--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পনৌটি. যাৰ আৰক্ষৰিক অৰ্থ অশুভ লক্ষণ৷ এই এটা শব্দ ব্যৱহাৰ কৰিয়েই এতিয়া বিজেপিৰ ৰোষত পৰিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী৷ বিশ্বকাপ ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতৰ পৰাজয়ৰ পিছতে ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল যে পনৌটিৰ বাবেই অষ্ট্ৰেলিয়াই খেল খন জিকিল, নহ’লে ভাৰতেই খেল খনত বিজয়ী হ’লহেঁতেন৷ বিজেপিয়ে মোদীক উপহাস কৰি ৰাহুলে পৌনটিৰ কথা উল্লেখ কৰা বুলি ধাৰণা কৰিয়েই এতিয়া ৰাহুলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে৷  

বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে 'পনৌটি' (অশুভ লক্ষণ) শব্দ তথা পকেটমাৰ আখ্যাৰে উপহাস কৰাৰ অভিযোগ কৰি  নিৰ্বাচন আয়োগৰ ওচৰলৈ গৈছে৷ ভাৰতীয় জনতা পাৰ্টীয়ে বুধবাৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ   বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে।" আজি ৰাজস্থানৰ ভৰতপুৰত এক নিৰ্বাচনী জনসভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয়,  "পকেটমাৰে কেতিয়াও অকলে নাহে, তিনিজন লোক থাকে। এজনে সন্মুখৰ পৰা আহে, এজনে পিছফালৰ পৰা আৰু এজনে  দূৰৈত ৰৈ অপেক্ষা কৰে... প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাম হৈছে মানুহৰ মনোযোগ আঁতৰ কৰা । তেওঁ সন্মুখৰ পৰা টিভিত আহে আৰু হিন্দু-মুছলমান, বিমুদ্ৰাকৰণ তথা  জিএছটিৰ দৰে বিষয়সমূহ উত্থাপন কৰি ৰাইজক বিচলিত কৰে। ইফালে, আদানীয়ে পিছফালৰ পৰা আহি টকা খিনি লৈ যায়।"

 ৰাহুলৰ এনে মন্তব্যৰ পিছতে নিৰ্বাচনী আয়োগলৈ লিখা এখন পত্ৰত বিজেপিয়ে লিখিছে, "এজন প্ৰধানমন্ত্ৰীক পকেটমাৰ আৰু 'পনৌটি'ৰ সৈতে তুলনা কৰাটো এজন জ্যেষ্ঠ নেতাৰ বাবে আটাইতকৈ অশোভনীয় কথা আৰু ই ৰাজনৈতিক ক্ষেত্ৰ খনত অশুভ প্ৰভাৱ পেলাব৷ " যিকোনো ব্যক্তিক পকেটমাৰ বুলি কোৱাটো  ব্যক্তিগত আক্ৰমণৰ সমান হোৱাৰ লগতে সেই ব্যক্তিজনৰ চৰিত্ৰহননৰো অপচেষ্টা বুলি বিজেপিয়ে উল্লেখ কৰে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
আধাৰ কাৰ্ড থাকিলেও হ’ব পাৰে ডাঙৰ সমস্যা! শীঘ্ৰেই কৰক এই কাম...
ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে...
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু