--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৭ ছেপ্টেম্বৰত ৭৪ সংখ্যক জন্মদিন পালন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজমেৰ শ্বৰীফ দৰগাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে এক ডাঙৰ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্টেম্বৰত আজমেৰৰ শ্বৰীফ দৰগাহত ৪০০০ কেজি নিৰামিষ খাদ্যৰ প্ৰস্তুত কৰি বিতৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আৰু সেৱা পষেকৰ লগত সংগতি ৰাখি আজমেৰৰ দৰগাহ শ্বৰীফত খাদ্য বিতৰণ কৰা হ’ব।৫৫০ বছৰতকৈও অধিক সময় ধৰি দৰগাহৰ সেৱা পষেক পৰম্পৰা চলি আহিছে বুলি সদৰি কৰিছে দৰগাহৰ কাৰ্য্যকৰ্তাসকলে।আজমেৰ শ্বৰীফৰ চৈয়দ আফছান চিষ্টীয়ে সদৰি কৰে যে দেশৰ ধৰ্মীয় স্থানত সেৱা কাৰ্যসূচীৰ আয়োজন কৰা হ’ব প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনটোত। চৈয়দ আফছান চিষ্টীয়ে কয় যে প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিনত আমিও দীৰ্ঘায়ু কামনা কৰিছো। ইণ্ডিয়ান মাইনোৰিটি ফাউণ্ডেশ্যন আৰু আজমেৰ শ্বৰীফৰ চিষ্টি ফাউণ্ডেশ্যনৰ উদ্যোগত এই সেৱা কাৰ্যসুচী গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰিছে।

দৰগাহৰ কাৰ্য্যকৰ্তাসকলে কয় যে সমগ্ৰ প্ৰক্ৰিয়াটো পৰম শ্ৰদ্ধা আৰু আদৰৰে কৰা হ’ব। বিশেষ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শান্তি, সমৃদ্ধি আৰু মংগলাৰ্থে প্ৰাৰ্থনা কৰা হ’ব। উল্লেখযোগ্য যে ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত সুভদ্ৰা আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ ধন পৰিশোধ কৰিব বুলিও জানিব পৰা গৈছে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক