--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৭ ছেপ্টেম্বৰত ৭৪ সংখ্যক জন্মদিন পালন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজমেৰ শ্বৰীফ দৰগাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে এক ডাঙৰ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্টেম্বৰত আজমেৰৰ শ্বৰীফ দৰগাহত ৪০০০ কেজি নিৰামিষ খাদ্যৰ প্ৰস্তুত কৰি বিতৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আৰু সেৱা পষেকৰ লগত সংগতি ৰাখি আজমেৰৰ দৰগাহ শ্বৰীফত খাদ্য বিতৰণ কৰা হ’ব।৫৫০ বছৰতকৈও অধিক সময় ধৰি দৰগাহৰ সেৱা পষেক পৰম্পৰা চলি আহিছে বুলি সদৰি কৰিছে দৰগাহৰ কাৰ্য্যকৰ্তাসকলে।আজমেৰ শ্বৰীফৰ চৈয়দ আফছান চিষ্টীয়ে সদৰি কৰে যে দেশৰ ধৰ্মীয় স্থানত সেৱা কাৰ্যসূচীৰ আয়োজন কৰা হ’ব প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনটোত। চৈয়দ আফছান চিষ্টীয়ে কয় যে প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিনত আমিও দীৰ্ঘায়ু কামনা কৰিছো। ইণ্ডিয়ান মাইনোৰিটি ফাউণ্ডেশ্যন আৰু আজমেৰ শ্বৰীফৰ চিষ্টি ফাউণ্ডেশ্যনৰ উদ্যোগত এই সেৱা কাৰ্যসুচী গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰিছে।

দৰগাহৰ কাৰ্য্যকৰ্তাসকলে কয় যে সমগ্ৰ প্ৰক্ৰিয়াটো পৰম শ্ৰদ্ধা আৰু আদৰৰে কৰা হ’ব। বিশেষ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শান্তি, সমৃদ্ধি আৰু মংগলাৰ্থে প্ৰাৰ্থনা কৰা হ’ব। উল্লেখযোগ্য যে ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত সুভদ্ৰা আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ ধন পৰিশোধ কৰিব বুলিও জানিব পৰা গৈছে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু