--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অলপতে প্ৰধানমন্ত্ৰীৰ অফিচিয়েল ৱেবছাইটে প্ৰকাশ কৰে নৰেন্দ্ৰ মোডীৰ সম্পত্তিৰ তালিকা৷ এই তালিকা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ২০২১-২২ চনত ২৬.১৩ লাখ টকা বৃদ্ধি পাইছে। আনফালে গুজৰাটত এক  আৱাসী ভূমি দানৰ পিছতেই এতিয়া তেওঁৰ কোনো সম্পত্তিৰ মালিক নহয় বুলি পি এম অ’ ৱেবছাইটে স্পষ্টীকৰণ দিয়ে৷ 

চলিত বৰ্ষৰে ৩১ মাৰ্চত প্ৰকাশিত তথ্য অনুসৰি প্ৰধানমন্ত্ৰীজনৰ স্থাৱৰ সম্পত্তিৰ মূল্য আছিল ১,৯৭,৬৮,৮৮৫ টকা৷ ২০২১ চনত তেওঁৰ সম্পত্তিৰ মূল্য আছিল ২,২৩,৮২,৫০৪ টকা৷তেওঁৰ এই সম্পত্তি সমূহ বেংক জমা, জীৱন বীমা, ৰাষ্ট্ৰীয় জমা প্ৰমাণপত্ৰ, নগদ ধন, আ-অলংকাৰ আদি ৰূপত আছে৷ 

এই অফিচিয়েল ৱেবচাইটটোৱে উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰীৰ সম্পত্তিৰ পৰিমাণ হৈছে - “শূন্য”৷
প্ৰকাশিত তথ্য অনুসৰি এই সম্পত্তি সমূহ প্ৰধানমন্ত্ৰীজনে ২০০২ চনৰ ২৫ অক্টোবৰত আন তিনিজন মালিকৰ সৈতে যুটীয়াভাৱে লাভ কৰছিল৷ আজিৰ পৰা ২০ বছৰ পূৰ্বে এই সম্পত্তিৰ মূল্য আছিল ১,৩০,৪৮৮ টকা আৰু সেই ধনৰাশি বৃদ্ধি পাই ২,৪৭,২০৮ টকা হৈছে৷

প্ৰধানমন্ত্ৰীৰ সম্পত্তিৰ তালিকা বিশ্লেষণ কৰি জানিব পৰা গৈছে যে তেওঁৰ হাতত নগদ ধনৰ পৰিমাণ  হ্ৰাস পাইছে৷ বিগত বৰ্ষৰ ৩৬,৯০০ টকাৰ পৰা বৰ্তমান নগদ ধন হৈছেগৈ ৩৫,২৫০ টকা। লগতে তেওঁৰ বেংকত সঞ্চিত ধনৰ পৰিমাণ ৪৬,৫৫৫ টকাৰ পৰা ১,৫২,৪৮০ টকা হৈছেগৈ৷ 

প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় চেভিংচ চাৰ্টিফিকেটৰ মূল্য ৯,০৫,১০৫ ৰ পৰা ৮,৯৩,২৫১ লৈ বৃদ্ধি পাইছে। একেসময়তে তেওঁৰ জীৱন বীমা সমূহৰ মূল্য ১,৫০,৯৫৭ ৰ পৰা ১,৮৯,৩০৫ টকালৈ বৃদ্ধি হৈছে৷ 

প্ৰধানমন্ত্ৰীৰ অফিচিয়েল ৱেবচাইটে নৰেন্দ্ৰ মোদীৰ উপৰিও আন দহজন কেন্দ্ৰীয় মন্ত্ৰীৰ সম্পত্তিৰ তালিকা প্ৰকাশ কৰিছে৷ এই মন্ত্ৰী সকলৰো সম্পত্তিৰ পৰিমাণ পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ