--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুজৰাটৰ কচ্চত ধৰাসাৰ বৰষুণৰ পাছত ৰহস্যজনক ৰোগত আক্ৰান্ত হৈ ছদিনত পোন্ধৰজনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ চণ্ডীপুৰা ভাইৰাছৰ পাছত ৰহস্যজনক ৰোগত আক্ৰান্ত হৈ পোন্ধৰজনকৈ লোকৰ মৃত্যু গুজৰাটৰ বিষয়াসকলৰ মাজত উদ্দেগৰ  সৃষ্টি কৰিছে। 

গুজৰাটৰ কচ্চত জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এই অঞ্চলত বিয়পি পৰিছে ৰহস্যময় ৰোগ৷ এই ৰোগে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে।তথ্য অনুসৰি এই অজ্ঞাত ৰোগৰ বাবে লখপট আৰু আবদাছা অঞ্চলত ১৫ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। স্বাস্থ্য বিষয়া আৰু জিলা স্বাস্থ্য আয়ুক্তই এই সন্দৰ্ভত তদন্তৰ বাবে নিৰীক্ষণ কৰি আছে। অজ্ঞাত ৰোগৰ বিষয়ে অধিক তথ্য সংগ্ৰহ তথা স্বাস্থ্যৰ অৱস্থা উন্নত কৰাৰ বাবে সন্দেহযুক্ত ৰোগীৰ নমুনা পৰীক্ষাৰ বাবে পুনেলৈ প্ৰেৰণ কৰা হৈছে।

ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই অহাৰ বাবে গুজৰাটৰ স্বাস্থ্যমন্ত্ৰী ৰুষিকেশ পেটেলে লখপট অঞ্চলত পৰিস্থিতিৰ বুজ ল’ব। আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ’ব। এই বৈঠকত শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰু কচ্চ জিলাৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী প্ৰফুল্ল পাঞ্চেৰিয়াও উপস্থিত থাকিব। তেওঁলোকে একেলগে লখপট আৰু আবদাছা অঞ্চলৰ সন্দেহযুক্ত ৰোগ সন্দৰ্ভত বিশদ পৰ্যালোচনা কৰিব। উল্লেখযেগ্য যে অজ্ঞাত ৰোগত মৃত্যু হোৱা আটাইকেইগৰাকী  জাট মালধাৰী জনগোষ্ঠীৰ বুলি জানিব পৰা গৈছে৷ এই জ্বৰৰ লক্ষণসমূহ নিউমোনাইটিছৰ দৰেই যদিও ৰেপিড ৰেচপন্স টিমে মৃত্যুৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ পৰীক্ষা নিৰীক্ষা চলাই আছে।

গুজৰাট চৰকাৰে নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীক ক্ৰিমিয়ান-কংগো হেমৰেজিক ফিভাৰ(CCHF), স্ক্ৰাব টাইফাছ, চণ্ডীপুৰা ভেচিকুলোভাইৰাছ CHPV), জাপানীজ এনকেফেলাইটিছ আৰু প্লেগকে ধৰি বিভিন্ন ৰোগ হ’ব পৰা জীৱাণুৰ নমুনা পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক