--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: প্ৰথমবাৰলৈ হোৱাইট হাউছত এক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ। বৈঠকৰ পাছতে কমলা হেৰিছক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিশেষ উপহাৰ দিয়ে । ভাৰতীয় মূলৰ কমলা হেৰিছক তেওঁৰ ককাদেউতাকৰ সৈতে সম্পৰ্কিত এক বিশেষ উপহাৰ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। উপহাৰৰ ভিতৰত আছিল কাঠেৰে নিৰ্মিত বিশেষ ফ্ৰেম আৰু মীনাকৰা দবা খেলৰ ছেট।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকত ভাৰত আৰু আমেৰিকাক প্ৰাকৃতিক অংশীদাৰ বুলি অভিহিত কৰিছিল । বৈঠকত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাত গুৰুত্ব দিয়াৰ লগতে পাৰস্পৰিক আৰু গোলকীয় স্বাৰ্থৰ বিষয়সমূহ আলোচনা কৰে ।


উল্লেখ্য যে, হেৰিছৰ ককাদেউতাক পি ভি গোপালন ভাৰতৰ এগৰাকী জ্যেষ্ঠ আৰু সন্মানীয় চৰকাৰী বিষয়া আছিল যি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল। ককাদেউতাকৰ সৈতে সম্পৰ্কিত পুৰণি জাননীৰ এটা প্ৰতিলিপি কাঠৰ হস্তশিল্পৰ ফ্ৰেমত উপস্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হেৰিছক উপহাৰ দিয়ে । ইফালে পুৰণি চহৰ আৰু প্ৰধানমন্ত্ৰীৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাৰাণসীৰ এক বিখ্যাত শিল্পকলা হৈছে 'গুলাবি মীনাকাৰী' ফালে আমেৰিকা ভ্ৰমণৰ সময়ত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনক 'ৰূপালী গুলাবি মীনাকাৰী জাহাজ' উপহাৰ দিয়াৰ লগতে জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাক এটা চন্দন কাঠৰ বুদ্ধৰ মূৰ্তি উপহাৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে । উল্লেখ্য যে কমলা হেৰিছৰ সৈতে বৈঠকত মিলিত হোৱাৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন আৰু জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে ছুগাৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয় । ইফালে, এই ভ্ৰমণত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতেও প্ৰথমখন বৈঠকত মিলিত হোৱাৰ লগতে কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ