--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অলপতে প্ৰধানমন্ত্ৰীৰ অফিচিয়েল ৱেবছাইটে প্ৰকাশ কৰে নৰেন্দ্ৰ মোডীৰ সম্পত্তিৰ তালিকা৷ এই তালিকা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ২০২১-২২ চনত ২৬.১৩ লাখ টকা বৃদ্ধি পাইছে। আনফালে গুজৰাটত এক  আৱাসী ভূমি দানৰ পিছতেই এতিয়া তেওঁৰ কোনো সম্পত্তিৰ মালিক নহয় বুলি পি এম অ’ ৱেবছাইটে স্পষ্টীকৰণ দিয়ে৷ 

চলিত বৰ্ষৰে ৩১ মাৰ্চত প্ৰকাশিত তথ্য অনুসৰি প্ৰধানমন্ত্ৰীজনৰ স্থাৱৰ সম্পত্তিৰ মূল্য আছিল ১,৯৭,৬৮,৮৮৫ টকা৷ ২০২১ চনত তেওঁৰ সম্পত্তিৰ মূল্য আছিল ২,২৩,৮২,৫০৪ টকা৷তেওঁৰ এই সম্পত্তি সমূহ বেংক জমা, জীৱন বীমা, ৰাষ্ট্ৰীয় জমা প্ৰমাণপত্ৰ, নগদ ধন, আ-অলংকাৰ আদি ৰূপত আছে৷ 

এই অফিচিয়েল ৱেবচাইটটোৱে উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰীৰ সম্পত্তিৰ পৰিমাণ হৈছে - “শূন্য”৷
প্ৰকাশিত তথ্য অনুসৰি এই সম্পত্তি সমূহ প্ৰধানমন্ত্ৰীজনে ২০০২ চনৰ ২৫ অক্টোবৰত আন তিনিজন মালিকৰ সৈতে যুটীয়াভাৱে লাভ কৰছিল৷ আজিৰ পৰা ২০ বছৰ পূৰ্বে এই সম্পত্তিৰ মূল্য আছিল ১,৩০,৪৮৮ টকা আৰু সেই ধনৰাশি বৃদ্ধি পাই ২,৪৭,২০৮ টকা হৈছে৷

প্ৰধানমন্ত্ৰীৰ সম্পত্তিৰ তালিকা বিশ্লেষণ কৰি জানিব পৰা গৈছে যে তেওঁৰ হাতত নগদ ধনৰ পৰিমাণ  হ্ৰাস পাইছে৷ বিগত বৰ্ষৰ ৩৬,৯০০ টকাৰ পৰা বৰ্তমান নগদ ধন হৈছেগৈ ৩৫,২৫০ টকা। লগতে তেওঁৰ বেংকত সঞ্চিত ধনৰ পৰিমাণ ৪৬,৫৫৫ টকাৰ পৰা ১,৫২,৪৮০ টকা হৈছেগৈ৷ 

প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় চেভিংচ চাৰ্টিফিকেটৰ মূল্য ৯,০৫,১০৫ ৰ পৰা ৮,৯৩,২৫১ লৈ বৃদ্ধি পাইছে। একেসময়তে তেওঁৰ জীৱন বীমা সমূহৰ মূল্য ১,৫০,৯৫৭ ৰ পৰা ১,৮৯,৩০৫ টকালৈ বৃদ্ধি হৈছে৷ 

প্ৰধানমন্ত্ৰীৰ অফিচিয়েল ৱেবচাইটে নৰেন্দ্ৰ মোদীৰ উপৰিও আন দহজন কেন্দ্ৰীয় মন্ত্ৰীৰ সম্পত্তিৰ তালিকা প্ৰকাশ কৰিছে৷ এই মন্ত্ৰী সকলৰো সম্পত্তিৰ পৰিমাণ পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক