্মুখৰ পৰা আহে, এজনে পিছফালৰ পৰা আৰু এজনে  দূৰৈত ৰৈ অপেক্ষা কৰে... প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাম হৈছে মানুহৰ মনোযোগ আঁতৰ কৰা । তেওঁ সন্মুখৰ পৰা টিভিত আহে আৰু হিন্দু-মুছলমান, বিমুদ্ৰাকৰণ তথা  জিএছটিৰ দৰে বিষয়সমূহ উত্থাপন কৰি ৰাইজক বিচলিত কৰে। ইফালে, আদানীয়ে পিছফালৰ পৰা আহি টকা খিনি লৈ যায়।"

 ৰাহুলৰ এনে মন্তব্যৰ পিছতে নিৰ্বাচনী আয়োগলৈ লিখা এখন পত্ৰত বিজেপিয়ে লিখিছে, "এজন প্ৰধানমন্ত্ৰীক পকেটমাৰ আৰু 'পনৌটি'ৰ সৈতে তুলনা কৰাটো এজন জ্যেষ্ঠ নেতাৰ বাবে আটাইতকৈ অশোভনীয় কথা আৰু ই ৰাজনৈতিক ক্ষেত্ৰ খনত অশুভ প্ৰভাৱ পেলাব৷ " যিকোনো ব্যক্তিক পকেটমাৰ বুলি কোৱাটো  ব্যক্তিগত আক্ৰমণৰ সমান হোৱাৰ লগতে সেই ব্যক্তিজনৰ চৰিত্ৰহননৰো অপচেষ্টা বুলি বিজেপিয়ে উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক