--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: প্ৰথমবাৰলৈ হোৱাইট হাউছত এক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ। বৈঠকৰ পাছতে কমলা হেৰিছক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিশেষ উপহাৰ দিয়ে । ভাৰতীয় মূলৰ কমলা হেৰিছক তেওঁৰ ককাদেউতাকৰ সৈতে সম্পৰ্কিত এক বিশেষ উপহাৰ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। উপহাৰৰ ভিতৰত আছিল কাঠেৰে নিৰ্মিত বিশেষ ফ্ৰেম আৰু মীনাকৰা দবা খেলৰ ছেট।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকত ভাৰত আৰু আমেৰিকাক প্ৰাকৃতিক অংশীদাৰ বুলি অভিহিত কৰিছিল । বৈঠকত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাত গুৰুত্ব দিয়াৰ লগতে পাৰস্পৰিক আৰু গোলকীয় স্বাৰ্থৰ বিষয়সমূহ আলোচনা কৰে ।


উল্লেখ্য যে, হেৰিছৰ ককাদেউতাক পি ভি গোপালন ভাৰতৰ এগৰাকী জ্যেষ্ঠ আৰু সন্মানীয় চৰকাৰী বিষয়া আছিল যি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল। ককাদেউতাকৰ সৈতে সম্পৰ্কিত পুৰণি জাননীৰ এটা প্ৰতিলিপি কাঠৰ হস্তশিল্পৰ ফ্ৰেমত উপস্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হেৰিছক উপহাৰ দিয়ে । ইফালে পুৰণি চহৰ আৰু প্ৰধানমন্ত্ৰীৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাৰাণসীৰ এক বিখ্যাত শিল্পকলা হৈছে 'গুলাবি মীনাকাৰী' ফালে আমেৰিকা ভ্ৰমণৰ সময়ত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনক 'ৰূপালী গুলাবি মীনাকাৰী জাহাজ' উপহাৰ দিয়াৰ লগতে জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাক এটা চন্দন কাঠৰ বুদ্ধৰ মূৰ্তি উপহাৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে । উল্লেখ্য যে কমলা হেৰিছৰ সৈতে বৈঠকত মিলিত হোৱাৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন আৰু জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে ছুগাৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয় । ইফালে, এই ভ্ৰমণত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতেও প্ৰথমখন বৈঠকত মিলিত হোৱাৰ লগতে কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু